Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

এনে খাদ্যই কলন কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰে। কলন কেন্সাৰ কি ? জানিবলৈ পঢ়িব

এনে খাদ্যই কলন কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰে। কলন কেন্সাৰ কি ? জানিবলৈ পঢ়িব।


( অপূৰ্ব দাস )

স্বাস্থ্যকৰ বুলি বিবেচিত কিছুমান খাদ্যই কলন কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। বৰ্তমানৰ সময়ত লোভনীয় কিছুমান খাদ্যই কলন কেন্সাৰৰ সৃষ্টি কৰিছে। 
জানো আহক কলন কেন্সাৰৰ বিষয়ে আৰু কি কি খাদ্য খালে এই ৰোগ হ'ব পাৰে -

বৰ্তমান সময়ত সকলোৱে ফিট হৈ থাকিব বিচাৰে । ছ’চিয়েল মিডিয়াত বহুতো ডায়েট প্লেন, ফিটনেছ টিপছ আৰু নিউট্ৰিচন গাইড উপলব্ধ যিয়ে সুস্থ হৈ থকাৰ পথ দেখুৱাইছে। 

মানুহে ওজন সোনকালে কমাবলৈ, পেশী গঢ়ি তুলিবলৈ বা শক্তি বৃদ্ধি কৰিবলৈ উচ্চ প্ৰটিনযুক্ত, কম কাৰ্বযুক্ত বা চৰ্বিমুক্ত খাদ্য গ্ৰহণ কৰিছে। প্ৰথম অৱস্থাত ফলাফল ভাল দেখা যায়, ওজন কমি যায়, শৰীৰ সক্ৰিয় অনুভৱ হয়। কিন্তু আপুনি জানেনে যে এই স্বাস্থ্যকৰ আহাৰ যদি কোনো পৰীক্ষাৰ অবিহনে দীৰ্ঘদিন ধৰি খাই থাকে তেন্তে ইয়াৰ ফলত এক মাৰাত্মক ৰোগ হ’ব পাৰে ।

কিছুমান অধ্যয়ন আৰু চিকিৎসা প্ৰতিবেদনত উল্লেখ কৰিছে যে কিছুমান স্বাস্থ্যসন্মত খাদ্যৰ কলন কেন্সাৰৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক দেখা গৈছে।






কলন কেন্সাৰ কি ?

যেতিয়া কলনৰ কোষত ( বৃহদান্ত্র আৰু ক্ষুদ্ৰান্ত ) ডি এন এ সলনি হয়, যাৰ ফলত ইহঁত অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি আৰু বিভাজন হয়। এই পৰিৱৰ্তন জিনীয় কাৰকৰ বাবেও হয় বা জীৱনশৈলীৰ ভুলৰ বাবে আৰু কিছুমান চিকিৎসাজনিত অৱস্থাৰ বা ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বাবেও হ’ব পাৰে। কলন কেন্সাৰ হ'লে বৃহদান্ত্র আৰু ক্ষুদ্ৰান্তত ঘাঁৰ দৰে সৃষ্টি হ'ব পাৰে। আন এক কাৰণ যেনে কেন্সাৰ থকা মানুহৰ যৌনাংগ পায়ুৰ ললেও এনে ৰোগ হ'ব পাৰে।

কোনবোৰ খাদ্য বিপদজনক হ’ব পাৰে জানো আহক- 

১/ উচ্চ প্ৰটিনযুক্ত খাদ্য

ওজন কমাবলৈ মানুহে প্ৰায়ে কম কাৰ্বহাইড্ৰেট যুক্ত আহাৰ খায় আৰু উচ্চ প্ৰটিনযুক্ত খাদ্য, যেনে কিট’জেনিক বা পেলিঅ’ খাদ্যৰ ফালে মুখ কৰে। এইবোৰত কাৰ্বৰ পৰিমাণ অতি কম আৰু ৰঙা মাংস আৰু প্ৰচেছড মাংস বেছি থাকে। গৱেষণাৰ পৰা দেখা গৈছে যে ৰঙা মাংস আৰু প্ৰচেছড মাংসই কলন কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।


২/ আঁহৰ অভাৱ হোৱা খাদ্য

বহু সময়ত স্বাস্থ্যসন্মত খাদ্যৰ পৰিকল্পনা কৰি থাকোঁতে মানুহে অজানিতে আঁহৰ পৰিমাণ কমাই দিয়ে। আঁহে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে আৰু বৃহদান্ত্ৰ পৰিষ্কাৰ কৰে। আঁহৰ অভাৱত বৃহদান্ত্ৰত বিষাক্ত পদাৰ্থ জমা হয়, যাৰ ফলত পিছলৈ কেন্সাৰ হ’ব পাৰে।

৩/ কেৱল পৰিপূৰক খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি
যদি আপোনাৰ খাদ্যত প্ৰাকৃতিক বস্তুৰ অভাৱ আৰু আপুনি কেৱল মাল্টিভিটামিন বা প্ৰ'টিন পাউদাৰৰ ওপৰত নিৰ্ভৰশীল, তেন্তে এইবোৰেও বিপদ বৃদ্ধি কৰে। এনে পৰিস্থিতিত সাৱধান হোৱাৰ প্ৰয়োজন আছে।


কলন কেন্সাৰৰ আগতীয়া লক্ষণ -

(১) সঘনাই পেটৰ বিষ বা গেছ হোৱা 

(২) হঠাৎ ওজন কমি যোৱা

(৩) মলত ( সৌচত ) ৰক্তক্ষৰণ

(৪) দীৰ্ঘদিন ধৰি থকা কোষ্ঠকাঠিন্য ( সৌচ টান ) বা ডায়েৰিয়া ( সৌচ থপথপিয়া বা পনীয়া )

(৫) দুৰ্বলতা আৰু ক্লান্তি


কলন কেন্সাৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি -

১/ কেৱল পেকেট ডায়েটৰ ওপৰত নিৰ্ভৰ নকৰিব। প্ৰতিবিধ আহাৰত প্ৰটিন, আঁহ, ভাল চৰ্বি আৰু কাৰ্বৰ সঠিক পৰিমাণ থকা দৰকাৰ।

২) সেউজীয়া শাক-পাচলি, গোটা শস্য, ফল-মূল আৰু বীনত আঁহ পোৱা যায়, সেইবোৰ সেৱন কৰক।

৩) প্ৰতিদিনে ৩০ মিনিট ব্যায়াম আৰু ১ ঘণ্টা শাৰীৰিক ক্ৰিয়া-কলাপ কৰিলে বৃহদান্ত্ৰৰ স্বাস্থ্যত সহায়ক হয়।

৪) ধূমপান আৰু মদৰ পৰা আঁতৰি থাকিব। এই দুয়োটাই কলন কেন্সাৰ হোৱাৰ সম্ভাৱনা কেইবাবাৰো বৃদ্ধি কৰে।

৫/ যদি পৰিয়ালৰ কোনোবাই কলন কেন্সাৰত আক্ৰান্ত হৈছে বা আপোনাৰ বয়স ৪৫+ হয় তেন্তে মাজে মাজে কলন কেন্সাৰ পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।





Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection