By Good Assam
প্ৰায়ে বহু লোকে অভিযোগ কৰা শুনিছে যে তেওঁলোকৰ স্মাৰ্টফোন মাজে মাজে গৰম হৈ যায় আৰু কিছুমানৰ ব্লাষ্ট হৈ যায়। আচলতে স্মাৰ্টফোনত অতি উত্তাপৰ সমস্যাটো সাধাৰণ, কিন্তু অতি উত্তাপটোও বিপজ্জনক কাৰণ ইয়াৰ ফলত ফোনটো বিস্ফোৰণৰ আশংকা হ’ব পাৰে। আপুনি কেনেকৈ আপোনাৰ ফোনটো স্বাভাৱিক উষ্ণতাত ৰাখিব পাৰে জানিবলৈ পঢ়িব,লগতে জানিব যে ফোনটোত অতি উত্তাপৰ সমস্যা কিয় হয়....
ফোনত অতি উত্তাপৰ সমস্যা কিয় হয় ?
(১) ৰ'দত ফোনটো সোনকালে গৰম হয়।
(২) কেতিয়াবা বহুতো ভিন্ন এপ চলোৱাৰ বাবে ফোনটো গৰম হব পাৰে। দীৰ্ঘসময় ধৰি ভিডিঅ’ ষ্ট্ৰীমিং বা গেম খেলি থাকিলে ধৰি চিপিইউ আৰু জিপিইউৰ ওপৰত হেঁচা পৰে। ইয়াৰ ফলত ফোনটো গৰম হৈ পৰে।
(৩) যদি আপুনি আপোনাৰ ফোনটোৰ উজ্জ্বলতা উচ্চত ছেট কৰিছে তেন্তে ইয়াৰ ফলত ফোনটোও গৰম হ’ব পাৰে।
(৪) ক্ষতিকাৰক চফটৱেৰে ফোনত বেয়া প্ৰভাৱ পেলায় আৰু ফোনটো গৰম হৈ যায়।
(৫) ফোনটো চাৰ্জ কৰিবলৈ যিকোনো ব্যক্তিৰ পৰা চাৰ্জাৰ বিচৰাৰ অভ্যাস আছে নেকি ? এনে অভ্যাস এৰিব। ইয়াৰ ফলত বেটাৰী সোনকালে বেয়া হয় আৰু ফোনটো গৰম হোৱাৰ এটা ডাঙৰ কাৰণ হৈ পৰে । বেলেগ ফোনৰ চাৰ্জাৰেৰে ফোনটো চাৰ্জ কৰিলে অতি উত্তাপৰ সমস্যা হয়।
(৬) Heavy Aplication বা Heavy Game চলালেও ফোন গৰম হৈ যায়। এনে কাৰণতে ফোন ব্লাষ্ট হ'য়।
(৭) গৰমৰ দিনত ফোন কমকৈ চলাব লাগে আৰু পকেটত বেছি সময় ৰাখিব নালাগে।
ফোন ব্লাষ্ট হৈ এইগৰাকী কনমানীৰ মৃত্যু হয়
ফোনত অতিমাত্ৰা গৰম হোৱাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ এইবোৰ পদক্ষেপ গ্ৰহণ কৰিব:
সূৰ্যৰ পোহৰৰ পৰা আঁতৰত ৰাখক, স্ক্ৰীণৰ উজ্জ্বলতা কম ৰাখক, প্ৰয়োজন নোহোৱা এপবোৰৰ Battery Background Of কৰক, ফোন চাৰ্জ কৰিলেই নিজৰ চাৰ্জাৰ ব্যৱহাৰ কৰক, প্ৰয়োজন নহ’লে ফোনটোৰ ব্লুটুথ, জিপিএছ আদি বন্ধ কৰি ৰাখক।
যদি আপুনি বহু সময়ৰ বাবে গেমিং বা ষ্ট্ৰীমিং কৰি আছে, তেন্তে মাজত বিৰতি লওক যাতে প্ৰচেছৰটো ঠাণ্ডা হ'ব পাৰে।
ফোনটো অতি উত্তাপৰ পৰা ৰক্ষা কৰাৰ আন এটা উপায় হ’ল ফোনটো গৰম হ’লে ১০ বা ১৫ মিনিটৰ বাবে বন্ধ কৰি দিয়া। সম্পূৰ্ণ ঠাণ্ডা হ’লে আকৌ অন কৰক।