Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Ad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

গ্ৰীষ্মৰ আগমনৰ লগে লগে মহৰ আক্ৰমণ বাঢ়িছে, সুৰক্ষাৰ বাবে এই ঘৰুৱা উপায় সমূহ গ্ৰহণ কৰক।

গ্ৰীষ্মৰ আগমনৰ লগে লগে মহৰ আক্ৰমণ বাঢ়িছে, সুৰক্ষাৰ বাবে এই ঘৰুৱা উপায় সমূহ গ্ৰহণ কৰক।



অপূৰ্ব দাস 

 ঘৰুৱা উপায়েৰে মহৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানিবলৈ পঢ়িব -
 
 যদি আপোনাৰ ঘৰত মহ বেছিকৈ বৃদ্ধি পাইছে, তেন্তে আপুনি এই সস্তা ঘৰুৱা ঔষধ গ্ৰহণ কৰিব পাৰে।
 
 গ্ৰীষ্মকাল আহিব ধৰিছে আৰু ইয়াৰ লগে লগে আশে-পাশে থকা অঞ্চলতো মহৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। মহে কামুৰিলে সকলোৱে বিৰক্ত আৰু চিন্তিত হয়, কিন্তু আটাইতকৈ ডাঙৰ আশংকা হৈছে বেমাৰ। হয়, মহৰ কাৰণে আপুনি মেলেৰিয়া আৰু ডেংগুৰ দৰে বহুতো ৰোগ হ’ব পাৰে। 


 
 এনে পৰিস্থিতিত মহৰ আক্ৰমণৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে আপুনি কিছুমান ঘৰুৱা ঔষধৰ সহায় ল’ব পাৰে।

 মহৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা উপায় :
 
 ১/ কৰ্পূৰ
 
 মহ দূৰ কৰিবলৈ কৰ্ফূৰ ব্যৱহাৰ কৰিব পাৰে। হয়, কৰ্পূৰ গোন্ধ ইমানেই প্ৰবল যে ইয়াৰ পৰা মহ পলাই যায়। আচলতে ই এন্টিবেক্টেৰিয়েল আৰু ই বীজাণুনাশক হিচাপেও কাম কৰে। গতিকে, মহ দূৰ কৰিবলৈ কৰ্পূৰ কিছু লৈ জ্বলাই চুক এটাত ৰাখিব। সকলো দুৱাৰ-খিৰিকী বন্ধ কৰক। সকলো মহ মৰি যাব। কৰ্পূৰ জ্বলালে মানুজন ৰুমৰ পৰা কিছু সময় আঁতৰি থাকিব লাগে। নহ'লে মূৰত লাগি বিষ কৰিব পাৰে।


২) নিমৰ পাত জ্বলাব


 নিমৰ পাত জ্বলোৱাটো অতি পুৰণি পদ্ধতি। এই পদ্ধতি অতি ফলপ্ৰসূ কাৰণ নিম বেক্টেৰিয়া প্ৰতিৰোধী আৰু ইয়াৰ গোন্ধৰ বাবে মহ পলাই যায়। গতিকে, নিমৰ পাত লৈ জ্বলাই তাৰ ধোঁৱা গোটেই ঘৰতে দিয়ক। ই মহ প্ৰতিৰোধৰ ক্ষেত্ৰত বহুত ফলপ্ৰসূভাৱে কাম কৰিব।

 ৩) শৰীৰত নীম , লং তেল আৰু চন্দন লগাওক 
 
 শৰীৰত নীম তেল, লং তেল আৰু চন্দন প্ৰয়োগ কৰিলে মহে কামোৰাৰ পৰা ৰক্ষা পায়। এই তেলে শৰীৰৰ ওপৰত সুৰক্ষামূলক স্তৰ হিচাপে কাম কৰে আৰু ইয়াৰ গোন্ধে পোক-পৰুৱাক খেদি পঠিয়াই দিয়ে। গতিকে, এই তিনিবিধ লৈ শৰীৰত লগাওক। মহে কামোৰিব নোৱাৰিব।


৪) ঘৰৰ পৰা মহৰ পৰা পৰিত্ৰাণ পাবলৈ আন বহুতো প্ৰতিকাৰ উপযোগী হ’ব পাৰে। যেনে, হালধি আৰু নহৰুৰ গোন্ধে মহ খেদিব পাৰে । ইয়াৰ বাবে হালধি আৰু নহৰু থেতেলিয়াই পানীৰ লগত মিহলি কৰি এটা স্প্ৰে বটলত ভৰাই লʼব । এই মিশ্ৰণ ঘৰত ছটিয়াই দিলে মহ পলাই যায়।


 ৫) তুলসী গছৰ ওচৰতো মহ বিচৰণ নকৰে। এনে অৱস্থাত মহ দূৰ কৰিবলৈ তুলসী গছ ৰোপণ কৰিব পাৰে বা শুকান তুলসীৰ পাত জ্বলাই মহ আঁতৰাই পেলাব পাৰে।

 ৬) নেমু এটুকুৰা লৈ তাত লং এটা ভৰাই দিয়ক । এই নেমুটো ঘৰৰ কোনো এটা চুকত বা ঘৰৰ দুৱাৰৰ ওচৰত ৰাখক। মহৰ বিচৰণ কমাই দিব। 

৭) কফি পাউদাৰ 

যি ঠাইত মহে বাহ লয় তেনে ঠাইত কফি পাউডাৰ ছটিয়াই দিলে মহৰ বংশ বৃদ্ধি নহয়।


৮) আঠুৱা ব্যৱহাৰ কৰক।


৯) Odomos ব্যৱহাৰ কৰক :



Dabur কোম্পানীৰ Odomos খুবেই ভাল। ই নিৰাপদো। মাথো চকু আৰু মুখত নলগাব।
এই ক্ৰিম লগালে মহে কামুৰিব নোৱাৰে।



১০) শালধূনাৰ ব্যৱহাৰ :



প্ৰতিদিনে ঘৰত পূৱা- গধূলি বা সন্ধিয়াৰ সময়ত শালধূনা জ্বলাব লাগে। যেতিয়া মই ৬/৭ বছৰীয়া আছিলো তেতিয়া মাই ঘৰত শালধূনা জ্বলাই ধোৱাৰে মহ খেলিছিল। শালধূনা ভগৱানকো আগবঢ়োৱা হয়। নাৰিকলৰ বাকলিৰে জ্বলালে ধোৱাৰ লগতে সুন্দৰ গোন্ধ ওলায় আৰু মহ আঁতৰ হয়।





Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection