By Good Assam
জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ অনিয়মৰ বাবে সময়ৰ লগে লগে বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পাইছে। যুৱক-যুৱতীসকলৰ মাজত যকৃতৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাটোও ইয়াৰ উদাহৰণ। ভাৰতত ফেটি লিভাৰৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। যকৃতত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰিলে ফেটি লিভাৰ হয়, যাৰ ফলত যকৃতে নিজৰ কাম সঠিকভাৱে কৰিবলৈ অসুবিধা পায়। আনকি কম বয়সীয়া লোকসকলো ইয়াৰ বলি হৈ পৰিছে।
স্বাস্থ্য বিশেষজ্ঞসকলে কয়, এতিয়ালৈকে বিশ্বাস কৰা হৈছিল যে মদ্যপান কৰা লোকসকলৰ এই ৰোগৰ আশংকা বেছি কিন্তু মদ্যপান নকৰা লোকসকলৰ মাজতো এই ৰোগ বৃদ্ধি পাইছে। এই ধৰণৰ ফেটি লিভাৰক নন-এলকহলিক ফেটি লিভাৰ ডিজিজ বুলি কোৱা হয়।
বেয়া জীৱনশৈলী আৰু খাদ্যাভ্যাস :
স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ভাৰতীয় সমাজৰ অধিকাংশ লোকেই অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীত ভুগি আছে। জাংক আৰু পেকেটত ভৰোৱা খাদ্য, অতিৰিক্ত চেনি আৰু চৰ্বিযুক্ত খাদ্যৰ ব্যৱহাৰ বৃদ্ধি পাইছে। পিজ্জা, বাৰ্গাৰ, জলপান আৰু মিঠা খাদ্য (যেনে ঠাণ্ডা পানীয়, মিঠাই) অতিমাত্ৰা খোৱাৰ বাবে যোৱা কেইবছৰমানৰ পৰা ফেটি লিভাৰৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।
ইয়াৰ উপৰিও কম্পিউটাৰ, মোবাইল আৰু টিভিত বেছি সময় কটোৱা আৰু ব্যায়াম বা শাৰীৰিক ক্ৰিয়া-কলাপ কম হোৱাৰ বাবেও এই ৰোগৰ বলি হ’য়।
চৰ্বিযুক্ত যকৃত কেনেকৈ চিনাক্ত কৰিব পাৰি?
চৰ্বিযুক্ত যকৃতৰ সমস্যা প্ৰায়ে লক্ষণ নোহোৱাকৈয়ে দেখা দিয়ে, অৱশ্যে ই বৃদ্ধি হোৱাৰ লগে লগে ইয়াৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে।
চৰ্বিযুক্ত যকৃতৰ সমস্যাৰ বাবে যকৃতৰ কাৰ্য্যকলাপত প্ৰভাৱ পৰে, যাৰ ফলত শৰীৰত শক্তিৰ অভাৱ হ’ব পাৰে। এনে পৰিস্থিতিত দৈনন্দিন কাম-কাজত ভাগৰুৱা অনুভৱ কৰিব পাৰে। ইয়াৰ বাহিৰেও যকৃতত ফুলা বা চৰ্বি জমা হ’লে পেটৰ ওপৰৰ সোঁ অংশত বিষ হ’ব পাৰে। এই ধৰণৰ সমস্যাবোৰক আওকাণ কৰা উচিত নহয়।
বাৰে বাৰে জণ্ডিচ হৈ আছে নেকি?
যকৃতত চৰ্বিৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে যকৃতে বিষাক্ত পদাৰ্থ সঠিকভাৱে পৰিষ্কাৰ কৰিব নোৱাৰে, যাৰ ফলত বিলিৰুবিনৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ বাবে ছাল আৰু চকু হালধীয়া হৈ পৰে। যদি জণ্ডিচৰ সমস্যা হৈ থাকে তেন্তে গুৰুত্বসহকাৰে লওক আৰু সময়মতে চিকিৎসা লওক। এইটোৱেই হৈছে চৰ্বিযুক্ত যকৃতৰ প্ৰধান লক্ষণ।
ছালত ফোহা বা খজুৱতি হোৱাটোও ইয়াৰ লক্ষণ:
চৰ্বিযুক্ত যকৃতৰ ক্ষেত্ৰত শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি হোৱাৰ আশংকা থাকে। ইয়াৰ ফলত ছালত খজুৱতি বা ৰঙা ফোহা ওলাব পাৰে। ইয়াৰ বাবে কিছুমান লোকে প্ৰস্ৰাৱৰ ৰং ক’লা বি কিছু হালধীয়া হোৱাও লক্ষ্য কৰিব পাৰে। লিভাৰ বিকল হোৱাৰ বাবে শৰীৰত তৰল পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত হাত-ভৰি ফুলাও হ’ব পাৰে। অত্যধিক গেছ বা গেছট্ৰিকো ইয়াৰ লক্ষণ।
চৰ্বিযুক্ত যকৃত প্ৰতিৰোধৰ উপায়ঃ
সঠিক জীৱনশৈলী আৰু খাদ্যাভ্যাস বজাই ৰাখি এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ বাবে কিছু কথা মনত ৰাখিব লাগিব -
(১) ফল-মূল আৰু শাক-পাচলি অধিক পৰিমাণে সেৱন কৰক, কিয়নো ই শৰীৰক প্ৰয়োজনীয় পুষ্টিকৰ উপাদান প্ৰদান কৰে আৰু যকৃতক সুস্থ কৰি ৰখাত সহায় কৰে।
(২) চেনি, চৰ্বি, তেল , প্ৰচেছড খাদ্য পৰিহাৰ কৰক। অত্যধিক চেনি আৰু ট্ৰেন্স ফেটে লিভাৰত চাপ দিয়ে।
(৩) দৌৰা-খোজকঢ়া , চাইকেল চলোৱা বা সাঁতোৰৰ দৰে নিয়মীয়া ব্যায়ামে শৰীৰৰ চৰ্বিৰ পৰিমাণ কমাই যকৃতক সুস্থ কৰি ৰখাত সহায় কৰে।
প্ৰতিদিনে ৩০ মিনিট ব্যায়াম কৰাটো নিশ্চিত কৰক।
৫-১০% ওজন কমালে যকৃতৰ চৰ্বিৰ উন্নতি দেখা যাব পাৰে।
যদি আপুনি মদ খায় তেন্তে লগে লগে এৰি দিয়ক। মদ্যপান কৰিলে লিভাৰৰ সমস্যা আৰু অধিক বাঢ়ে।