Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

আকৌ ব'হাগ আহিলে... ঢোল-পেঁপা বাজিলে...

আকৌ ব'হাগ আহিলে... ঢোল-পেঁপা বাজিলে...




Good Assam 


আজিৰে পৰা উৎযাপন কৰিব ৰাজ্যবাসীয়ে হেঁপাহৰ ব’হাগ বিহু বা ৰঙালী বিহুটি । আজি হৈছে উৰুকা। উৰুকাৰ দিনটোৰ পৰাই আৰম্ভ হ'য় ব'হাগ বিহু।

বসন্ত কালৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ হৈছে ব'হাগ বা ৰঙালী বিহু । ৰঙালী বিহু হৈছে যৌৱনৰ উৎসৱ। এই উৎসৱত ডেকা গাভৰুৱে ৰাতি বিহু মাৰে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে কাৰণ এই সময়ত প্ৰকৃতিও যৌৱনত ভৰি দিয়েহি । পথাৰৰ খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে।






ব'হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি ব'হাগৰ ৬ তাৰিখলৈ সাত দিন ধৰা হয়। প্ৰত্যেক দিনাৰ বিহুৰ সুকীয়া নাম আছে। ইয়াক "সাত বিহু" বুলি জনা যায়। চ'তৰ শেষত দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন গোসাঁই বিহু বুলিও পালন কৰা যায়।







গৰু বিহু :

প্ৰথম বিহুটিৰ নাম গৰু বিহু। এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়। গাঁৱৰ আটাইবিলাক গৰু ওচৰৰ নদী , বিল বা আন তেনে ঠাইলৈ নি সকলোৱে গৰু ধুৱাই আৰু তলৰ গীতটো গাই গাই দীঘলতী, মাখিয়তী আদি গছৰ ডালেৰে কোবাই এনেদৰে গায় -





দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত।
মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু।
লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।
সিদিনাই মানুহে মাহ, হালধি, আমৰ মল আৰু দৈৱজ্ঞই আগতে দি যোৱা সৰ্বৌষধিৰে গা ধোৱে। এইদৰে গা ধুলে অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়। দুপৰীয়া নামঘৰত নাম-কীৰ্তন কৰা হয়। গধূলি গৰুক নতুন পঘা দিয়ে আৰু লাড়ু পিঠা খুৱায়।






মানুহ বিহু :

দ্বিতীয় দিনা বৰ বিহু বা মানুহৰ বিহু। এই দিনা নামঘৰত সামুহিকভাৱে নাম-কীৰ্তন কৰা হয়। সাধাৰণতে বৰ বিহুৰ দিনা বিহুৱান লোৱা হয়। এই বিহুৱান নিজৰ লগতে পৰিয়ালৰ অন্যান্য অঙহী-বঙহী ইষ্ট-কুটুম্ব আৰু মৰমৰ জনকো দিয়া হয়। ইও এক ধৰণৰ পৰম্পৰা। ব'হাগ বিহুত খোৱা-বোৱাতকৈ ৰং-ধেমালিৰ ওপৰত বেছি গুৰত্ব দিয়া হয়। ডেকা-ডেকেৰী সকলে বিহু-উৎসৱ পাতি বিহুগীত, বিহু নাচ, হুঁচৰি, নানা ৰকমৰ খেল-ধেমালিৰ ব্যৱস্থা কৰে। লগতে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থক আৰ্শীবাদ দিয়ে। আনহাতে কোনো কোনো ঠাইত শেন-কনুৱাৰ যুঁজ, ম'হ যুঁজ, কণী যুঁজ আদি খেল-ধেমালিৰো ব্যৱস্থা আছে।




        মডেল : বিদিশা দাস, বাক্সা, থমনা।


ৰাতি বিহু :

আগৰ কালত চ’ত মাহৰ আৰম্ভণিৰ পৰাই ডেকা গাভৰু মিলি ' ৰাতি বিহু' পতাৰ পৰম্পৰা আছিল। বৰ্তমান এই প্ৰথা প্ৰায় নোহোৱা হৈছে। ৰাতি বিহু কেৱল ডেকা গভৰুৰ বিহু। ডেকা গাভৰু মিলি ৰাতি ৰাতি আছুতীয়া ঠাইত বিহু নাচ, বিহু গীতৰে ইজনে সিজনক প্ৰেম নিবেদন কৰিছিল আৰু বিহু তলিৰ পৰাই বহুতে সাংসাৰিক জীৱন আৰম্ভ কৰিছিল। অৱশ্যে বৰ্তমান আধুনিক সভ্যতাৰ পৰশত এই বিলাক প্ৰথা একেবাৰে লোপ পাই গৈছে, কেৱল কেইটামান জনগোষ্ঠীৰ মাজত 'গছ তলৰ বিহু' নামৰে এই ৰাতি বিহুৰ অলপ পৰিবৰ্তিত ৰূপ প্ৰচলিত হৈ আছে। এই ৰাতি বিহুৰ শেষ হৈছিল গৰু বিহুৰ উৰুকাৰ দিনা।







জেং বিহু :

এই বিহু নৃত্য আৰু গীত কেৱল মহিলাসকলৰ দ্বাৰা পৰিৱেশন কৰা হয়। পূৰ্বতে গাঁৱত মহিলাসকলে এনে বিহু নৃত্য পৰিৱেশন কৰোঁতে তাৰ চাৰিওফালে বাঁহৰ কিছুমান "জেং" গুজি লৈছিল। সেয়ে সময়ত ইয়াক "জেং বিহু" বুলি নামকৰণ কৰা হয়। ইয়াক গছ তলৰ বিহু বুলিও জনা যায়।

কিছুমানে ব'হাগৰ বিহুৰ এই অনুষ্ঠানসমূহক তলত দিয়াৰ দৰে ভাগ কৰে -






চ’ত বিহু : চ’তৰ নিশা ডেকা-গাভৰুৱে বিহুৰ আখৰা কৰে আৰু আখৰা কৰা প্ৰথম নিশাটোয়ে হ’ল চ’ত বিহু।

ৰাতি বিহু : চ’ত বিহুৰ আখৰাৰ পৰৱৰ্তী বিহু মৰা নিশাবোৰক ৰাতি বিহু বুলি কোৱা হয়।

গৰু বিহু: চ’তৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। গধূলি ধূপ-ধূনা আদি দিয়া হয়।

মানুহ বিহু বা চেনেহী বিহু : পহিলা ব'হাগৰ দিনাখন এই বিহু পতা হয়। এই বিহুটোক আপোনজনে আপোনজনক বিহুৱান দিয়ে। বিহুগীত, হুঁচৰি গীত গাই অতি আনন্দ কৰে। পিঠা-পনা আদৰেৰে খুৱায়।









কুটুম বিহু : ব'হাগৰ দ্বিতীয় দিনটো কুটুম বিহু। এই দিনা জী-জোঁৱাইসকল মাকহঁতৰ ঘৰলৈ যায়। ইষ্ট-কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা-সৎকাৰ কৰে।

মেলা বিহু বা হাট বিহু: এই বিহুৰ দিনা পথাৰৰ মাজত এডাল গছক প্ৰতীক হিচাপে লৈ তাৰ তলত গাভৰুসকলে বিহু নাচে। গছ জোপালৈ বিহুৱান, তামোল-পাণ আদি আগবঢ়ায়। শিমলুগুৰি, নাহৰকটীয়া, টেঙাখাট আদি অঞ্চলত এই বিহু দেখা যায়।

চেৰা বিহু বা এৰা বিহু : ব'হাগ বিহুত ডেকা-গাভৰুৱে নাচি-বাগি ভাগৰি পৰে আৰু সপ্তম দিনা অতি আদৰৰ বিহুটিক সমাপ্ত ঘটায়। সেই দিনাখন বিহুৱানবোৰ পুনৰ ধুই বিহুক বিদায় দিয়ে।







ব’হাগ বিহু বা ৰঙালী বিহু সম্পৰ্কীয় ভালেমান লোকবিশ্বাস পোৱা যায়। চ’তৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনাখনৰপৰাই সাদিনীয়া ব'হাগ বিহু আৰম্ভ হয়।



বিহুক লৈ লোকবিশ্বাস :




গৰু বিহু :

গৰু বিহুৰ দিনাখন ৰাতিপুৱাই গৰুক মাহ-হালধি তেল সানি গা ধুৱাই নতুন পঘা আঁৰি দি দীঘলতি-মাখিয়তি পাতেৰে গৰুৰ গাত কোবোৱাৰ অন্তৰালত উৰ্বৰা বিশ্বাস জড়িত হৈ আছে। গধূলি পদূলিৰপৰা গোহালিলৈকে শুকান ধান খেৰ, তুঁহ, দীঘলতি, মাখিয়তি পাত আদি জ্বলাই ধোঁৱাময় কৰি তোলা হয়। এই ধোঁৱাই গোহালিৰ মহ-ডাঁহ আঁতৰোৱাৰ উপৰি অপদেৱতাক খেদি পঠায় বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰি আহিছে। ঠাই বিশেষে সাপ আদিৰপৰা ঘৰচীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ সেইদিনা গোহালিৰ চাৰিওকাষে নহৰু বটা পানীত ছটিওৱা হয়। গোটেই বছৰটোৰ বাবে গৰু-ছাগলীৰ ডিঙিত বগা, ৰঙা সূতা মেৰিয়াই দিয়া হয়।

অঞ্চল অনুযায়ী গৰু বিহুৰ দিনাখন গৰুক বিচনীৰ বিচ দিয়াৰ পিছতেহে মানুহে বিচনীৰ বা লয় আৰু এনে কৰিলে গোটেই বছৰটো শৰীৰ জুৰ পৰি থাকে বুলি বিশ্বাস কৰা হয়।





মানুহ বিহু :

বিহুৰ প্ৰথম দিনা কিছুমানলোকে স্নানাদি কৰোঁতে সৰ্বশুদ্ধি ব্যৱহাৰ কৰাৰ উপৰি ব্ৰাহ্মণ-জ্যোতিষাদিৰ কথানুষাৰে অনাগত বছৰটোত যাতে নিৰোগী হৈ থাকিব পাৰে সেই বিশ্বাসতে ৰাশি অনুযায়ী চেনি, নিমখ, মৌ, গাখীৰ আদি খায়। ‘বিহুত বিহোঁ অমৃত হয়’ বুলি এষাৰ কথা আছে। সেয়েই হয়তো কোনো কোনো অঞ্চলত স্বাস্থ্য ভালে থাকিবৰ বাবে গধূলি শোকোতা তিতা, কল পচলা, টেঙা আদিও খায়। এনে কৰিলে বছৰটোত সাপে খোঁটাৰ ভয় নাই বুলি বিশ্বাস কৰে।

অঞ্চল বিশেষে গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যি কোনো এদিনত এশ এবিধ শাক খোৱাৰ নিয়ম আছে। কিছুমানে ইয়াক সাত শাকেতী বা সাথেক তোলা বা সাত শাক তোলা বিহু বোলে। এশ এবিধ শাকৰ যি ব্যঞ্জন তৈয়াৰী কৰা হয় সেয়া ৰোগৰ মহৌষধ। ‘সাত বিহুৰ শাক শুকতি দেহাত দেই বল’ বুলি বিশ্বাস কৰি এশ এবিধ নহ’লেও সাতবিধ বা নবিধ শাক তোলে।






ঠাই বিশেষে গৰু বিহু বা মানুহ বিহুৰ দিনাখন ধুমুহা বৰষুণৰ পৰা হাত সাৰিবলৈ শিৱক সন্তুষ্টি কৰি নাহৰৰ পাতত মংগলসূচক বচন লিখি ঘৰৰ ছালৰ পানীপচাত খুচি থোৱা হয়-‘‘দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ/বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে’’। অসমীয়া মানুহৰ মনত শিৱ কৃষি দেৱতা। সেয়েই হয়তো প্ৰথম বিহুৰ দিনাই ৰাতিপুৱা কামৰূপৰ কোনো কোনো অঞ্চলত বাঁহৰ আগ আৰু ভাং-ধতুৰাৰ গছ খেতি-পথাৰত পুতি থয়। জনবিশ্বাস মতে এনেদৰে শিৱৰ প্ৰিয় ভাং-ধতুৰাৰ গছ পুতি শিৱক সন্তুষ্ট কৰিলে খেতি ভাল হয়।

পহিলা ব'হাগ বা মানুহ বিহুৰ দিনা গা ধুই গোসাঁইক সেৱা কৰি বিহুৱান লয় আৰু পিছত সৰুৱে মান্যজনক সেৱা-সৎকাৰ কৰি আশীৰ্বাদ লয় যাতে আগন্তুক বৰ্ষটো ভালে ভালে যাব পাৰে। ‘অতিকৈ চেনেহৰ বহাগৰ বিহুটি’ অহাৰ আগতেই অৰ্থাৎ চ’ত মাহ সোমোৱাৰ লগে লগেই অসমীয়া জীয়াৰী-বোৱাৰীৰ ‘চেনেহৰ বিহুৱান’খনি বৈ-কাটিবলৈ গাত ত’ত নাইকিয়া হয়। কিয়নো বিহুৰ পিছত ব’বলৈ থোৱা কোনো কাপোৰ বা বিহুৱান কোনো পুৰুষক দিয়া নহয়। বিশ্বাস ‘বিহুচেৰা’ বস্ত্ৰ পৰিধান কৰিলে লওঁতাৰ মৃত্যু কাষ চাপি আহে।





অঞ্চল বিশেষে বিহুৰ সাতদিন পুৰুষে গাত তেল নলয়, সাতদিনৰ খোৱা পিঠা-পনা, লাৰু আদি থাকিলেও বিহুচেৰাৰ দিনা পেলাই দিয়া হয়। যদি ব'হাগ বিহুৰ মাহটো মলমাহ পৰে তেতিয়া নিজৰ অশুভ হ’ব বুলি বিশ্বাস কৰি কোনো নতুন কাপোৰ বা বিহুৱান গ্ৰহণ কৰা নহয়। ব'হাগ বিহুৰ সময়ত হুঁচৰি গোৱা আশীৰ্বাদ ল’লে স্বৰ্গত স্থান পায় বুলি বিশ্বাস কৰে। সেয়েহে অনাখৰী কবিয়ে গায়- ‘‘গৰু বিহু দিনাখন- ল’বা আশীৰ্বাদ/তেহে পাবা বৈকুণ্ঠত থান"।

খেল-ধেমালিক লৈ লোকবিশ্বাস:

বহাগ বিহু ৰং-ধেমালিৰ উৎসৱ। বিহু-বলিয়া ডেকা-গাভৰুৱে সেয়েই বহাগ বিহুত নানান খেল-ধেমালি কৰা দেখা যায়। তাৰ ভিতৰত কড়ি খেল উল্লেখযোগ্য। কড়ি প্ৰজননৰ প্ৰতীক। কড়িখেলত যদি কোনো পুৰুষৰ কড়ি ফুটে তেন্তে সেই সেই পুৰুষৰ ভাগ্যোদয় হয় আৰু জিকিলে, অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি কোনো কোনোৱে বিশ্বাস কৰে।



সাত শাক খোৱাৰ পৰম্পৰা:



অসমীয়া সমাজত গৰু বিহুৰ দিনা এশ এবিধ শাক আৰু সাত বিহুৰ দিনা সাতবিধ শাক খোৱাৰ পৰম্পৰা আছে। গৰু বিহুৰ দিনা যি এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে তাত বিভিন্ন শাক-পাচলি, তৰু-লতা-তৃণ আদি অন্তৰ্ভুক্ত কৰা হয়। এই শাক-পাচলিবোৰত টেঙা, কেঁহা, তিতা গুণৰ সমাহাৰ হয়। স্বাভাৱিকতে এই সমূহ ঔষধি গুণ সম্পন্ন। অসমীয়া সমাজত খাদ্য প্ৰণালী সম্পৰ্কে বিভিন্ন নীতি-নিয়ম আছে। সেইদিনাখন গ্ৰহণ কৰা এশ এবিধ শাক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। বিহুৰ প্ৰথম দিনা ঔষধি গুণসম্পন্ন শাকপাত খাই অসমীয়া মানুহে বছৰটোলৈ নিৰোগী হৈ পৰে।





সাতবিহুৰ শেষৰ দিনা সাতবিধ শাক খোৱাৰ নিয়ম আছে। উজনি অসমত ই এক পৰম্পৰা য’ত উৎসৱৰ আনন্দ অধিক। নামনি অসমত কিন্তু মহিলাসকলৰ বাবে ই আনন্দৰ উৎসৱ। সেইদিনা ছোৱালীহঁতে দলবান্ধি সাজ-পোছাক কৰি চালনি লৈ শাক তুলিবলৈ যায় নাচ গান কৰি। শাকতোলা হ’লে ঘৰাঘৰি আহি চালনি থৈ গা ধুই শাক চাফা কৰি আমকলি মিহলাই খায়। বৈষ্ণৱ সংসঋতিৰ সমৃদ্ধ বৰপেটা অঞ্চল ১ আৰু ৬ ব’হাগৰ দিনা মহিলাসকলে বোৱাৰি পুৱাতে দলবান্ধি নৈৰ দাঁতিকাষৰীয়া অঞ্চল চাই সাতবিধ শাক তোলে। তাৰ আগত নদীত স্নান কৰে। নামকীৰ্তন কৰে। শাক তোলাৰ পিছত মঞ্চাভিনয় কৰে। আবেলি শাকৰ টোপোলা লৈ গীতপদ গাই ঘৰলৈ ঘূৰি সাতখন আঞ্জাৰে ভোজন কৰে।বহুলোকে বিহুৰ ১৪ দিনৰ দিনা ১৪ বিধ শাক খায়।







বিহুৰ পিঠা-পনা:

জলপানৰ নিচিনাকৈ পিঠা-পনাৰ অবিহনে বিহু অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। অসমীয়া লোকে বিহুত তৈয়াৰ কৰা কেইবিধমান পিঠা হ'ল -

তিল পিঠা – বৰা চাউলৰ পিঠাগুৰিৰ মাজত তিল আৰু গুৰৰ মিশ্ৰণ সুমুৱাই শুকানকৈ খোলাত ভজা পিঠা। তিল পিঠাৰ দৈৰ্ঘ্য ৪ ইঞ্চিৰ পৰা ১০ ইঞ্চি মানলৈকে হোৱা দেখা যায়। এই পিঠা ভাজিবলৈ যথেষ্ট ধৈৰ্যৰ প্ৰয়োজন হয়।






নাৰিকল পিঠা - তিল পিঠাৰ দৰেই ইয়াক ভজা হয়। মাথোঁ তিল আৰু গুৰৰ জেগাত নাৰিকল ৰুকি চেনিৰ লগত অলপ ভাজি পিঠাগুৰি খিনিৰ মাজত দিয়া হয়।

ঘিলা পিঠা - এই পিঠা বনাবলৈ পিঠাগুৰিখিনিত গুৰ সানি কিছু সময় থৈ দি হাতৰ তলুৱাত লৈ গোলাকৃতিৰ কৰি মিঠাতেলত ভাজিব লাগে। ইয়াক নিমখদিও ভাজিব পাৰি। এই পিঠা অতি জনপ্ৰিয়।

বৰ পিঠা- এই পিঠা ভাজিলৈও বৰা বা আৰৈ চাউলৰ গুৰি, গুৰ, খোৱা চৌডাৰ প্ৰয়োজন হয়। ইয়াক ঘিলা পিঠাৰ দৰেই বনোৱা হয়।

ফেনী পিঠা- পিঠাগুৰিৰ লগত গুৰ মিহলি কৰি কিছু পনিয়া কৰি ল‘ব লাগে। তাৰ পিছত কম জুই দি কেৰাহীত হেঁতাৰে এহেতামান দি ঢাকোন মাৰি থ‘ব লাগে অলপ পিছত লুটিয়াই আকৌ ঢাকোন মাৰি ভাজিব লাগে। হেতা বা চামুচেৰে পিঠাগুৰিখিনি যিমান ফেটিব সিমানে পিঠাটো খাবলৈ ভাল হ‘ব।

খোলা চপৰীয়া পিঠা - ফেনী পিঠাৰ দৰেই এই পিঠা ভজা হয় মাথোঁ গুৰৰ ঠাইত নিমখ আৰু অকণমান তেল লাগে। ইয়াকো কম জুইত ঢাকোন মাৰি ভাজিব লাগে। কিছুমানে অৱশ্যে গুৰ দিও ভাজে।

জোনপিঠা- এই পিঠা ভাজিবলৈ বৰাচাউলৰ পিঠাগুৰি , দুটামান সিজোৱা মিঠাআলু অলপমান গাখীৰ, চেনিৰ ৰস লাগে। পিঠাবোৰ জোনবিৰিৰ আকাৰে ঘিলা পিঠাৰ দৰেই ভাজি কিছু সময় চেনি ৰসত ডুবাই থ‘ব লাগে।

টেকেলি পিঠা- এই পিঠা পিঠাগুৰি, ৰোকা নাৰিকল আৰু চেনিৰ মিশ্ৰণ কৰি টেকেলি মুখত ভাপত ভজা হয়। ইয়াত তেল ব্যৱহাৰ নহয় যদিও খাবলৈ সোৱাদ হয়।

টোপোলা পিঠা – এই পিঠা কলপাত বা তৰা পাতত পিঠাগুৰি খিনিত নিমখ মিলাই মেৰিয়াই পানীত সিজোৱা হয়।

কল পিঠা- পকাকল, পিঠাগুৰি আৰু গুৰ মিশ্ৰণ কৰি তেলত ডুবাই এই পিঠা ভজা হয়।

চুঙা পিঠা- কেঁচা পিঠাগুৰি আৰু গুৰ মিহলাই কোমাল বাঁহৰ চুঙাত পুৰি ভজা হয়।

মুঠীয়া পিঠা- কেঁচা পিঠাগুৰি পানীৰে সানি মুঠি-মুঠি কৰি উতলা পানীত সিজাই মুঠিয়া পিঠা কৰা হয়।

সুতুলি পিঠা- এই পিঠা ঘিলা পিঠাৰ দৰেই ভজা হয় যদিও তাত তিল ভাজি গুৰৰ লগত মিশ্ৰণ কৰি লাডুটোৰ ভিতৰত সুমুৱাই তেলত ভজা হয়। ইয়াক সুতুলিৰ আকৃতিত বনোৱা হয় বাবে সয়তুলি পিঠা বুলি কয়। ইয়াক গৰমে গৰমে খাবলৈ বৰ ভাল।

লুথুৰি পিঠা- পিঠাগুৰিৰ লগত গুৰ বা চেনি পানীৰ লগত ঢিলাকৈ সানি কম জুইত সিজাই পিছত গাখীৰৰ লগত খোৱা পিঠা।

জাপৰী পিঠা- ঘিলা পিঠা এটা সাজি, তাত তিল আৰু গুৰ দি তাৰ ওপৰত তেনে জোখৰ আন এটা ঘিলা পিঠাৰ কাষ কেইটা যোৰা লগাই তেলত ভজা হয়। এয়াকে জাপৰী পিঠা কোৱা হয়।

ইয়াৰোপৰি আৰু বহুতো পিঠা গ্ৰামাঞ্চলত ভজা হয়। যেনে- ধুম পিঠা, নাঙল ধোৱা পিঠা, ভাত পিঠা, ভুৰ-ভুৰী পিঠা, তাল পিঠা ইত্যাদি।


ইয়াৰ বাদেও বিহত লাড়ু আৰু মিঠৈও তৈয়াৰ কৰা হয়। তিলৰ লাড়ু, মুড়িৰ লাড়ু, আখৈৰ লাড়ু, নাৰিকলৰ লাড়ু, কেঁচা মিঠে, পকা মিঠে আদি সাধাৰণতে তৈয়াৰ কৰে আৰু প্ৰিয় সকলক আনন্দেৰে খুৱাই।

লাওপুলি পিঠা- কোমল জাতিলাও সিজাই, পিঠাগুৰিৰ সৈতে লদা কৰি ভাজে লাওপুলি পিঠা তৈয়াৰ কৰা হয়। ভজাৰ পাছত জুলীয়া গুৰত ডুবাই ৰখা হয়।

তাল পিঠা - পকা তালৰ ৰসৰ আৰু সাহৰ লগত পিঠাগুৰি, চেনি মিহলাই তেল ভাজি এই পিঠা তৈয়াৰ কৰা হয়।

সাহ পিঠা - শুকান পিঠাগুৰিৰ খোলাত দি মাজত গাখীৰ, চেনি আৰু পিঠাগুৰিৰ মণ্ড দি ৰন্ধা এবিধ পিঠা।



গুড অসমৰ তৰফৰ পৰা সমূহ অসমবাসীৰ লগতে আমাৰ মৰমৰ পাঠক-পাঠিকালৈ ব'হাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশাকৰোঁ সকলোৰে দিনবোৰ আৰু বছৰটি আশা কৰা ধৰণৰ হ'য় যেন, ধন্যবাদ।









Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection