( অপূৰ্ব দাস )
শেহতীয়াকৈ ChatGPT ৰ Ghibli Style য়ে বহুত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়া OpenAI ৰ এই সঁজুলিটো আন এটা বৈশিষ্ট্যৰ বাবে বাতৰিৰ শিৰোনামত আছে। ChatGPT ৰ সহায়ত আপুনি বছৰ বছৰ পুৰণি ক'লা-বগা ফটোবোৰক সহজেই ৰঙীন কৰি তুলিব পাৰিব।
আজি আমি যেতিয়াই ফটো এখন ক্লিক কৰো তেতিয়াই ৰঙীন হৈ ওলাই আহে কিন্তু যদি আমি আমাৰ দেউতা বা ককাৰ সময়ৰ কথা কওঁ তেন্তে তেনেকুৱা নাছিল। আমাৰ ককাৰ সময়ত বেছিভাগ ফটো আছিল ক’লা-বগা। যদি আপোনাৰ হাতত ক'লা বগা আপোনাৰ ককা বা দেউতাৰাৰ বিয়া আদিৰ ফটো আছে তেন্তে আজিৰ খবৰটো আপোনাৰ বাবে উপযোগী হ'বলৈ গৈ আছে। পুৰণি ক’লা-বগা ফটোবোৰ সহজেই ৰঙীন কৰি তুলিব পাৰি। OpenAI ৰ ChatGPT সঁজুলিয়ে আপোনাক এই কামত সহায় কৰিব।
ChatGPT ৰ সহায়ত আপুনি মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে ক’লা-বগা ফটোক ৰঙলৈ ৰূপান্তৰিত কৰিব পাৰিব। OpenAI ৰ ChatGPT ৰ এই নতুন বৈশিষ্ট্য এই মুহূৰ্তত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু ব্যৱহাৰকাৰীসকলে ইয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰিছে। ব্যৱহাৰকাৰীসকলে নিজৰ পুৰণি পৰিয়ালৰ ফটোক নতুন ৰূপ দিবলৈ ব্যস্ত। যদি আপোনাৰ পুৰণি ফটো আছে, তেন্তে এনেদৰে ৰঙীন কৰি তুলিব পাৰে -
(১) ক’লা-বগা ফটো এখন ৰঙীন কৰিবলৈ প্ৰথমে ChatGPT ৰ ৱেবছাইট বা মোবাইল এপলৈ যাব লাগিব।
(২) যদি আপুনি ফটোখনক নতুন ৰূপ দিব বিচাৰে, তেন্তে প্ৰথমে নিশ্চিত কৰক যে আপুনি ChatGPT ৰ শেহতীয়া সংস্কৰণ ব্যৱহাৰ কৰিছে।
(৩) এতিয়া আপুনি আপোনাৰ ক’লা-বগা ফটোখন প্লাছ আইকনত টেপ কৰি আপলোড কৰিব লাগিব।
(৪) ফটোখন ৰং কৰিবলৈ আপুনি ChatGPT ত এটা প্ৰমপ্ট দিব লাগিব। আপুনি ইয়াত লিখিব পাৰে – এই ক’লা-বগা ফটোখনক প্ৰাকৃতিকভাৱে ৰঙীন ফটোলৈ ৰূপান্তৰিত কৰক যিটো প্ৰকৃত ৰঙীন ফটোৰ দৰে দেখা যাব।
এনেদৰে লিখিব ইংৰাজীত -
"Transform this black and white photo into a naturally colored photo that will look like a real color photo."
(৫) প্ৰমপ্টৰ ওপৰত ভিত্তি কৰি, ChatGTP এ আপোনাৰ ক'লা আৰু বগা ফটোখন মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে এখন ৰঙীন ফটোলৈ ৰূপান্তৰিত কৰিব।
এতিয়া সেই ফটোখন ডাউনলোড কৰি আপোনাৰ ডিভাইচত চেভ কৰিব পাৰিব।