( অপূৰ্ব দাস )
আহাৰে মানুহ এজনৰ শাৰীৰিক মানসিক বিকাশত বৰঙণি আগবঢ়ায়। সেয়েহে আমি আহাৰ খাওতে সাৱধান হ'ব লাগে। উগ্ৰ আহাৰে খং বা ক্ৰোধ বঢ়ায়, পেটৰ সমস্যা বা ৰোগ বঢ়ায় ; যাৰ ফলত মানসিক চাপ বৃদ্ধি পায়।
কিছুমান আহাৰ আছে যিয়ে টোপনি আৰু এলাহ বৃদ্ধি কৰে।
শৈশৱ আৰু কৈশোৰ কালত এনে কিছুমান আহাৰ গ্ৰহণ কৰা উচিত যিটোৱে মানসিক শক্তি বা স্মৃতি শক্তি বৃদ্ধি কৰে।
পৰীক্ষাৰ সময়ত শিশু আৰু কিশোৰে স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ কাৰণ ই সজাগতা, একাগ্ৰতা আৰু মনোযোগ বজাই ৰখাত সহায় কৰিব পাৰে।
পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাওঁতে নিশ্চিত হওক যে আপুনিও আপোনাৰ পুষ্টিকৰ উপাদান গ্ৰহণৰ ওপৰত গুৰুত্ব দিব । ইয়াত উল্লেখ কৰা পুষ্টিকৰ খাদ্যই আগন্তুক পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি আৰু শিকিবলৈ সহায় কৰিব পাৰে। অধিক পাতল সেউজীয়া শাক-পাচলি খোৱাৰ পৰা আৰম্ভ কৰি প্ৰটিনৰ পৰিমাণ বৃদ্ধি কৰালৈকে এইবাৰ পৰীক্ষাৰ প্ৰদৰ্শন উন্নত কৰাৰ বাবে কিছু টিপছ আগবঢ়োৱা হ’ল।
শিশু আৰু কিশোৰৰ মানসিক চাপ দূৰ কৰিবলৈ আৰু স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ কিছুমান খাদ্য তলত উল্লেখ কৰা হ'ল -
১) গাঢ় সেউজীয়া পাতৰ শাক-পাচলি খাব
ব্ৰাহ্মী শাক, চজিনা, কচুৰ কুমলীয়া পাত, নৰসিংহ, ভেদাইলতা, ৰঙালাউৰ আগ, সৰিয়হৰ পাত,সাৰ নিদিয়া মূলা-গাজৰ,ধনিয়াৰ পাত, চেঙেলী টেঙা, পুদিনা, পালেং, মেথি পাত, জিলমিল শাক, তিঁহয়হ, পটল, ভেণ্ডি, তৰমুজ, বিলাহী আৰু লাই শাক আটাইবোৰ পুষ্টিকৰ শাক-পাচলি যিবোৰ আইৰণৰ ভাল উৎস। এই শাক-পাচলিয়ে হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে, যিয়ে স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰে ।
মেট্ৰিকৰ ফলাফলঃ দ্বিতীয় স্থান: সপ্তৰ্ষ বৰদলৈ, অসম জাতীয় বিদ্যালয়, নুনমাটি,গুৱাহাটী, মুঠ নম্বৰ ৫৯০ (৯৮.৩৩%)
২) প্ৰটিন, ভিটামিন চি আৰু ভিটামিন বি ১২ সমৃদ্ধ খাদ্য গ্ৰহণ কৰক
নেমু, আঙ্গুৰ , সৰিয়হ আৰু সৰিয়হৰ সামগ্ৰী, ঘৰুৱা কণী, গাখীৰ, সৰু সৰু মাছ, ঘৰুৱা কুকুৰা, বাদাম, মচুৰ বা ৰাজমাহ দাইল আৰু মাহজাতীয় শস্যত প্ৰটিন, ভিটামিন চি, ভিটামিন বি ১২ সমৃদ্ধ খাদ্যৰ উদাহৰণ। এই খাদ্যবোৰে মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু লগতে মনোযোগ আৰু শক্তিৰ মাত্ৰা উন্নত কৰাত সহায় কৰিব পাৰে।
৩) পৰীক্ষাৰ আগতে বা পৰীক্ষা চলি থকা সময়ত এইবোৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক
পৰীক্ষাৰ আগতে বা পৰীক্ষা চলি থকা সময়ত চেনিযুক্ত খাদ্য বা মিঠা খাদ্য, চৰ্বি, তেলাল খাদ্য, পেকেটৰ ভজা খাদ্য, চিপচ, চামোচা বা দোকানৰ যি কোনো পেকেটৰ খাদ্য খোৱা উচিত নহয়। লগতে কেক, চকলেট, আইচক্ৰীম, ডোনাট, পুডিং আদি সকলোবোৰ পৰিহাৰ কৰিব লাগে। কাৰণ এনেবোৰ খাদ্যই ষ্ট্ৰেচ হৰমন নিঃসৰিত কৰে, যাৰ ফলত মানসিক চাপ বৃদ্ধি পায় আৰু চঞ্চল, খঙাল হৈ পৰে।
৪) সাতৰ পৰা আঠ ঘণ্টা শুব লাগে
দীৰ্ঘদিন ধৰি স্মৃতিশক্তি বজাই ৰখাৰ বাবে প্ৰতিদিনে সাতৰ পৰা আঠ ঘণ্টা ভাল মানৰ টোপনি লোৱাটো গুৰুত্বপূৰ্ণ। উন্নত একাগ্ৰতা আৰু মনোযোগৰ বাবেও ই গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে কেঁচা পিয়াঁজ দিনত সৰুকৈ এটুকুৰা খোৱা অতি উত্তম। কেঁচা পিয়াঁজ, নহৰু আৰু জলকীয়া বেছিকৈ খালেও টোপনি বেছি হ'ব পাৰে আৰু হ'ৰমন নিঃসৰণ বৃদ্ধি কৰে, যাৰ ফলত পঢ়াত মনোযোগ কম হয়। বেছিকৈ ভাত, আলু, পৰঠা বা কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খোৱা ল'ৰা ছোৱালী সকলৰ এলাহ বৃদ্ধি পায় আৰু কলেষ্টেৰলৰ মাত্ৰাও বৃদ্ধি হ'য়। ইয়াৰ ফলত পঢ়াৰ প্ৰতি বা নিজৰ লক্ষ্যৰ মনোযোগ আৰু একাগ্ৰতা কমি যায়।
৫) নিজকে হাইড্ৰেট কৰি ৰাখিব
কিশোৰ কিশোৰী সকলক চিকিৎসকে দিনত মুঠ দুইলিটাৰ বা তাতকৈ বেছি পানী খোৱাৰ পৰামৰ্শ দিয়ে। ইয়াৰ ফলত শক্তিশালী অনুভৱ কৰিব আৰু পৰীক্ষাৰ সময়ত কোনো ধৰণৰ মানসিক চাপ নাবাঢ়িব । লগতে প্ৰতিদিনে ৰাতিপুৱা ব্যায়াম কৰা অতি দৰকাৰ।
(৬) স্মৃতি শক্তি উন্নত কৰা আনবিধ ভিটামিন হৈছে 'ভিটামিন ডি' । এইবিধ ভিটামিনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে মানসিক বিকাশৰ বাবেও অতি আৱশ্যক।
এইবিধ ভিটামি আমি সূৰ্যৰ পোহৰৰ পৰা লাভ কৰোঁ। সেয়েহে প্ৰতিদিনে ৰাতিপুৱা ৬ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত সূৰ্যৰ পোহৰ ল'ব লাগে। এইখিনি সময়ৰ সূৰ্যৰ পোহৰ আমাৰ বাবে অতি প্ৰয়োজনীয় ভিটামিন ডিৰ উৎসহ।