( অপূৰ্ব দাস )
পাতেগজাত এলকেলয়ড, ফ্লেভন’ইড, গ্লাইকোচাইড, কাৰ্ডিন’লাইড আৰু ষ্টেৰইড আদি জৈৱ সক্ৰিয় গুণেৰে সমৃদ্ধ। ইয়াৰ পাতত এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল আৰু বহু ধৰণৰ এন্টিঅক্সিডেন্ট থাকে যিয়ে শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। গতিকে, আজি আপোনালোকক জনাম কোনবোৰ ৰোগত ইয়াৰ সেৱন উপকাৰী।
(১) পাতেগজাৰ প্ৰদাহ নিবাৰণ আৰু বিষনাশক গুণ আছে। ইয়াৰ পাতৰ ৰস বা কাণ্ডৰ ৰসে বিষ আৰু প্ৰদাহ হ্ৰাস কৰিব পাৰে। বিশেষকৈ হাড়ৰ লগত জড়িত সমস্যা যেনে বাতবিষ আৰু গাঁঠিৰ বিষত ইয়াৰ সেৱন উপকাৰী।
(২) বৃক্কৰ পাথৰত কেলচিয়াম অক্সালেট স্ফটিকেৰে তৈয়াৰ হয়। পাতেগজাৰ ৰসৰ চেপনিনে কেলচিয়াম অক্সালেট স্ফটিক ভাঙি পেলাব পাৰে। ই মূত্ৰৰ সহায়েৰে পাথৰ ভাঙি সৰু সৰুকৈ ওলাই অহাত সহায় কৰে আৰু তাৰ পিছত বৃক্ক সুস্থ কৰি ৰখাত সহায় কৰে।
(৩) ডায়েবেটিছৰ ক্ষেত্ৰত পাতেগজা ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ৰসত ফেনাইল এলকাইল ইথাৰ নামৰ জৈৱ সক্ৰিয় যৌগ থাকে যিয়ে ইনচুলিন উৎপাদনত উদ্দীপিত কৰিব পাৰে, যাৰ ফলত চেনিৰ মাত্ৰা আৰু অধিক হ্ৰাস পায়।
(৪) জণ্ডিছ ৰোগ হ'লেও ইয়াৰ পাতৰ ৰস খাব পাৰে। পাতেগজাৰ পাত উতলাই তাত নিমখ দি তাৰ পিছত তাৰ ৰস চেকি ল'ব। ইয়াৰ পিছত কাপত লৈ সেৱন কৰক। ইয়াৰ উপৰিও ইয়াৰ পাত ৩ খন মান পিহি ৰস উলিয়াই পানীৰ লগত মিহলি কৰি খাব পাৰে।
(৫) জুইয়ে পুৰিলে আৰু সৌচদ্বাৰত পাইলচ হ'লে ইয়াৰ পাত আৰু পাণৰ পাত পিহি লগালে উপকাৰ পোৱা যায়।