এই ৬ টা বস্তুৰে ইৰিটেবল বাৱেল চিণ্ড্ৰম (IBS) বা বাবে বাৰে সৌচ কৰা লাগি থকা ৰোগ একেবাৰে দূৰ কৰক।
By Good Assam
ইৰিটেবল বাৱেল চিনড্ৰম হৈছে পেটৰ সৈতে জড়িত এক সমস্যা, যিয়ে অন্ত্ৰ আৰু পাচনতন্ত্ৰত প্ৰভাৱ পেলায় আৰু বাৰে বাৰে সৌচ কৰা লাগি থাকে। ইয়াৰ ফলত শৰীৰত বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।
ইৰিটেবল বাৱেল চিনড্ৰম হৈছে পাচনতন্ত্ৰৰ লগত জড়িত এক সমস্যা। পেটৰ বিষ, গেষ্ট্ৰীক, গেছ, সৌচ ঢীলা , ডায়েৰিয়া আৰু বদহজম আদি সমস্যাৰ সৃষ্টি কৰে। অন্ত্ৰত বেক্টেৰিয়াৰ ভাৰসাম্যহীনতাৰ বাবে নাইবা পায়ুত মৈথুন কৰিবলৈ দিলে পেটৰ নাৰী লৰে তেতিয়া এই সমস্যাৰ সৃষ্টি হয়। যদিও আই বি এছ সাধাৰণতে গুৰুতৰ নহয়, তথাপিও ই দৈনন্দিন কাম-কাজত বাধাৰ সৃষ্টি কৰিব পাৰে। ভুল খাদ্যাভ্যাস, শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ, মানসিক চাপ আৰু বহুতো গুৰুতৰ ৰোগৰ বাবে এই সমস্যাৰ সৃষ্টি হয়।
যদি আপুনিও এই সমস্যাত অসুবিধা পাইছে, তেন্তে কিছুমান ব্যৱস্থাৰ সহায়ত সমস্যাটো নিয়ন্ত্ৰণ কৰিব পাৰি।
১/ ধনিয়াৰ পানী :
ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমে ধনীয়া গুটিৰ পানী খাব লাগে। ই শৰীৰত শীতল প্ৰভাৱ পেলায়, যাৰ ফলত শৰীৰৰ গৰম কম হয়। লগতে ইয়াক খালে পেট পৰিষ্কাৰ হয় আৰু গেছৰ সমস্যা দূৰ হয়। ইয়াৰ উপৰিও IBS ৰোগ নিয়ন্ত্ৰণ কৰে।
ইয়াৰ বাবে ৰাতি ধনিয়াৰ গুটি ৩ চামুচ গুড়ি কৰি এগিলাছ পানীত তিয়াই থব। পুৱা চেকি এই পানী খালি পেটত সেৱন কৰিব।
২/ আয়ুৰ্বেদিক ঔষধ:
যদি সৌচ ঢিলা, বাৰে বাৰে সৌচ কৰিবলৈ যাবলৈ দিয়ে, লগতে সৌচত তেজ পৰিলে আয়ুৰ্বেদিক ঔষধ কুটজাৰিষ্ঠ খাব পাৰে। খোৱাৰ বিধি ঔষধৰ বটলত লিখা আছে, নাইবা চিকিৎসকৰ পৰামৰ্শ লৈ খাব।
৩/ আঠিয়া কল বা ভীম কলৰ আঠা :
ভীম কলৰ গছৰ আঠা উলিয়াই ৪/৫ চামুচ খালেও এই ৰোগ দূৰ হয়।
৪ / ত্ৰিফলাৰ গুড়ি :
এই ৰোগ হʼলে ত্ৰিফলাৰ গুড়ি ১ চামুচ ৰাতি ভাত খোৱাৰ পিছত খাব পাৰে। তেতিয়া এই সমস্যাৰ দূৰ হয়। ১ চামুচতকৈ বেছিকৈ নাখাব।
৫/ ভেদাই লতা :
এই ৰোগ হʼলে ভেদাই লতাৰ পাত পিহি তাৰ ৰস ৫ চামুচ কিছুদিন খালে ভাল হয়।
৬/ ভীম কল :
পকা ভীম কল খাব পাৰিলে এই ৰোগ দূৰ হয়।
কি কি খাদ্য নাখাব :
এই ৰোগ হʼলে - টেঙা, দৈ, গাখীৰ, চাহ, জলকীয়া, মিঠা খাদ্য, অত্যাধিক তেল , গাহৰিৰ মাংস, কোমোড়া, ডাঙৰ মাছ, হাঁহৰ মাংস, বেঙেনা, কচু, ঘিউ, বৰা চাউলৰ খাদ্য, মচলা আদি খাব নালাগে।