( অপূৰ্ব দাস )
বয়সৰ ওপৰত নিৰ্ভৰ কৰি কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি বা হ্ৰাস পাব পাৰে। এনে পৰিস্থিতিত বয়স অনুযায়ী শৰীৰত সঠিক কলেষ্টেৰলৰ মাত্ৰা জানিব লাগে। যদি তেজত কলেষ্টেৰলৰ পৰিমাণ স্বাভাৱিক পৰিসৰতকৈ বেছি হয়, তেন্তে উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
• ১৯ বছৰ বা তাতকৈ কম বয়সৰ পুৰুষৰ মুঠ কলেষ্টেৰলৰ মাত্ৰা ১৭০ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ কম হ’ব লাগে। এল ডি এল অৰ্থাৎ বেয়া কলেষ্টেৰল ১০০ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ কম হ’ব লাগে আৰু এইচ ডি এল অৰ্থাৎ ভাল কলেষ্টেৰল ৪৫ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ বেছি হ’ব লাগে।
• ১৯ বছৰ বা তাতকৈ কম বয়সৰ এগৰাকী মহিলাৰ মুঠ কলেষ্টেৰলৰ মাত্ৰা ১৭০ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ কম হ’ব লাগে। এল ডি এল বেয়া কলেষ্টেৰল ১০০ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ কম হ’ব লাগে আৰু এইচ ডি এল অৰ্থাৎ ভাল কলেষ্টেৰল ৪৫ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ বেছি হ’ব লাগে।
• ২০ বছৰ বা তাতকৈ অধিক বয়সৰ পুৰুষৰ মুঠ কলেষ্টেৰল ১২৫–২০০ মিলিগ্ৰাম/ডেচিলিটাৰৰ ভিতৰত হ’ব লাগে। তেওঁলোকৰ বেয়া কলেষ্টেৰল ১০০ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ কম আৰু ভাল কলেষ্টেৰল ৪০ মিলিগ্ৰাম/ডেচিলিটাৰ বা তাতকৈ অধিক হ’ব লাগে।
• ২০ বছৰ বা তাতকৈ অধিক বয়সৰ মহিলাৰ মুঠ কলেষ্টেৰল ১২৫–২০০ মিলিগ্ৰাম/ডেচিলিটাৰৰ ভিতৰত হ’ব লাগে। য’ত বেয়া কলেষ্টেৰল ১০০ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ কম আৰু ভাল কলেষ্টেৰল ৫০ মিলিগ্ৰাম/ডেচিলিটাৰ বা তাতকৈ অধিক হ’ব লাগে।