Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Ad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

সাধু কথাৰ টোপোলা : কেইবাটাও সাধু কণমানিহঁতৰ বাবে

সাধু কথাৰ টোপোলা : কেইবাটাও সাধু কণমানিহঁতৰ বাবে।







শিৱ-পাৰ্বতী আৰু এটা শিয়ালৰ সাধু



 
 এখন হাবিত এটা শিয়াল আছিল। তেতিয়াৰ দিনত শিয়ালবিলাকে যেনিয়ে-তেনিয়ে পিন পিনাই ফুৰিছিল। সেই যে ‘হুৱা-হুৱা, ক্যায়া হুৱা, ৰাজা হুৱা’ সাধুটো মনত নাই জানো? আজিকালি কিন্তু শিয়াল দেখিবলৈকে নাইকিয়া হ’ল। মানুহ যে ইমান নিষ্ঠুৰ, খেদি খেদি শিয়াল মাৰে।

 তাৰ পিছত কি হ’ল জানা? এদিন শিয়ালটোক ভোকে শানে কটাদি কাটিছে। গোটেইখন বিচাৰি চলাথ কৰিও সি ক'তো খুদকণ এটাও মুখত দিবলৈ পোৱা নাই। তেনেতে এঠাইত সি মৰা ঘোঁৰা এটা দেখিলে ৷ গতিকে তাৰ বাবে গাখীৰতে ম'হৰ খুঁটি। সি ঘোঁৰাটোৰ পেটৰ ভিতৰৰ কোমল নাৰী-ভুৰুবোৰ প্ৰথমে দকচি কচি খাবলৈ ধৰিলে৷ খাই খাই সি পেটৰ ভিতৰলৈ সোমাই গ'ল। সেইদিনা ভীষণ চোকা ৰ’দ দিছিল। ঘোঁৰাটোৰ ছালচটা ৰ'দত চেপেটা লাগিল। বপুৰা শিয়ালটো ওলাব নোৱৰা হৈ মহা পয়মাল ঘটিল। তেনেতে সেইপিনে শিৱ আৰু পাৰ্বতী কথা পাতি পাতি ফুৰিবলৈ গৈছিল।

 “মোৰ ৰাজ্যত কোনে কথা পাতিছে?'—শিয়ালে ক’লে।

 ‘আমি শিৱ আৰু পাৰ্বতী’—ভগৱান শিৱই ক’লে।

 “তোমালোক শিৱ-পাৰ্বতী নহয়, মোক ভুচুং পহু সজাইছা’—শিয়ালে ক'লে।

 ‘সইত সইত, তিনি সইত খাইছোঁ। আমিয়েই শিৱ-পাৰ্বতী’—শিৱই ক’লে।

 ‘তেন্তে বৰষুণ এজাক দি দেখুওৱা। তেহে সঁচা-মিছা প্ৰমাণ হ'ব?'—শিয়ালে ক'লে।

 মুহূৰ্ততে শিৱই এজাক বৰষুণ দিয়ালে। মৰা ঘোঁৰাৰ ছালখন কোমল হ’ল। শিয়ালটো ওলাই ভিৰাই লৰ মাৰিলে। বন্য প্ৰাণীবোৰৰ ভিতৰত শিয়াল সঁচাই বৰ ধূৰ্ত। অকণিহঁত, তোমালোকে ভিৰাই লৰ মৰা, ভুচুং পহু সজোৱা, ভোকে শানে কটা, গাখীৰতে ম'হৰ খুঁটি—এই জঁটুৱা ঠাঁচকেইটাৰে একোটা বাক্য ৰচনা কৰিবা। নোৱাৰিলে ছাৰ, বাইদেউৰাক সুধি ল’বা।




জলদস্যু, মইনা চৰাই আৰু
সেউজীয়া অৰণ্যৰ সাধু



 

 অকণিহঁত, মইনা চৰাইৰ সুললিত মাত তোমালোকে নিশ্চয় শুনিছা। নুশুনিলেও আচৰিত হ'ব লগা একো নাই। কাৰণ, গছ থাকিলেহে মইনাই তাতে পৰি সুমধুৰ গীত জুৰিব। বাগিকুঠাৰ মাৰি আমাৰ অৰণ্যৰ বুকু তহিলং কৰা নাই জানো? কিন্তু এসময়ত আমাৰ চৌপাশ গছ-গছনিৰে ভৰি আছিল। সেই কাৰণে মইনা চৰাইও য’তে-ত’তে দেধাৰ আছিল। সেই কাৰণে মানুহৰ নাম থৈছিল ‘মইনা’, ‘মইনাজান’, ‘মইনামতী’ ইত্যাদি। ঠাইৰ নাম থৈছিল মইনাপাৰা, মইনাগুৰি ইত্যাদি। ভূপেনদায়ো গাইছিল, ‘মইনাজান, মইনাজান ..।



 এতিয়া মইনা চৰাইৰ সাধু এটা কওঁ শুনা। সূৰ্যদ্বীপ নামৰ এখন ৰাজ্য আছিল। সেই ৰাজ্যৰ অধিপতি মাংলু আৰু তেওঁৰ চৰ্দাৰসকল। এদিন সেই ৰাজ্যত এটা জলদস্যুৰ প্ৰৱেশ ঘটিল। বপুৰাৰ হাতত এটা মইনা চৰাই। চৰাইটোৱে হিয়া শাঁত পৰাকৈ গীত গাব পাৰে। জলদস্যুৱে মাংলু আৰু তেওঁৰ চৰ্দাৰহঁতক মইনা চৰাইটোৰ দৰে গীত গাবলৈ ক'লে। তেওঁলোকে নোৱাৰিলে, ঠোঁট-মুখ চেলেকিলে। জলদস্যুৱে আটাইকেইজনকে বন্দী কৰিলে আৰু কলখোৱা ধাতু বাজ কৰাৰ ভাবুকি দিলে। তেনেতে, চৰ্দাৰৰ ল'ৰা-ছোৱালীকেইটাই জলকুঁৱৰীৰ সহায়ত এখন সেউজীয়া চালে চকুৰোৱা উদ্যান পাতিলে। উদ্যানত মইনা চৰাইটোৱে আপোনমনে প্ৰাণ খুলি গান গালে। জলদস্যুৱে বুজিলে যে প্ৰাকৃতিক

পৰিৱেশেৰেহে হৃদয় জিনিব পাৰি, হিংসাৰে নহয়। তেওঁ মাংলু, চৰ্দাৰ আৰু মইনা চৰাই⸺আটাইকে মুকলি কৰি দিলে। অকণিহঁত, তোমালোকে ‘বাগিকুঠাৰ মৰা’, ‘তহিলং কৰা’ এই খণ্ডবাক্যকেইটাৰে একোটা বাক্য ৰচনা কৰিবা। নোৱাৰিলে ছাৰ-বাইদেউৰাক সুধি ল’বা।





বান্দৰ আৰু দোলনা



 
 পুৰণি দিনৰ কথা। এটা বান্দৰে এখন অৰণ্যত এখন দোলনা সাজি লৈছিল। বান্দৰবিলাক এনেও বৰ বুধিয়ক, মানুহৰ পূৰ্ব পুৰুষহে। তাৰ পিছত কি হ’ল জানা?

 বান্দৰটোৱে সেই দোলনাখনতে দুলি দুলি ধেমালি কৰে আৰু গায়—আহাঁ বতাহ আঁহা/উত্তৰ দিশৰপৰা আহাঁ.../ মোৰ কাষলৈ আহাঁ।

 এদিন তেনেদৰে বান্দৰটোৱে গান গাই খেলি আছে। তেনেতে তাৰ চকুযোৰ তিৰবিৰাই উঠিল। সি দেখিবলৈ পালে যে ক’ৰবাৰপৰা ভালুক এটা তাক লক্ষ্য কৰি আহি আছে। ভালুকটোৱে তাক ক’লে—‘তোমাৰ দোলনাখনত দুলিবলৈ মোৰ বৰ মন গৈছে।’



 তেতিয়া বান্দৰটোৱে ক'লে—‘ঠিক আছে ভালুক মোমাইদেউ। দুলিবলৈ ইচ্ছা কৰিছা যেতিয়া দোলা। কিন্তু তুমি যিহে গধূৰ, ভয়হে লাগে পাই। মই ওপৰলৈ গৈ চাই আহোঁগৈ ৰছীডাল ঠিক হৈ আছেনে নাই। ছিগিবলৈ হ’লে সৰ্বনাশ হ’ব। তোমাৰ কলখোৱা ধাতু বাজ হ’ব।’

 দোলনাখনৰ ৰছী দুডাল আছিল দুডাল লতা। গতিকে সি ওপৰলৈ উঠি গৈ এডাল লতা দাঁতেৰে কামুৰি ছিগোঁ ছিগোঁ কৰি থৈ আহিল। তাৰ পিছত তললৈ নামি আহি ভালুকটোক ক’লে, ‘মোমাই, এতিয়া তুমি দুলিব পাৰা, সকলো ঠিকে আছে।’

 কথামতেই কাম। বপুৰা ভালুকে দোলনাত বহি দুলি দুলি বান্দৰে গোৱা গানটোকে জুৰিছে—‘আহাঁ, বতাহ আহাঁ ...।’ তেনেতে ঘটিল নহয় পয়মালটো। লতাৰে তৈয়াৰী ৰছী ছিগি বেচেৰা ভালুকটো ধা-উ-প্‌কৈ মাটিত পৰি কেঁকাবলৈ ধৰিলে।

 এথেকেচা ভালকৈ পাই ভালুকে দাঁত-মূৰ কৰচি বান্দৰটোলৈ চোঁচা ল’লে। বান্দৰে বােলে, ‘মােমাই কি কৰা, কি কৰা। তুমি পৰা শুনি মইতাে তােমাক সহায় কৰিবলৈকে আহিছোঁ। খং নকৰিবা। মই তােমাৰ খােৱাৰ যােগাৰ কৰোঁ। তুমি খাব পাৰিবানে?’

 ভালুকে ক’লে, ‘কিয় নােৱাৰিম? আনগৈ যা।’

 চকুৰ পচাৰতে বান্দৰে কিছু খােৱা বস্তু যােগাৰ কৰি আনিলে। আনি ভালুকক কলে—‘মােমাই, খােৱা বস্তু আনিছোঁ; কিন্তু দিবলৈ বাচনহে নাই। তােমাৰ পেটৰ ছালখনকে কোঁচাই দিয়া, তাতে ঢালি দিওঁ, খাই শান্তি পাবা।’

 ভালুকে তাৰ পেটৰ ছালখন কোঁচাই খােৰােং এটা কৰি দিলে। বান্দৰে তাতে বাঘৰ মাংসৰ গৰম আঞ্জা ঢালি দিলে। যন্ত্রণাত গগন ফালি ভালুকটো তাৰ পৰা গুচি গ’ল।

 অকণিহঁত, তােমালােকে চকুৰ পচাৰতে, গগন ফলা, কলখােৱা ধাতু বাজ হােৱা—এই খণ্ড বাক্যকেইটাৰ অৰ্থ শিকি একোটা বাক্য ৰচনা কৰিবাহঁক। নােৱাৰিলে ছাৰ, বাইদেউৰাহঁতক সুধি ল’বা ৷





দুজন ককাই-ভাই আৰু উৰণীয়া ঘোঁৰা



 
 এখন গাঁৱত ছুৰা আৰু নহায়া নামৰ দুই ককাই-ভায়ে একেলগে বাস কৰিছিল। দুই ককাই-ভাই নলে-গলে লগা বন্ধুৰ দৰে। পৰস্পৰে ছাঁটোৰ দৰে লাগি ফুৰে। তেওঁলোকৰ গাঁৱৰ ওচৰতে পৰ্বত এখন আছিল। পৰ্বতখনলৈ বেছি দূৰ নহয়, ধৰা তামোল এখন খোৱা পৰৰ বাট।

 তেওঁলোকে অহুকাণে-পহুকাণে শুনিবলৈ পালে বোলে পৰ্বতৰ টিঙত এটা বগা উৰণীয়া ঘোঁৰা আছে। মন গ’লেই ঘোঁৰাটোৱে পাখি মেলি চৰাইৰ দৰে আকাশত বিচৰণ কৰি ফুৰে। দুই ককাই-ভায়ে মনতে থিৰাং কৰিলে উৰণীয়া ঘোঁৰাটো ধৰি ঘৰলৈ আনি পোহ মনাব লাগিব। কথা মতেই কাম। গ’ল দুই ককাই-ভাই ঘোঁৰাটো বিচাৰি। সেইমতে পালেগৈও। ঘোঁৰাটো তেতিয়া ঠিক উৰোঁ উৰোঁ হৈছে আৰু হাতত সাৰে ভৰিত সাৰে দুয়ো ককাই-ভাই আগবাঢ়ি গ'ল। ঘোঁৰাটোৰ পাছ ঠেং দুখনত ছুৰাই খামোচ মাৰি ধৰিলে। নাহায়াই কি কৰিলে জানা? ছুৰাৰ কঁকালতে গবা মাৰি ধৰিলে। ঘোঁৰাও যে আৰু। দুয়োকে লৈ আকাশত উৰিবলৈ ধৰিলে। অলপ পৰৰ পিছত ছুৰাৰ কঁকাল বিষ হ’ল নহয়। নহ’বনো কিয়? এই কাণসমনীয়া ভায়েক নাহয়া কঁকালত চীনা জোক লগা দি লাগি আছে। ইফালে, বিজুলী বেগেৰে ঘোঁৰা আকাশত উৰি আছে, ধেমালি কথা? তেহে বোলে, ‘নাহায়া, তুমি মোৰ কঁকাল এৰি দিয়া, ঘোঁৰাটোৰ বাকী দুখন ঠেঙত ধৰা, সুবিধা হ’ব।" ক’ত মানে নাহায়াই? বোলে, ‘আকাশত সেইবোৰ সালসলনি কৰি বাটৰ কচু গাত ঘঁহি ল'ম কিয়? এনেকৈয়ে হ’ব।’ ছুৰাই তিনিবাৰ ক'লে, নাহায়াই কেট্‌-কুট নকৰিলে। ছুৰাই হাত এৰি দিলে। দুয়ো ধাউম্‌কৈ আকাশৰপৰা মাটিত সৰি পৰিল। লগে লগে দুয়ো শেষ। গতিকে, মানুহে

লােকৰ সু-পৰামর্শ শুনিব লাগে। অকণিহঁত, তােমালােকে ‘তামােল এখন খােৱা পৰ’, ‘নলে-গলে লগা’, ‘চীনা জোক লগাদি লগা’, ‘বাটৰ কচু গাত ঘঁহি লােৱা’—এই জতুৱা ঠাঁচকেইটাৰ অর্থ শিকি একোটা বাক্য ৰচনা কৰিবা। সাধুটো পঢ়ি কি শিকিলা বাৰু?




টুপী পিন্ধা বান্দৰৰ সাধু



 
 এখন চহৰৰ দাঁতিকাষৰীয়া অঞ্চলত এজন দুখীয়া মানুহে বাস কৰিছিল। ঘৰত মানুহজনী আৰু তোমালোকৰ দৰে এমাডিমা ল'ৰা-ছোৱালীকেইটা। চলে কেনেকৈ? বয়-বস্তুৰ যিহে জুই ছাই দাম—বজাৰলৈ সোমালেই বেজাৰ লাগে। হ'লেও, কিবা এটাতো কৰি খাবই লাগিব। চৰাইটোৱেও ইটো ডালৰ পৰা সিটো ডাললৈ জঁপিয়াইহে পোক-পৰুৱা এটা খাইছে।

 গতিকে মানুহজনে সৰু সুৰা ব্যৱসায় এটাত ধৰিলে। তেওঁ টুপী বেচিবলৈ ধৰিলে। ঘৰে ঘৰে, ৰাস্তাই-পদূলিয়ে টুপী বেচাই তেওঁৰ কাম। ৰাতিপুৱাই ৰঙা চাহ এটোপা আৰু কিবা এমুঠি পেটত পেলাই দিনৰ দিনটো টুপী বেচি ফুৰে। ‘লাগি থাকিলে মাগি খাব নালাগে’ বুলি কথা এষাৰ আছে নহয়, সেয়াই। মানুহজনে কাকো দিবও নোৱাৰে, কাৰো ওচৰত হাত পাতিবলৈও নাই। তাকে যেনিবা মহাদেৱ ভিক্ষালৈ নগ'লে টেকেলী কাটি। এদিন যদি টুপী বেচিবলৈ নগ’ল বা কেনেবাকৈ যদি টুপীৰ হৰণ-ভগন হ’ল, তেওঁৰ ভালেকেইটকামান হানি হয়। গাটো চেংচেঙাই যায়। আওপকীয়াকৈ পৰিয়ালটোৰ মূৰত ৰামটাঙোন পৰে। তেৱোঁ কিনি অনা বস্তুহে। বাৰীৰ গছত লগা নাই নহয়। হয়নে নহয়? তাৰ মাজতে দুই-এটা টুপী কেতিয়াবা বাঘৰ আগতেল খোৱা কোনোবা ল’ৰাই চিলনীয়ে থাপ মাৰি নিয়াদি নিনিয়াও নহয়, নিয়ে পাই। কিন্তু তেনেকুৱা কৰিব নাপায়। কষ্টৰ পইচা। ঈশ্বৰে দেখিব। মানুহজনে ৰাগিয়াল বস্তু নাখায়, মিছা কথা নকয়, কাকো ঠগ-প্ৰবঞ্চনা নকৰে আনৰ অনিষ্ট সাধন নকৰে, ঘৰত বা[ ১৫ ]


চুবুৰিত হাই-কাজিয়া কৰি পৰিৱেশ বিনষ্ট নকৰে—নিজে উপাৰ্জন কৰি পৰিয়াল পোহপাল দিছে।

 গতিকে, তেওঁৰ পৰা আমি কিয় বস্তু ডকা-হকা দি চুৰ কৰি নিব লাগে? সেইবিলাক বেয়া কথা, বতৰা জানা? পাৰিলে দুপইচা দি সহায়হে কৰিব লাগে। তাৰপাছত এদিনৰ কথা। মূৰত এটা টুপী ভৰ্তি পাচি। একেবাৰে গোবৰ্ধন পৰ্বতৰ সমান। টিকা ফটা ৰ'দৰ পৰা ৰক্ষা পাবলৈ মানুহজনে নিজেও এটা টুপী পিন্ধি লৈছে। সেই উপজি পুৱাৰ পৰা ভৰ দূপৰলৈকে টুপী বেচি বেছি বাটে বাটে, ঘৰে ঘৰে হলং হলং ঘূৰি ফুৰিছে। এঠাইত পথৰ কাষত গছ এজোপা পালে। গছজোপাৰছাঁতে মানুহজন বহিল। টুপীৰ পাচিটো কাষতে থ’লে। ঘৰৰপৰা লগত অনা চিৰা আৰু পানী অলপ খালে। [ ১৬ ]তাৰ পাছত গছজোপাত আউজি তেওঁ অকণমান জিৰাব খুজিলে। হ’ল বুলিনো কিমাননো আৰু গেবাৰি খাটিব, দেহাটোক কষ্ট দিব? মানুহজনৰ কেতিয়ানো টোপনি গ'ল, নিজেই গম নাপালে—ঠিক পঢ়ি থাকোঁতে থাকোঁতে তোমালোকৰ টোপনি যোৱাৰ দৰে। মাৰাই আহি ভাত খাবলৈ জগাই দিব নালাগে জানো? এনেয়ে কয়নে—টোপনিয়ে মৰণে সমান বুলি?

 বেলি কাটি হ’লত মানুহজনে সাৰ পালে। কাণ্ড দেখি মানুহজনৰতো তালু সৰে জিউ যোৱা অৱস্থা। পাচিত এটাও টুপী নাই। জেপত নাই এটা ফুটা কড়ি। ক'লৈ গ'ল, গল কলৈ? ওপৰলৈ চাই দেখে বান্দৰৰ এটা পৰিয়াল। চাৰি-পাঁচটামান বান্দৰ হ’ব। প্ৰত্যেকৰে মূৰত একোটা টুপী। কাৰণ মানুহজনে নিজেও এটা টুপী পিন্ধি থকা সিহঁতে দেখিলে। তেওঁ এটা বুদ্ধি খটুৱালে। নিজৰ পিন্ধি থকা টুপীটো দূৰলৈ দলিমাৰি দিলে। তাকে দেখি বান্দৰকেইটাইও নিজৰ নিজৰ টুপীবোৰ সোলোকাই দলিমাৰি দিলে। মানুহজনে টুপীকেইটা চপাই বুটলি ললে। কিন্তু এপাচি টুপীৰ বাকী টুপীবিলাক আৰু জেপৰ পইচাখিনি কি হ’ল? তেওঁ বেজাৰ মনে ঘৰমূৰা হ’ল। অলপ দূৰ গৈ এখন পথাৰত এজাক ল’ৰাই ক্ৰিকেট খেলি থকা দেখিলে। কোনোবা টেণ্ডুলকাৰ, কোনোবা বিৰাট কোহলী, দ্ৰাবিড় আৰু অনেক। প্ৰত্যেকৰে মূৰত টুপী। গেলেৰীত বহি খেল উপভোগ কৰি থকাকেইজনৰ হাতত কোকাকোলা, লিম্‌কাৰ বটল। মইনাহঁত, বুজিলা নহয়—আচল বান্দৰ কোন? তোমালোকে এনেকুৱা নকৰিবা দেইবা। সাধুটোত থকা ফকৰা-যোজনাবিলাক বাছি উলিয়াবাচোন। গোবৰ্ধন পৰ্বত কি জানানে?



নিগনি আৰু শিয়াল



 
 এখন হাবিত বহুত নিগনি আছিল। তাৰে এটা নিগনি বাকীবোৰতকৈ বেছি জ্ঞানী আছিল। তাৰ লগৰ নিগনিবোৰক কেনেদৰে নেতৃত্ব দিব লাগে। সি ভালকৈ জানিছিল। সিহঁতে তাৰ কথা মতে চলিছিল। গতিকে নিগনিবিলাকে তাক সিহঁতৰ মুখিয়াল নিৰ্বাচন কৰিলে।

 এদিন এটা শিয়াল ভোকত কলমলাই হাবিত পিনপিনাই ফুৰিছিল। হঠাতে ইমানজাক নিগনি তাৰ চকুত পৰিল। গতিকে কোনে পায় তাক! নিগনি জাক মাৰি কেনেকৈ ভক্ষণ কৰিব পৰা যায়, সি তাৰে উপায় চিন্তা কৰিলে। সি এটা উপায় বিচাৰি পালে। নিগনিবিলাক থকা ঠাই টুকুৰাৰ কাষৰে এঠাইত সি তাৰ এটা ঠেং দাঙি, মুখখন মেলি, আকাশৰ ফালে চাই বহি থাকিল।

 সন্ধ্যা বেলি পৰোঁ পৰোঁ হৈছে। দিনটো আহাৰৰ সন্ধান কৰি নিগনিবিলাক সিহঁতৰ থকা ঠাইলৈ উভতিছে। সিহঁতে তেনেতে সেই অৱস্থাত শিয়ালটো দেখিলে। সিহঁততো আচৰিত হ’বৰে কথা। সিহঁতৰ মুখিয়াল নিগনিটো আগবাঢ়ি গ'ল আৰু সুধিলে, ‘আপোনাৰ নাম কি?’

 ‘মোৰ নাম দেৱতা।’

 ‘আপুনি পিছে এটা ঠেং দাঙি আছে কিয়?’

 ‘মই যদি মোৰ চাৰিওটা ঠেং মাটিত থওঁ, পৃথিৱীয়ে মোৰ ভৰ সহিব নোৱাৰিব আৰু ই কঁপিব।’
 
 ‘আপুনি মুখখন কিয় আকাশৰ ফালে কৰি আছে?’

 ‘মই সূৰ্যক পূজা আৰু প্ৰাৰ্থনা কৰিছোঁ।’

 ‘আপুনি মুখখন মেলি ৰাখিছে কিয়?’

 ‘মই এনেকৈয়ে বতাহ মোৰফালে টানিছোঁ। মই বতাহ খাই ইমান দিন জীয়াই আছোঁ।’

 তেতিয়া মুখিয়াল নিগনিটোৱে লগৰবোৰক ক'লে, ‘এই শিয়ালটো আচলতে এজনা দেৱতা। আমি প্ৰত্যেক পুৱা-গধূলি তেওঁক পূজা কৰা উচিত।’

 এইদৰে প্ৰত্যেক পুৱা-গধূলি নিগনিবিলাকে শিয়াল দেৱতাক পূজা কৰিবলৈ আহে। কিন্তু শিয়াল দেৱতাই পূজা দিবলৈ অহা প্ৰত্যেকটো নিগনিকে থাপ মাৰি ধৰি খাই থয়। গতিকে দিনক দিনে নিগনিৰ সংখ্যা কমি আহিবলৈ ধৰিলে। মুখিয়াল নিগনিটোৱে কথাটো টং কৰিলে আৰু ভাবিলে, ‘নিশ্চয় কৰবাত কিবা এটা গণ্ডগোল হৈছে। গোমৰ ফাঁক বাজ কৰিব নোৱাৰিলে ময়ো এইখন চুৰিয়া নিপিন্ধো। ক'ৰ পানী কলৈ যায় চাওঁচোন।’ সি এদিন বগুৱা বাই শিয়ালে নেদেখাকৈ ওচৰতে এলেং পৰ দি থাকিল। সি দেখিবলৈ পালে যে পূজা দিবলৈ অহা নিগনিৰূপী ভক্তসকলক শিয়াল দেৱতাই থাপ মাৰি ধৰি বোন্দা থেকেচা দি উদৰস্থ কৰিছে।

 তাৰ পাছত শিয়ালটোৱে যেতিয়া আগৰদৰেই এটা ঠেং ওপৰলৈ তুলি, আকাশমুৱা হৈ ৰ'ল, খঙত একো নাই হৈ মুখিয়াল নিগনিটোৱে জাঁপ মাৰি শিয়ালৰ ডিঙিতে ধৰি একেকোবে শ্বাস নলীডাল ছিঙি দিলে। থিতাতে শিয়াল দেৱতাৰ কলখোৱা ধাতু বাজ হৈ গল। আটাইবিলাক নিগনি চাপি কুচি আহিল আৰু শিয়ালৰ শটো নেফা-নেফ কৰিলে।

 এটা কথা সত্য যে কোনোবাই কাৰোবাক মূৰ্খ সজাই এটা নিৰ্দিষ্ট সময়লৈকেহে ঠগি ঠগি খাব পাৰে, কিন্তু অনন্ত কাললৈ নোৱাৰে। কথাতে কয়—বুৰে প্ৰতি শেলুক নহয়। মইনাহঁত তোমালোকে শেলুক চিনি পোৱানে? নোপোৱা যদি শিক্ষক সুধি ল’বা।

লিখক : ৰত্নেশ্বৰ বৰা 

( বহু সাধু আগলৈ পঢ়িবলৈ পাব)



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection