By Good Assam
চাইবাৰ জালিয়াতিৰ নতুন নতুন পদ্ধতি প্ৰতিদিনে পোহৰলৈ আহিছে। এতিয়া হোৱাটছএপত এনে কেলেংকাৰী চলি আছে যাক ‘ব্লাৰ ইমেজ কেলেংকাৰী’ বুলি কোৱা হৈছে। এই কেলেংকাৰীৰ কবলত মানুহ আবদ্ধ হৈ হেকিঙৰ বলি হৈছে। গতিকে এই কেলেংকাৰী কি আৰু ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি কি কৰিব লাগিব জানিবলৈ পঢ়িব।
এই কেলেংকাৰীৰ আৰম্ভণি হয় হোৱাটছএপত এটা অজ্ঞাত নম্বৰৰ পৰা মেছেজেৰে, য’ত এখন ম্লান ফটো থাকে। লগতে ইয়াত এটা বাৰ্তা লিখা থাকে যিয়ে আপোনাৰ কৌতুহল জগাই তোলে, যেনে "এইখন আপোনাৰ পুৰণি ফটো নেকি?" বা "চাওক, এইটোত তুমিয়েই চাগে!" এনে মেছেজ পঢ়াৰ পিছত বেছিভাগ মানুহেই সেই ফটোখন খুলিবলৈ চেষ্টা কৰে আৰু এয়াই তেওঁলোকৰ আটাইতকৈ ডাঙৰ ভুল হৈ পৰে।
ফটোখনত ক্লিক কৰাৰ লগে লগে আপুনি এটা ভুৱা ৱেবছাইটৰ লিংকলৈ যাব । এই ৱেবছাইটত বেংকৰ সবিশেষ, অ’টিপি বা ব্যক্তিগত তথ্য বিচাৰে । কিছুমান ক্ষেত্ৰত এই লিংকটোৱে আপোনাৰ ফোনত ভাইৰাছ বা স্পাইৱেৰও ইনষ্টল কৰি দিয়ে , যাৰ ফলত লাহে লাহে ফোনটো হেক কৰিব ধৰে।
ফলত আপোনাৰ বেংক একাউণ্ট খালী হ’ব পাৰে, ছ’চিয়েল মিডিয়া একাউণ্ট হেক হ’ব পাৰে আৰু আপোনাৰ ব্যক্তিগত ফটো বা ডাটা ফাদিল হ’ব পাৰে।
এই কেলেংকাৰীৰ আটাইতকৈ বিপদজনক কথাটো হ’ল ই আপোনাৰ আৱেগৰ সৈতে খেলা-ধূলা কৰি আপোনাক ফান্দত পেলায়। কোনো অচিনাকি নম্বৰৰ পৰা অহা যিকোনো মেছেজ বা ফটোত ক্লিক কৰাৰ আগতে সাৱধান হোৱাটো অতি প্ৰয়োজনীয়।
WhatsApp ৰ প্ৰাইভেচি ছেটিংছ শক্তিশালী কৰি ৰাখক, দুটা ষ্টেপ ভেৰিফিকেচন অন কৰক আৰু আপোনাৰ ফোনত ভাল এন্টি ভাইৰাছ ইনষ্টল কৰক। ভুলতে ক্লিক কৰিলেও লগে লগে পাছৱৰ্ড সলনি কৰি বেংকক অৱগত কৰক। মনত ৰাখিব, এটা ক্লিকে আপোনাৰ সমগ্ৰ গোপনীয়তাক বিপদত পেলাব পাৰে।