( অপূৰ্ব দাস )
জীৱনশৈলীৰ বিকাৰে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটাতে গুৰুতৰ প্ৰভাৱ পেলাইছে। বহু প্ৰতিবেদনত স্বাস্থ্য বিশেষজ্ঞসকলে সকলোকে সকীয়াই দি আহিছে যে আমাৰ শাৰীৰিক নিষ্ক্ৰিয়তা ( কাম বন নকৰা ) যিদৰে বৃদ্ধি পাইছে, ভৱিষ্যতে স্বাস্থ্যসেৱাৰ ওপৰত অতিৰিক্ত বোজা বৃদ্ধি পাব পাৰে। সৰুৰে পৰা ইয়াৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।
অফিচ হওক বা ব্যৱসায়, দিনটোৰ ৮-১০ ঘণ্টা বহি বহি কটোৱা লোকৰ সংখ্যা বৃহৎ। ইয়াৰ পাৰ্শ্বক্ৰিয়া হ’ল যুৱক-যুৱতীসকলৰ মাজত কঁকাল আৰু কঁকালৰ বিষৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই ধৰণৰ বিষ যদি সময়ত যত্ন লোৱা নহয় তেন্তে ই গুৰুতৰ ৰূপ ল’ব পাৰে, যাৰ বাবে জীৱনৰ স্বাভাৱিক কাৰ্য্যকলাপত বাধা আহিব পাৰে।
৪৮% ভাৰতীয় লোক কঁকালৰ বিষত ভুগিছে
শেহতীয়া সংবাদ মাধ্যমৰ প্ৰতিবেদনত দেখা গৈছে যে ভাৰতত প্ৰায় ৪৮% লোক কঁকাল বা কঁকালৰ বিষত ভুগি আছে। ইউ কে-আমেৰিকাত এই হাৰ আৰু বেছি। কিন্তু এনে বিষ যদি আগতীয়াকৈ লক্ষ্য কৰি চিকিৎসা কৰা হয়, তেন্তে ইয়াৰ গুৰুতৰ ৰূপ লোৱাৰ আশংকা কমি যাব পাৰে।
স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে বহু সময় বহি থাকিলে মেৰুদণ্ডৰ ডিস্কত চাপ বৃদ্ধি পায়। পেশীত টান পৰা আৰু বহি থকাৰ ভংগীমা বেয়াৰ বাবেও কঁকালৰ বিষ হ’ব পাৰে। ভৱিষ্যতে ইয়াৰ ফলত ডিস্ক ডিজেনেৰেচন আৰু ছাইটিকা আদি সমস্যাও হ’ব পাৰে।
বেয়া ভংগীমাৰ সমস্যা :
স্বাস্থ্য বিশেষজ্ঞসকলে কয়, যদি বহু সময় বহি বা থিয় হৈ থকা অৱস্থাত আপোনাৰ ভংগীমা ভাল নহয়, তেন্তে ইয়াৰ ফলত কঁকালৰ তলৰ অংশত বিষ হ’ব পাৰে। বেছি আগলৈ বা বহু পিছলৈ হেলান দিলেও সমস্যা হ’ব পাৰে। যদিও আপোনাৰ কঁকালৰ বিষ বেয়া ভংগীমাৰ বাবে নহয়, তথাপিও ইয়াৰ ফলত বেছি বেয়া হ’ব পাৰে।
কঁকালৰ বিষৰ এই কাৰণবোৰৰ প্ৰতি গুৰুত্ব দিয়ক নহলে ভয়ংকৰ সমস্যাৰ সৃষ্টি হ'ব :
পিঠি আৰু কঁকালৰ বিষৰ বাবে আন বহুতো কাৰণো দায়ী বুলি ধৰা পৰিছে, যিবোৰৰ প্ৰতি সকলোৱে গুৰুত্ব দিব লাগে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে যিসকল লোকৰ শাৰীৰিক ক্ৰিয়া-কলাপ কম হয় তেওঁলোকে ইয়াৰ বলি হ’ব পাৰে,
• ব্যায়াম নকৰাৰ বাবে পেশীবোৰ দুৰ্বল হৈ পৰে।
• অত্যধিক ওজন বা মেদবহুলতাই মেৰুদণ্ডৰ ওপৰত হেঁচা প্ৰয়োগ কৰে।
• ভুল অৱস্থাত মোবাইল , টিভি, কম্পিউটাৰ চোৱাটোৱে ডিঙি আৰু পিঠিত প্ৰভাৱ পেলায়।
• গধুৰ ওজন তুলিলেও সাৱধান হওক। ভুল ধৰণে ওজন তুলিলে কঁকালত চাপ বাঢ়ি যায়।
• বৃক্কৰ ৰোগ হ'লেও কঁকাল আৰু পিঠিৰ বিষত ভুগে।
• গেছ -গেষ্ট্ৰিকৰ সমস্যা থাকিলেও কঁকাল আৰু পিঠিৰ বিষত ভুগে।
• দেহত বেয়া কলেষ্টেৰল বাঢ়িলেও কঁকাল আৰু পিঠিৰ বিষত ভুগে।
কঁকালৰ বিষৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
• স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে সৰু সৰু কথাত গুৰুত্ব দিলে এই সমস্যাৰ আশংকা হ্ৰাস কৰিব পাৰি।
• বহি, থিয় হৈ আৰু শুই থকাৰ সময়ত সঠিক ভংগীমা বজাই ৰাখিব লাগে।
• যোগাসন, ষ্ট্ৰেচিং আৰু লাইট ৱৰ্কআউটে পেশী শক্তিশালী কৰে।
• ওজন নিয়ন্ত্ৰণত ৰাখক। ইয়াৰ বাবে সুষম খাদ্য আৰু নিয়মীয়া ব্যায়াম কৰক।
• বেছি সময় বহি থকাৰ পৰা বিৰত থাকিব। থিয় হৈ প্ৰতি ৩০-৪০ মিনিটৰ মূৰে মূৰে লাইট ষ্ট্ৰেচিং কৰক।
• কেলচিয়াম, ভিটামিন ডি আৰু প্ৰটিনযুক্ত খাদ্য খাব লাগে।
• বৃক্ক দুৰ্বল হৈছে নেকি ইয়াৰ পৰীক্ষা কৰিব লাগে। বৃক্কৰ সমস্যা হ'লে কেলচিয়াম, চৰ্বি, প্ৰটিনযুক্ত খাদ্য খাব নালাগে।