( অপূৰ্ব দাস )
বেছিভাগ মানুহেই ঘূৰি ফুৰি ভাল পায়, অৱশ্যে কিছুমান মানুহে গাড়ী বা বাছেৰে যাত্ৰা কৰাৰ সময়ত বমি অনুভৱ কৰে। এনে পৰিস্থিতিত অসুস্থতাৰ বাবে এই লোকসকলৰ মন নষ্ট হৈ যায়।
গাড়ী বা বাছত বহি হ’লে মোচন ছিকনেছৰ কাৰণ হ’ব পাৰে। আমাৰ কাণ, ভৰি আৰু শৰীৰৰ অন্যান্য অংশই বেলেগ বেলেগ বাৰ্তা দিবলৈ আৰম্ভ কৰিলেই মোচন ছিকনেছৰ সমস্যাৰ সৃষ্টি হয়। তেতিয়া আমাৰ মনটোৱে শুদ্ধ বাৰ্তা পাবলৈ সক্ষম নহয়।
কিছুমান মানুহৰ দীৰ্ঘসময় ধৰি কম্পিউটাৰ , টিভি, মোবাইল , ভিডিঅ’ গেম খেলাৰ ফলতো মোচন ছিকনেছ হ’ব পাৰে, তেনে ক্ষেত্ৰত আপুনি মূৰ ঘূৰোৱা, মূৰৰ বিষ বা গেষ্ট্ৰীক হ'বলৈ আৰম্ভ কৰে আৰু বমি হ'বলৈ আৰম্ভ কৰে। এনে হয় চকুত আৰু মূৰৰ ৰক্তচাপ বৃদ্ধি হোৱাৰ ফলত।
গাড়ী বা বাছেৰে যাত্ৰা কৰিলে খিৰিকীৰ বাহিৰত গছ-গছনিবোৰ লৰচৰ কৰা দেখা যায় আৰু মনটোৱে অনুভৱ কৰে যে আপুনিও গতি কৰি আছে, যদিও সেই সময়ত আপোনাৰ শৰীৰটো কেৱল এটা ঠাইতে থাকে। সেইবাবেই আপোনাৰ মনটো বিভ্ৰান্ত হৈ পৰে।
গাড়ীত মোচন ছিকনেছৰ পৰা হাত সাৰিবলৈ গাড়ীৰ চিটটো পিছলৈ হেলনীয়া কৰি আঙুলি বন্ধ কৰি মুঠি এটা বনাব লাগে। লগতে গাড়ীখন ৰখাই বা চকু জপাই কিছু সময়ৰ বাবে অলপ শুদ্ধ বতাহ ল'ব লাগে।
ইয়াৰ উপৰিও যদি আপুনি প্ৰায়ে মোচন ছিকনেছত আক্ৰান্ত হয় তেন্তে যাত্ৰাৰ আগতে ঔষধ কঢ়িয়াই লৈ ফুৰিব। ইয়াৰ ফলত গাড়ীত বমি হোৱাৰ সম্ভাৱনা কমি যায়।
গেছট্ৰিক, উচ্চ ৰক্তচাপ, হাই কলেষ্টেৰলৰ লগতে নাৰ্ভৰ সমস্যা থাকিলেও গাড়ীৰ ভিতৰত বমি বা মূৰ ঘূৰাই অস্বাভাৱিক হৃদস্পন্দন হ'ব পাৰে। ইয়াৰ ফলত বমি হ'ব পাৰে। এনে অৱস্থাত গাড়ীৰ পৰা নামি মুখত ঠাণ্ডা পানী চটিয়াব লাগে।