( অপূৰ্ব দাস )
ডায়েবেটিছ ৰোগীৰ বাবে আজিকালি চেনিমুক্ত গুড় যথেষ্ট ট্ৰেণ্ডত আছে। ডায়েবেটিছ ৰোগীৰ বাবে এই গুড় কিমান ভালদায়ক ? এই বিষয়ে সবিশেষ জানিবৰ বাবে পঢ়িব।
আজিৰ সময়ত মানুহ স্বাস্থ্যৰ প্ৰতি অতি সচেতন হৈ পৰিছে, যাৰ বাবে খাদ্যাভ্যাসৰ বহু ধৰণৰ পৰিৱৰ্তন দেখা গৈছে। খাদ্য-পানীয়ত চেনি কমাবলৈ আৰম্ভ কৰিছে একাংশ লোকে। মূলতঃ ডায়েবেটিছ ৰোগীৰ বাবে চেনি পৰিহাৰ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। এনে পৰিস্থিতিত বহু সময়ত মানুহে গুড়ক চেনিৰ সলনি স্বাস্থ্যসন্মত বিকল্প হিচাপে গণ্য কৰে। কিন্তু এতিয়া বজাৰত এটা নতুন ধাৰা দেখা গৈছে, সেয়া হৈছে চেনিমুক্ত গুড়। চেনিবিহীন গুড় কি আৰু ই মধুমেহ ৰোগীৰ বাবে সঁচাকৈয়ে উপকাৰী নেকি?
চেনিমুক্ত গুড় :
পৰম্পৰাগতভাৱে কুঁহিয়াৰৰ ৰস বা খেজুৰৰ ৰসৰ পৰা গুড় প্ৰস্তুত কৰা হয়, য’ত প্ৰাকৃতিক চেনি অৰ্থাৎ গ্লুক’জ আৰু ফ্ৰুক্ট’জ থাকে। সাধাৰণতে গুড়ক স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় কাৰণ ইয়াত আইৰণ, কেলচিয়াম, পটাছিয়াম, ফছফৰাছ আৰু কিছুমান এন্টিঅক্সিডেন্ট থাকে।
একেদৰে চেনিমুক্ত গুড় এনেদৰে প্ৰস্তুত কৰা হয় যাতে ইয়াৰ প্ৰাকৃতিক মিঠা অক্ষত থাকে, কিন্তু গ্লাইচেমিক সূচকাংক (GI) হ্ৰাস কৰা হয় যাতে তেজত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি নহয়। কেতিয়াবা কৃত্ৰিম মিঠা বা বনৌষধি মিঠাৰ লগত মিহলাইও তৈয়াৰ কৰা হয়।
ডায়েবেটিছ ৰোগীৰ বাবে ই কিমান উপযোগী?
ডায়েবেটিছ ৰোগীয়ে প্ৰাকৃতিক বা প্ৰক্ৰিয়াকৃত যিকোনো ধৰণৰ চেনি নিয়ন্ত্ৰিত পৰিমাণত সেৱন কৰিব লাগে। যদি চেনিবিহীন গুড়ৰ গ্লাইচেমিক সূচকাংক কম তেন্তে সাধাৰণ চেনিতকৈ অলপ ভাল হ’ব পাৰে। কিন্তু তথাপিও ডায়েবেটিছ ৰোগীয়ে ইয়াক সীমিত পৰিমাণতহে সেৱন কৰিব লাগে।
চেনিবিহীন গুড়ৰ উপকাৰিতা :
চেনিবিহীন গুড়ত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যাৰ ফলত ৰক্তহীনতাৰ সমস্যা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। হজম শক্তিৰ বাবেও ই অতি উত্তম হ’ব পাৰে। লগতে শীতকালত শৰীৰক গৰম কৰি ৰখাত সহায়ক বুলি প্ৰমাণিত ।
এইবোৰত সাৱধানতা অৱলম্বন কৰিব :
যদি আপুনি এই গুড় সেৱন কৰি আছে তেন্তে আপোনাৰ তেজৰ চেনিৰ ওপৰত নজৰ ৰাখিব। চিকিৎসক বা খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱাকৈ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত নকৰিব। চেনিবিহীন গুড় কিনাৰ সময়ত পেকেজিংত দিয়া পুষ্টিৰ তথ্য ভালদৰে পঢ়ক।
মনত ৰাখিব:
(১) কম Glycemic Index হৈছে 55 বা তাতকৈ কম থকা খাদ্য খোৱা ভাল।
(২) মধ্যম Glycemic Index হৈছে 56-69
(৩) উচ্চ Glycemic Index হৈছে - 70 বা তাতকৈ অধিক।
এজন ডায়েবেটিচ ৰোগীয়ে সদায় কম Glycemic Index থকা খাদ্য খাব লাগে।