( অপূৰ্ব দাস )
এটি আচৰিত কথা যে গৰুৰ গাখীৰত এনে কেইবাবিধো ভাল বেক্টেৰিয়া আছে যিয়ে আমাৰ শৰীৰৰ প্ৰৱেশ কৰিলে স্বাস্থ্য আৰু সৌন্দৰ্য্য বৃদ্ধি হ'য়।
হিন্দু ধৰ্মত গৰুক মাতৃৰ মৰ্যাদা দিয়া হয়। গৰুক ৰুটি খুওৱা এটি অতি পুৰণি পৰম্পৰা, যাৰ আধ্যাত্মিক আৰু বৈজ্ঞানিক উপকাৰো আছে।
হিন্দু ধৰ্মত গৰুৰ মৰ্যাদা "মাতা"। গৰুত ৩৩ কোটি দেৱ-দেৱী বাস কৰে বুলি বিশ্বাস কৰা হয়। এটা গৰুক ৰুটি খুৱালে একেলগে ৩৩ কোটি দেৱ-দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰি।
গৰুক পিঠা বা ৰুটি , ঘাঁহ বা গুড় আদি খুৱালেও বহু পূণ্য ফল পোৱা যায় বুলিও শাস্ত্ৰত উল্লেখ আছে। গৰুক ৰুটি বা পিঠা খুৱালে জন্ম কুণ্ডলীত থকা পিত্ৰ দোষ আৰু শনি দোষ আঁতৰ হ'য়।
গৰুক ৰুটি খুৱালে অকল ধৰ্মীয় উপকাৰেই নহয়, আনকি আধ্যাত্মিক আৰু বৈজ্ঞানিক উপকাৰো আছে।
ভগৱান শ্ৰীকৃষ্ণই গৰুক বৰ মৰম কৰিছিল। গৰুক ৰুটি খুৱালে ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পোৱা যায়। লগতে গৰুক ৰুটি খুৱালে ভাগ্য উন্নত হয় আৰু জীৱনলৈ ইতিবাচক শক্তি আহে। বিশেষকৈ একাদশী, পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা গৰুক পিঠা, গুড়, ৰুটি খুৱালে বহু পাপ দূৰ হোৱাৰ লগতে গ্ৰহ দোষ দূৰ হয়। ইয়াৰ ফলত স্বাস্থ্যৰ উন্নতিৰ লগতে মাতা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে।
গৰুক ৰুটি খুৱালে ধৰ্মীয় আৰু আধ্যাত্মিক উপকাৰিতাৰ উপৰিও বৈজ্ঞানিক দৃষ্টিকোণলৈ চালে গৰুক ৰুটি খুৱালে সমাজ আৰু পৰিবেশৰো উপকাৰ হয়, মানৱতাৰ বিকাশ ঘটে আৰু গৰু পালন আৰু সংৰক্ষণৰ প্ৰসাৰ ঘটে।
এটি আচৰিত কথা যে গৰুৰ গাখীৰত এনে কেইবাবিধো ভাল বেক্টেৰিয়া আছে যিয়ে আমাৰ শৰীৰত প্ৰৱেশ কৰিলে স্বাস্থ্য আৰু সৌন্দৰ্য্য বৃদ্ধি হ'য়।
গাখীৰত থকা লেক্ট’জ ৰড আকৃতিৰ বেক্টেৰিয়াই ( Lactobacillus delbrueckii subsp ) কিম্বনৰ জৰিয়তে লেক্টিক এচিড উৎপন্ন কৰে, যিয়ে গাখীৰৰ প্ৰটিনৰ ওপৰত ক্ৰিয়া কৰি দৈক ইয়াৰ টেক্সচাৰ আৰু বৈশিষ্ট্যপূৰ্ণ এচিডিক সোৱাদ কৰি তোলে । দৈত পোৱা আন বেক্টেৰিয়া হ’ল লেক্ট’বেচিলাছ এচিড’ফিলাছ , ষ্ট্ৰেপ্ট’ককাচ চেলিভাৰিয়াছ চাবস্প. থাৰ্মোফিলাছ আৰু বিফিড’বেক্টেৰিয়াম বাইফিডাছ। আমাৰ শৰীৰৰ কোষতকৈ আমাৰ অন্ত্ৰত ১০ গুণ বেছি বেক্টেৰিয়া থাকে।
এইবোৰ ভাল বেক্টেৰিয়াই হজম শক্তি উন্নত কৰে আৰু পেটৰ সমস্যা দূৰ কৰে। ইয়াৰ বাবে আপুনি ২-৩ দিনতে প্ৰস্তুত হোৱা টেঙা নোহোৱা দৈ একাপ বা দুকাপ ভাত খোৱাৰ পিছত খাব লাগিব।