( অপূৰ্ব দাস )
এলুমিনিয়াম ফয়েল সুবিধাজনক, কিন্তু ইয়াৰ অত্যধিক আৰু ভুল ব্যৱহাৰে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত বহুতো বিপদজনক সমস্যাৰ সৃষ্টি হ’ব পাৰে।
আজিকালি প্ৰতিটো ঘৰৰ পাকঘৰত এলুমিনিয়াম ফয়েলৰ ব্যৱহাৰ যথেষ্ট সাধাৰণ। টিফিন পেকিং কৰাই হওক, বিভিন্ন খাদ্য গৰম কৰি ৰখাই হওক বা বাকী থকা খাদ্য ঢাকি ৰখাই হওক, সকলো কামতে এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানেনে যে এই পাতল ৰূপালী ৰঙৰ ফয়েল খনে নীৰৱে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।
বিজ্ঞানী আৰু স্বাস্থ্য বিশেষজ্ঞৰ মতে এলুমিনিয়াম ফয়েল ভুলকৈ ব্যৱহাৰ কৰিলে শৰীৰৰ বাবে বহুতো গুৰুতৰ ৰোগ হ’ব পাৰে।
১/ মানসিক ৰোগৰ আশংকা
এলুমিনিয়ামৰ অত্যধিক সংস্পৰ্শলৈ আহিলে আমাৰ মগজুৰ কাৰ্য্যত প্ৰভাৱ পৰিব পাৰে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে শৰীৰত অত্যধিক এলুমিনিয়াম জমা হ’লে এলঝেইমাৰৰ দৰে স্নায়ুজনিত ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। বাৰে বাৰে খাদ্য গৰম কৰি বা এলুমিনিয়াম ফয়েলত সংৰক্ষণ কৰিলে এই উপাদানটো লাহে লাহে খাদ্যত মিহলি হ’ব পাৰে। এলুমিনিয়ামৰ কেৰাহী বা কুকাৰত খাদ্য ৰন্ধাও বিপদজনক।
২/ হাড় দুৰ্বল কৰিব পাৰে
যেতিয়া অতিৰিক্ত এলুমিনিয়াম শৰীৰত জমা হয় তেতিয়া ই কেলচিয়াম শোষণ ৰোধ কৰিব পাৰে। ইয়াৰ বাবে হাড়বোৰ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে আৰু অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা বৃদ্ধি পায়, বিশেষকৈ মহিলা আৰু বৃদ্ধসকলে ইয়াৰ বাবে অধিক সমস্যাৰ সন্মুখীন হ’ব পাৰে।
৩) পাচনতন্ত্ৰত প্ৰভাৱ
খাদ্য বিশেষকৈ এচিডিক খাদ্য (যেনে টমেটো, নেমু, আচাৰ) ফয়েলত সংৰক্ষণ বা ৰান্ধি ৰখাৰ উপৰিও এলুমিনিয়ামৰ কেৰাহী বা কুকাৰত ৰান্ধিলে খাদ্যত এলুমিনিয়ামৰ সৰু সৰু কণা মিহলি হ’ব পাৰে। ইয়াৰ ফলত পেটৰ গেছ, এচিডিটি, কোষ্ঠকাঠিন্য আৰু হজম শক্তিৰ লগত জড়িত সমস্যা হ’ব পাৰে।
৪) বৃক্ক আৰু যকৃতত চাপ
বৃক্ক আৰু যকৃতে শৰীৰৰ পৰা এলুমিনিয়াম আঁতৰোৱাৰ কাম কৰে। যদি ইয়াৰ পৰিমাণ বৃদ্ধি পায়, তেন্তে এই অংগবোৰ অতিৰিক্ত বোজা হৈ পৰে আৰু সঠিকভাৱে কাম কৰিব নোৱাৰে। ইয়াৰ বাবে ইহঁতৰ কাৰ্য্য ক্ৰমান্বয়ে অৱনতি ঘটে।
৫/ কৰ্কট ৰোগৰ আশংকা
কিছুমান বৈজ্ঞানিক গৱেষণাৰ পৰা দেখা গৈছে যে এলুমিনিয়ামৰ দীৰ্ঘদিন সংস্পৰ্শলৈ আহিলে ডি এন এৰ ক্ষতি হ’ব পাৰে, যাৰ ফলত কেন্সাৰৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
এলুমিনিয়াম ফয়েল আৰু বৰ্তন ব্যৱহাৰ কৰাৰ সময়ত এই সাৱধানতা অৱলম্বন কৰক :
(১) গৰম বা টেঙা খাদ্য ফয়েল আৰু বৰ্তনত ৰাখিব নালাগে।
(২) খাদ্য সংৰক্ষণৰ বাবে কাঁচ বা ষ্টীলৰ পাত্ৰ ব্যৱহাৰ কৰিব লাগে।
(৩) বিশেষকৈ শিশুৰ টিফিনত এলুমিনিয়াম ফয়েল ব্যৱহাৰ নকৰিব।
(৪) কেৱল ঠাণ্ডা আৰু শুকান বস্তু মেৰিয়াই ল’বলৈ ফয়েল ব্যৱহাৰ কৰিব লাগে।
( ৫) খাদ্য ৰন্ধাত ফয়েল আৰু এলুমিনিয়ামৰ কেৰাহী বা কুকাৰ সদায় ব্যৱহাৰ নকৰিব।