By Good Assam
পাণৰ লগত মেথি সেৱন কৰিলে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা নিৰাময় কৰিব পাৰি। জানো আহক ইয়াৰ বিষয়ে -
(১) ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে
মেথি গুটিত থকা গ্লুকোছামাইন আঁহে তেজৰ চেনি নিয়ন্ত্ৰণ কৰে আৰু পাণৰ পাত ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধিত সহায় কৰে। এই সংমিশ্ৰণ টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ।
(২) হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰে
মহিলাৰ হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত মেথি সহায়ক। পাণৰ পাতে জৰায়ু পৰিষ্কাৰ কৰি ৰখাত আৰু ঋতুস্ৰাৱৰ বিষৰ পৰা উপশম পোৱাত সহায় কৰে। ইয়াৰ ফলত পিচিঅ’ডি আৰু অনিয়মিত মাহেকীয়াৰ সমস্যা দূৰ হ’ব পাৰে।
(৩) হজম শক্তি উন্নত কৰে
পাণৰ পাতৰ মাইক্ৰ’বিয়াল প্ৰতিৰোধী আৰু পাচক গুণ থাকে, আনহাতে মেথিত প্ৰচুৰ পৰিমাণে আঁহ আৰু এচিডিটি নিয়ন্ত্ৰণ কৰা গুণ থাকে। এই দুয়োটা মিলি গেছ, এচিডিটি আৰু বদহজমৰ সমস্যা দূৰ কৰে।
(৪) গাঁঠিৰ বিষৰ পৰা উপশম
মেথিৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে আৰু পাণ পাতে ৰক্ত সঞ্চালন উন্নত হয়। গাঁঠিৰ ফুলা, বিষ আৰু বাতবিষৰ দৰে সমস্যাত ই সকাহ দিয়ে।
(৫) মুখৰ দুৰ্গন্ধ কমায়
পাণৰ পাতৰ এন্টিচেপ্টিক গুণ থাকে, যিয়ে মুখৰ বীজাণু নাশ কৰে। মেথিয়ে মুখৰ ফুলা আৰু আলচাৰৰ পৰা উপশম দিয়ে।
(৬) ইয়াক এইদৰে গ্ৰহণ কৰিব
ৰাতিপুৱা খালী পেটত পাণৰ পাত আৰু মেথি সেৱন কৰিব লাগে। ইয়াৰ বাবে ১ চামুচ মেথি গুটি ৰাতিটো তিয়াই থ’ব লাগে। ৰাতিপুৱা এখন সতেজ পাণৰ পাত লৈ তাত এই মেথি গুটিৰ গুড়ি দিব। ইয়াৰ পিছত চোবাই গৰম পানীৰে খাব লাগে।
সাৱধানতা: গেষ্ট্ৰীকৰ আৰু পেটৰ সমস্যা থকা সকলে খালি পেটত নাখাব।