( অপূৰ্ব দাস )
ভিটামিন বি ১২ৰ অভাৱত ৰক্তহীনতা, দুৰ্বলতা আৰু, নাৰ্ভৰ সমস্যা , মানসিক চাপ, ভাগৰুৱা সমস্যাৰ সৃষ্টি হ’ব পাৰে। একেদৰে হাত-ভৰিৰ পেশীৰ দুৰ্বলতা আৰু জিনজিননি হ’ব পাৰে।
ভিটামিন বি ১২ আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ আৰু আমাৰ ছালৰ কোষক পুষ্টি প্ৰদান কৰাৰ লগতে আমাৰ সমগ্ৰ শৰীৰটো সুস্থ কৰি ৰাখে। ভিটামিন বি ১২ এ ডি এন এ গঠনতো ভূমিকা পালন কৰে আৰু পেশীৰ শক্তি গঢ়ি তোলে। শৰীৰৰ দুৰ্বলতা দূৰ কৰি শক্তি প্ৰদানৰ বাবেও ভিটামিন বি ১২ এক অপৰিহাৰ্য উপাদান। একে সময়তে তেজৰ অভাৱ, ৰক্তহীনতা আদি সমস্যা কমোৱাৰ ক্ষেত্ৰতো ভিটামিন বি ১২ সমৃদ্ধ খাদ্য সেৱন কৰাটো গুৰুত্বপূৰ্ণ। ভিটামিন বি ১২ পাবলৈ দামী পৰিপূৰক গ্ৰহণ কৰাৰ পৰিৱৰ্তে ঘৰত উপলব্ধ সাধাৰণ দালিও খাব পাৰে। কিন্তু যদিহে গুৰুতৰ অভাৱে দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
(১) মুগৰ দালিত ভিটামিন বি ১২ থাকে
ভিটামিন বি ১২ পাবলৈ মাংস, মাছ আৰু নন-ভেজ খোৱাৰ প্ৰয়োজন নাই, তাৰ পৰিৱৰ্তে দালিৰ দৰে নিৰামিষ খাদ্য গ্ৰহণ কৰি ভিটামিন বি ১২ লাভ কৰিব পাৰি। তেনে এবিধ দালি হ’ল মুগৰ দালি, যি ভিটামিন বি ১২ৰ ভাল উৎস।
(২) মাচৰুম :
মাচৰুমত ভিটামিন বি ১২ থাকে। গতিকে মাচৰুমৰ তৰকাৰী বা চূপ খাব পাৰে।
(৩) ৰাজ মাহ আৰু মাটি মাহ
ৰাজ মাহ আৰু মাটি মাহৰ দাইলত বহু পৰিমাণে ভিটামিন বি ১২ থাকে। গতিকে আপুনি এই দাইলো খাব পাৰে।
(৪) দৈ গাখীৰ আৰু পনীৰ
টেঙা নোহোৱা দৈ গাখীৰ নাইবা পানীৰত ভিটামিন বি ১২ যথেষ্ট পৰিমাণে থাকে। সেয়েহে এই দুবিধ খাদ্য সপ্তাহত তিনি দিন খাব পাৰে।
(৫) মাকৈ আৰু ৰহৰ দাইল
মাকৈ আৰু ৰহৰ দাইলতো যথেষ্ট পৰিমাণে ভিটামিন বি ১২ থাকে। আপুনি আপোনাৰ খাদ্য তালিকাত ইয়াক অন্তৰ্ভুক্ত কৰিব পাৰে।
ভিটামিন b12 ৰ বাবে কিয় খাব লাগে?
যিহেতু শৰীৰত ভিটামিন বি ১২ উৎপন্ন নহয়। ভিটামিন বি ১২ ৰ বাবে উপযুক্ত খাদ্য সেৱন কৰাটো অতি প্ৰয়োজনীয়। বহু খাদ্যত অধিক পৰিমাণে ভিটামিন বি ১২ থাকে। গতিকে দৈনিক এনে খাদ্য গ্ৰহণ কৰিব লাগে যিবোৰত ভিটামিন বি ১২ প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন বি ১২ এ শৰীৰত শক্তি বৃদ্ধি কৰে, ৰক্ত উৎপাদন কৰে, নাৰ্ভৰ সমস্যা দূৰ কৰে, মানসিক চাপ দূৰ কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।