গাঁঠিৰ বিষত আপুনি অসুবিধা পাইছে নেকি? এই আয়ুৰ্বেদিক তেলেৰে গাঁঠিৰ বিষৰ পৰা সকাহ পাব।
অপূৰ্ব দাস
যদি আপুনি গাঁঠি বা মেৰুদণ্ডৰ বিষৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে বাবা আয়ুৰ্বেদিক বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি এই আয়ুৰ্বেদিক তেলসমূহেৰে থিক কৰিবলৈ ঘৰতে বনাব পাৰে।
আজিকালি পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে মানুহ ক্ৰমান্বয়ে বিভিন্ন সমস্যাত অশান্তিগ্ৰস্ত হৈ পৰিছে। গাঁঠিৰ বিষৰ সমস্যাৰ উপৰিও অবিৰতভাৱে বহি থাকিলে মেৰুদণ্ডৰ বিষো হৈছে, যাৰ বাবে কেৱল বৃদ্ধসকলেই নহয়, যুৱক-যুৱতীসকলো অসুবিধাত পৰিছে। গাঁঠিৰ বিষত ভুগি থকা লোকসকলৰ আঁঠু, গোৰোহা, হাতৰ কব্জা, কান্ধ বা কঁকালতো অহৰহ বিষ হয়। যুৱক-যুৱতীসকল ক্ৰমান্বয়ে বাতবিষৰ সমস্যাৰ বলি হৈ পৰিছে। এই সমস্যা দূৰ কৰিবলৈ বিভিন্ন ধৰণৰ ঔষধ সেৱন কৰা হয়। কিন্তু ইচ্ছা কৰিলে জীৱনশৈলী আৰু খাদ্যাভ্যাসত কিছু পৰিৱৰ্তন কৰি এই সমস্যাটো গুৰৰ পৰা আঁতৰাই পেলাব পাৰি।
এনে পৰিস্থিতিত যদি আপুনি গাঁঠি বা মেৰুদণ্ডৰ বিষৰ তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে তেন্তে এই আয়ুৰ্বেদিক তেল ব্যৱহাৰ কৰিব লাগে। এই তেল ব্যৱহাৰ কৰিলে গাঁঠিৰ বিষৰ পৰা সকাহ পাব। বহু বনৌষধিৰ পৰা তৈয়াৰী এই তেলে গাঁঠিৰ বিষৰ লগতে বাতবিষৰ সমস্যাৰ পৰাও সকাহ দিব। তেন্তে তেল বনোৱাৰ শুদ্ধ উপায় জানিবলৈ পঢ়িব -
বিষ নিৰাময়কাৰী তেল বনাবলৈ উপকৰণ :
• ১ লিটাৰ তিল তেল, , অলপ আজৱাইন, অলপ মেথি, নহৰু, ৬-৮ টা লং , আদা ২-৩ ইঞ্চি, ২-৩ ইঞ্চি কেঁচা হালধি বা ১ চামুচ হালধি গুড়ি, এমুঠি পচতীয়াৰ পাত, নহৰু ২ টা, জাতি জালুক ২/৩ টা, জাবৰং ৬/৭ টা, এৰা গছৰ কুমলীয়া ৩/৪ খন পাত নাইবা বছ গছৰ পাত আৰু নিলগিৰী ( ইউক্লিষ্টাপ ) গছৰ পাত এমুঠি।
• এনেদৰে বিষ নিৰাময়কাৰী তেল বনাওক :
প্ৰথমে কেৰাহীত তেল দি গৰম কৰি লওক। গৰম হোৱাৰ পিছত তাত হালধি গুড়ি বা হালধি বটা দিব। কেইছেকেণ্ডমান পিছত বাকি সকলোখিনি গুড়ি কৰি লৈ তেলত কম জুইত লৰাই থাকিব ।
৪০/৪৭ মিনিটমান এনেদৰে থকাৰ পিছত নমাই থব।
ঠাণ্ডা হʼলে বটলত ভৰাই লওক। এইয়া বিষনাশক তেল টৈয়াৰ । ইয়াৰ দ্বাৰা আক্ৰান্ত অংশত দিনে দুবাৰকৈ মালিচ কৰিব লাগে।