( অপূৰ্ব দাস )
যদি কেইদিনমানৰ পৰা টোপনি অহাত অসুবিধা হৈছে বা ঘৰত শান্তি পোৱা নাই, তেন্তে বাস্তুৰ দোষৰ বাবেও হ’ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ শোৱা কোঠাৰ বাস্তুৰ প্ৰতি বহুত গুৰুত্ব দিব লাগিব। আপুনি আপোনাৰ শোৱা কোঠাত কি কি বস্তু ৰাখিব নালাগে সেই বিষয়েও গুৰুত্ব দিব লাগিব।
গোটেই দিনটো ভাগৰুৱা হৈ থাকিলেও বহুতে ভালকৈ টোপনি আহিব নোৱাৰে। অনিদ্ৰাৰ সমস্যাৰ বাবে বহু লোকে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। টোপনিৰ অভাৱৰ বাবে বহুতো মানসিক আৰু শাৰীৰিক সমস্যাৰ সৃষ্টি হয় আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰে। বহুতে ইয়াৰ পৰা সকাহ পাবলৈ শুৱাৰ আগতে ঔষধো সেৱন কৰে। অৱশ্যে আজিৰ খবৰত আপোনালোকক জনাবলৈ ওলাইছো যে যদি টোপনিৰ অসুবিধা হৈছে বা ঘৰত শান্তি পোৱা নাই তেন্তে বাস্তুৰ দোষৰ বাবেও হ’ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ শোৱা কোঠাৰ বাস্তুৰ প্ৰতি বহুত গুৰুত্ব দিব লাগিব। আপুনি আপোনাৰ শোৱা কোঠাত কি কি বস্তু ৰাখিব নালাগে সেই বিষয়েও গুৰুত্ব দিব লাগিব।
(১) শোৱা কোঠাত আইনা নাৰাখিব
যদি আপোনাৰ শোৱা কোঠাত আইনা থাকে বা ড্ৰেছিং টেবুলত আইনা থাকে, তেন্তে ই আপোনাৰ টোপনিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি আইনাখন আঁতৰাব নোৱাৰে, তেন্তে কাপোৰেৰে ঢাকি থওক, যাতে শুই থকাৰ সময়ত দেখা নাপায়। কেৱল এয়াই নহয়, শোৱা কোঠাত ঝাড়ু ৰাখিব নালাগে। ইয়াৰ ফলত ঘৰত ঋণাত্মক শক্তিৰ সৃষ্টি হয়।
(২) ইলেক্ট্ৰনিক সামগ্ৰী ৰাখিব নালাগে
যদি আপুনি আপোনাৰ শোৱা কোঠাত টিভি বা কম্পিউটাৰৰ দৰে ইলেক্ট্ৰনিক সামগ্ৰী ৰাখে তেন্তে ইয়াক বাস্তুৰ দোষ বুলি গণ্য কৰা হয়। যদি এইবোৰ আপোনাৰ কোঠাত উপস্থিত থাকে তেন্তে এতিয়াই উলিয়াই লওক। ইয়াৰ বাবেই অনিদ্ৰাৰ সমস্যা বাঢ়ি যায় আৰু ই আপোনাৰ স্বাস্থ্যৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়।
(৩) বিচনাখন সঠিক দিশত ৰাখক
যদি আপুনি যোৱা কেইদিনমানৰ পৰা টোপনি নোহোৱাৰ সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপুনি আপোনাৰ শোৱা কোঠাৰ বিচনাৰ দিশটো পৰীক্ষা কৰিব লাগে। এটা কথা মন কৰিবলগীয়া যে বিচনাখন কেতিয়াও উত্তৰ-পূব দিশত থাকিব নালাগে। এইটোও বাস্তু দোষ আৰু ইয়াৰ ফলত টোপনি নোহোৱাৰ সমস্যাও হয়।
(৪) বিচনাত খাদ্য নাখাব
বাস্তু শাস্ত্ৰৰ মতে বিচনাত খাদ্য খালে বাস্তু বিসংগতি বৃদ্ধি পায় আৰু আপোনাৰ টোপনি বিঘ্নিত হয়। বিচনাৰ পৰা আঁতৰত আৰু পৰিয়ালৰ সদস্যৰ সৈতে সদায় আহাৰ গ্ৰহণ কৰিব লাগে। এনে কৰিলে আপোনাৰ মনলৈ শান্তি আহে আৰু লগতে মনটো শান্ত হয়, যাৰ ফলত আপোনাৰ টোপনি ভাল হয়।
(৫) বিছনাৰ তলত এইবোৰ সামগ্ৰী নাৰাখিব
বিছনাৰ তলত জোতা-চেন্দেল, তেল বা অন্যান্য সামগ্ৰী ৰখাৰ পৰা বিৰত থাকিব । যদিহে এনেবোৰ সামগ্ৰী ৰাখে তেন্তে বাস্তু বিসংগতি ঘটে। ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে।