Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

গৰু বিহুৰ দিনা কিয় মাহ হালধি দেহত সানে আৰু কিয় এশ এবিধ শাক খোৱা হয়? জানিবলৈ পঢ়িব


গৰু বিহুৰ দিনা কিয় মাহ হালধি দেহত সানে আৰু কিয় এশ এবিধ শাক খোৱা হয়? জানিবলৈ পঢ়িব।


( অপূৰ্ব দাস )

আজি হৈছে গৰু বিহু, গৰু বিহুৰ দিনা গৰুক লাউ-বেঙেনা খুৱাই দীঘলতী পাতেৰে কোবাই দিয়া হয়। ইয়াৰ বহু কাৰণ আছে ; লগতে গৰুৰ গাত মাহ-হালধি সানি গা ধুওৱা বা নিজেও মাহ- হালধি দেহত সানি গা ধুৱাৰ বহুতো উপকাৰ আছে।
আজিৰ দিনটোতে এশ এবিধ শাক খোৱাৰ পৰম্পৰাও আছে। কাৰণ এই এশ এবিধ শাক খালে বহু ৰোগ নাশ হ'য় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ'য়।




দীঘলতী পাতৰ ঔষধি গুণ:

(১) এই গছৰ পাতৰ ৰস চৰ্মৰোগত উপযোগী। মহ-মাখিয়ে কামুৰি ছালৰ ৰোগ কৰে গতিকে ইয়াৰ পাত লগালে ছালৰ ৰোগ দূৰ হ'য়।




(২) গ্ৰহণী (Chronic dysentery)ৰ বাবে দীঘলতীৰ পাতৰ ৰস, ডালিমৰ পাত আৰু দুধমৌৰ পাতৰ মিশ্ৰণৰ ক্কাথ সেৱন কৰিব লাগে। 

(৩) এন্দুৰীয়া ঘাঁ‌ৰ (Curbuncle) বাবে এই গছৰ ৰস গাখীৰৰ লগত মিহলাই লগাব লাগে।

(৪) প্ৰসৱ বেদনা কিছু পৰিমাণে প্ৰশমনৰ বাবে দীঘলতীৰ শিপাৰ ৰস উপযোগী। 

(৫) কাহ-জ্বৰৰ বাবে এই গছৰ ছাল, পিপ্‌লি, জালুক আৰু কঁ‌ঠাল গছৰ শিপাৰ লগত খালে উপশম পোৱা যায়।

(৬) দীঘলতি গছৰ বাকলি হাপানী বা এজমাৰ উপশমৰ বাবেও ব্যৱহাৰ কৰা হয়।






হালধিৰ ঔষধি গুণ:

হালধিত আইৰণ, কেলছিয়াম, পটেছিয়াম, ক’পাৰ, ভিটামিন- এ, বি , চি , ফাইবাৰ, মেংগানিজ, কাৰকুমিন আদি পোৱা যায় ।

(১)কেঁচা হালধিৰ ৰস দেহত সানিলে গাৰ ৰং উজ্জ্বল হয়। আৰু ঘামচি , ফোঁহা আদি দূৰ হয়।

(২) কোনো আঘাতত বা ঘা-ফোঁহাৰ বাবে ছালত গাঁতৰ দৰে হয়, তেন্তে হালধিৰ লেপ লগালে নতুন ছাল আহে।

(৩) শৰীৰত বগা দাগৰ প্ৰাৰম্ভিক লক্ষণে দেখা দিলে হয় কেঁচা হালধিৰ ৰস নাইবা হালধিৰ তেল মালিচ কৰিব লাগে।

(৪) প্ৰতিদিনে কেঁচা হালধিৰ ৰস গাখীৰৰ সৈতে গাত সানিলে ছালৰ ৰোগ দূৰ কৰে আৰু উজ্জ্বলতা বৃদ্ধি হয়।

(৫) খজুৱতি হ'লেও ছালত হালধি আৰু নিম যুক্ত নাৰিকলৰ তেল লগাব লাগে।

(৬) কেঁচা হালধি আৰু মচুৰ দাইল মিহিকৈ পিহি দৈ গাখীৰৰ সৈতে মিহলাই ৰাতি শোৱাৰ সময়ত মুখত লেপন লগালে মুখত পৰা ক’লা বা বগা দাগ, শালমইনা আদি দূৰ হয় আৰু ছাল উজ্বল হয়।







মাটিমাহৰ ঔষধি গুণ:


মাটিমাহত প্ৰ'টিন , ভিটামিন বি আছে যি ছালৰ বাবে অতি উপযোগী। 

(১) মাটিমাহে ছালৰ দাগ দূৰ কৰাৰ লগতে ছাল কোমল কৰাত সহায় কৰে। মাটিমাহে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। 

(২) মাটিমাহৰ লেপ লগাই গা ধুলে ছালৰ ৰোগ দূৰ হয় আৰু ছালখন বগা হয়।
(৩) শালমইনৰ দাগ , ৰʼদে পোৰা দাগ আদি দূৰ কৰিবলৈ মাটিমাহৰ দাইলৰ গুড়িত ২ চামুচ নেমুৰ ৰস, গোলাপ জল আৰু এচামুচ মৌ মিহলি কৰি লগিলে দাগ অতি সোনকালে দূৰ হয়।

(৪) মাটিমাহ চুলিৰ বাবেও অতি উত্তম। মাটিমাহৰ আঞ্জা খোৱাৰ লগতে ইয়াক মিহিকৈ পিহি ঔটেঙাৰ বিজলৰ লগত চুলিত লগালে চুলি সৰা, চুলিৰ উফিৰ সমস্যা দূৰ হয়।

(৫) মাটিমাহ আৰু জবা ফুলৰ পাত পিহি চুলিত লগালেও চুলি সৰা ৰোধ কৰে আৰু চুলি গজাত সহায় কৰে।

(৬) মাটিমাহ আৰু নৰসিংহ পাত মিহিকৈ পিহি চুলিত লগালে চুলি পকাৰ সমস্যা দূৰ হয়।








এশ এবিধ বা সাত শাকৰ ঔষধি গুণ:

সাত শাক বা এশ এবিধ শাকত থকা বিভিন্ন উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, লগতে বিভিন্ন বেমাৰৰ পৰা সুৰক্ষা দিয়ে। যেনে -

(১) হজম শক্তি বৃদ্ধি কৰে 

বিভিন্ন শাক-পাচলি দিনৰ ভাগত খালে হজম শক্তি বৃদ্ধি কৰে। সৌচ টান হ'লে শাক খাব লাগে।







(২) শৰীৰত শক্তি যোগায়

এশ এবিধ বা সাত শাক খালে শৰীৰত শক্তি বৃদ্ধি হয়। ইয়াত থকা ভিটামিন, খনিজ আৰু অন্যান্য পুষ্টি উপাদান শৰীৰত শক্তি যোগায়। 






(৩) দৃষ্টি শক্তি উন্নত কৰে

এশ এবিধ শাক খালে দৃষ্টি শক্তি উন্নত হয়, কাৰণ ইয়াত প্রয়োজনীয় ভিটামিনসমূহ পোৱা যায়।

(৪) বিভিন্ন ৰোগৰ পৰা সুৰক্ষা লাভ কৰে 

এশ এবিধ বা সাত শাকত থকা ঔষধি গুণাগুণে বিভিন্ন ৰোগ, যেনে- ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগ, কষ্ঠকাঠিন্য , কৃমি, লিভাৰৰ ৰোগ ,জণ্ডিছ আদিৰ পৰা সুৰক্ষা দিয়ে। 



আশাকৰোঁ এই লিখনিৰ জৰিয়তে আপুনি উপকৃত হ'ব।

 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection