Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

ৰাতিৰ এনে অভ্যাসে আপোনাৰ লিভাৰৰ ক্ষতি কৰে। আজিৰ পৰা এনে অভ্যাস ত্যাগ কৰক

ৰাতিৰ এনে অভ্যাসে আপোনাৰ লিভাৰৰ ক্ষতি কৰে। আজিৰ পৰা এনে অভ্যাস ত্যাগ কৰক।



( অপূৰ্ব দাস )


ৰাতিৰ কিছুমান বেয়া অভ্যাসে যকৃতত গভীৰ বেয়া প্ৰভাৱ পেলায়। এই বিষয়ে জানিবলৈ পঢ়িব -


(১) গভীৰ নিশাৰ ৰাতিৰ আহাৰ – বহুতে ৰাতি ১০-১১ বজাত বা তাৰ পিছত ৰাতিৰ আহাৰ খাই লগে লগে শুই পৰে। এই অভ্যাসে যকৃতত প্ৰত্যক্ষ ভাৱে বেয়া প্ৰভাৱ পেলায়। ৰাতিৰ আহাৰ সদায় ৪:৩০ বা ৯ বজাৰ ভিতৰত খোৱা উচিত। ভাত খোৱাৰ ২ ঘণ্টাৰ পিছতহে শুবলৈ যোৱা উচিত।





(২) দেৰিকৈ শুবলৈ যোৱা – ৰাতি দেৰিকৈ শুবলৈ গলে আপোনাৰ লিভাৰতো প্ৰভাৱ পৰে। গতিকে সময়মতে শুই থকাটো অভ্যাস কৰি লওক।






(৩) ৰাতি বহু দেৰিকৈ মোবাইল চাই থকা - 

আপুনি আচৰিত হ'ব যে ই কেনেকৈ সম্ভৱ ? বহু গৱেষণাৰ পৰা এইটো পোহৰলৈ আহে যে ৰাতি বহু দেৰিকৈ মোবাইল চাই থাকিলে টোপনি অহাত সহায় কৰা হ'ৰমন নিঃসৰণ বন্ধ হ'য়। 
মেলাটনিন হৈছে আন্ধাৰৰ প্ৰতিক্ৰিয়াত গ্ৰন্থিৰ দ্বাৰা নিঃসৰণ কৰা হৰম’ন, সেয়েহে ইয়াক আন্ধাৰৰ হৰম’ন বুলি কোৱা হয়। এই বিধ হ'ৰমনে গভীৰ টোপনি অহাত সহায় কৰে , যাৰ ফলত আপোনাৰ স্বাস্থ্য উন্নত হৈ থাকে । এইবিধ হ'ৰমনৰ এণ্ডোথেলিয়াল সুৰক্ষামূলক প্ৰভাৱৰ উপৰিও এন্টি-ইনফ্লেমেটৰী, এন্টিঅক্সিডেন্ট, আৰু এন্টিকোএগুল’পেথিক ভাল গুণ আছে। 

মগজুৰ গভীৰতাত থকা পাইনকন আকৃতিৰ এটা অংশত পাইনেল গ্ৰন্থি আৰু ইয়াৰ হৰম'নৰ উৎপাদন মেলাটনিন দীৰ্ঘায়ুৰ সৈতে জড়িত। এইবিধ গ্ৰন্থি অক্ষম হৈ আহিবলৈ ধৰিলে বাৰ্ধক্য হ'বলৈ আৰম্ভ কৰে। 

পাইনেল গ্ৰন্থিয়ে জৈৱিকভাৱে সক্ৰিয় যৌগ নিঃসৰণ কৰে বুলি প্ৰথম প্ৰমাণ পাইছে, যিটো বৰ্তমান মেলাটনিন নামেৰে জনাজাত। ৰাতি বহু দেৰিকৈ মোবাইল চাই থাকিলে এইবিধ হ'ৰমনৰ নিঃসৰণ বন্ধ হয় বাবে বিভিন্ন ৰোগ হ'বলৈ আৰম্ভ কৰে - যেনে পেশীৰ দুৰ্বলতা, লিভাৰ দুৰ্বলতা, যৌন শক্তি কমি যোৱা, বয়স বাঢ়ি যোৱা, ছালৰ উজ্জ্বলতা নাশ হোৱা, বৃক্কৰ সমস্যাৰ লগতে নাৰ্ভৰ সমস্যা ইত্যাদি।



(৪) ৰাতি গধুৰ খাদ্য খোৱা - ৰাতি গধুৰ খাদ্য খোৱাটোৱে আপোনাৰ লিভাৰত গভীৰ প্ৰভাৱ পেলায়, যাৰ বাবে লিভাৰৰ ক্ষতি হ’ব পাৰে। ৰাতি কমকৈ পাতল খাদ্য খাব লাগে। গধুৰ খাদ্য যেনে- মাছ-মাংস বা প্ৰ'টিন-চৰ্বি , জলকীয়া, টেঙা খাদ্য খোৱাটোও লিভাৰ বাবে ক্ষতিকাৰক।


(৫) কেফেইন আৰু মদ্যপান – ৰাতি শুবলৈ যোৱাৰ আগতে কেফেইন - চাহ-কফি বা মদ্যপান কৰিলেও আপোনাৰ যকৃতত গভীৰ প্ৰভাৱ পৰে।


(৬) পানী নোখোৱা – বহুতে ৰাতি পানী কমকৈ খায়, যাৰ বাবে লিভাৰ আক্ৰান্ত হয়। ভাত খোৱাৰ ৩ ঘণ্টা পিছত বা মাজ ৰাতি গৰমৰ দিনত সাধাৰণ এগিলাছ পানী খাব পাৰিলে ভাল। শীতৰ দিনত কুহুমীয়া গৰম পানী খাব লাগে।


(৭) জাংক ফুড খোৱাঃ ৰাতি জাংক ফুড বা ভজা খাদ্য খোৱাটোও যকৃতৰ ক্ষতিৰ কাৰণ হ’য়।







Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection