( অপূৰ্ব দাস )
নৰসিংহ পাত অতি স্বাস্থ্যকৰ। ইয়াৰ দ্বাৰা শৰীৰৰ ওজন হ্ৰাস কৰাৰ পৰা আৰম্ভ কৰি শৰীৰৰ বিষক্ৰিয়াও হ্ৰাস কৰিব পাৰি। ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক-
বেছিভাগ মানুহেই খাদ্যৰ জুতি ল’বলৈ নৰসিংহৰ পাত ব্যৱহাৰ কৰে। আয়ুৰ্বেদিক দৃষ্টিকোণৰ পৰা ইয়াৰ স্বাস্থ্যৰ বহু উপকাৰ আছে। সেৱন কৰিলে শৰীৰৰ বহু উপকাৰ হয়। ৰাতিপুৱা খালী পেটত নিয়মিতভাৱে নৰসিংহৰ পাত সেৱন কৰিলে স্বাস্থ্যৰ বহু উপকাৰ হ’য়।
(১) ওজন হ্ৰাস কৰে
নৰসিংহ পাতত থকা এন্টিঅক্সিডেন্ট আৰু আঁহে শৰীৰৰ চৰ্বি কমোৱাত সহায় কৰে। ই বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে, যিয়ে শৰীৰত জমা হৈ থকা অতিৰিক্ত চৰ্বি নাশ কৰাত সহায় কৰে। খালী পেটত নৰসিংহ পাত খালে পেটৰ চৰ্বি কমি যায় আৰু ওজন কমাবলৈ সহায় কৰে।
(২) কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে
নৰসিংহৰ পাতত অধিক পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে তেজত কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক বুলি প্ৰমাণিত । ই শৰীৰৰ পৰা ক্ষতিকাৰক কলেষ্টেৰল আঁতৰাই দিয়ে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়।
(৩) হজম শক্তি উন্নত কৰে
পাচনতন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে নৰসিংহৰ পাত উপকাৰী। ইয়াত উপস্থিত থকা আঁহ আৰু এন্টিঅক্সিডেন্টৰ দৰে মৌলবোৰে পেটৰ সমস্যা যেনে গেছ, কোষ্ঠকাঠিন্য, বদহজম আদিৰ পৰা উপশম ঘটাত সহায় কৰে। ইয়াৰ উপৰিও ই যকৃতৰ বিষমুক্ত কৰি খাদ্য সঠিকভাৱে হজম কৰাত সহায় কৰে। গেছট্ৰিকৰ সমস্যা থকা লোক সকলে নৰসিংহ পাতৰ ৰস ১৫ বা ৩০ মিলি গ্ৰাম দাইল আঞ্জাৰ সৈতে মিহলাই দিনৰ ভাগত খাব লাগে।
(৪) চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে
নৰসিংহৰ পাতত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু চি থাকে, যিয়ে চকুৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ইয়াৰ সেৱনৰ দ্বাৰা চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰি। ই ছানি পৰা ৰোগৰ চিকিৎসাতো ফলপ্ৰসূ।
(৫) ছালৰ সমস্যা দূৰ কৰে
নৰসিংহ পাতত বেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ থাকে, যিয়ে ছালৰ পিম্পল, ব্ৰণ, দাগ আদিৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰে। ই ছালখন জিলিকি থকা আৰু চিকচিকিয়া কৰি ৰাখে। ইয়াৰ পাত মিহিকৈ গুড়ি কৰি ছালত বেচনৰ লগত লগাব লাগে।
(৬) চুলি সৰা আৰু পকা সমস্যা দূৰ কৰে
যি সকলৰ চুলি অকালতে পকিছে বা চুলি সৰিছে তেওঁলোকেও নৰসিংহৰ পাত দৈনিক খাব লাগে।
নৰসিংহৰ পাত খোৱাৰ পদ্ধতি
নৰসিংহৰ পাত খোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল ৰাতিপুৱা । ইয়াৰ ৪-৫ টা পাত খালী পেটত চোবাই খাব লাগে। ইয়াৰ পিছত এগিলাচ কুহুমীয়া পানী খাব।
গেছট্ৰিকৰ সমস্যা থকা সকলে ইয়াৰ পাতৰ ৰস ১৫ বা ৩০ মিলি গ্ৰাম দাইল আঞ্জাৰ সৈতে মিহলাই দিনৰ ভাগত খাব লাগে।
ইয়াৰ ৰস, চূপ, বা চাহৰ ৰূপতো খাব পাৰে। দৈনিক এই কাম কৰিলে শৰীৰত সৰ্বাধিক উপকাৰ পোৱা যাব।