( অপূৰ্ব দাস )
মধুৰিৰ পাতৰ বহঙ স্বাস্থ্য উপকাৰীতা আছে। মধুৰিৰ পাতত এন্টিঅক্সিডেন্ট, ভিটামিন, আৰু খনিজ পদাৰ্থ থাকে যিয়ে আমাৰ স্বাস্থ্যক সহায় কৰিব পাৰে। মধুৰিৰ পাত সেৱনৰ স্বাস্থ্যজনিত কি কি উপকাৰিতা আছে জানো আহক -
মধুৰিৰ পাতৰ উপকাৰিতাসমূহ তলত উল্লেখ কৰা হ'ল -
(১) হজম শক্তি উন্নত কৰে:
মধুৰিৰ পাতে অম্লতা হ্ৰাস কৰি আৰু পুষ্টিকৰ পদাৰ্থ ভালদৰে শোষণ কৰাত সহায় কৰিব পাৰে।
(২) জণ্ডিছ ৰোগত ভাল :
মধুৰিৰ পাতৰ ৰস জণ্ডিছ ৰোগৰ বাবে ভাল। ইয়াৰ পাতৰ ৰস খালে লিভাৰ সুস্থ হৈ থাকে আৰু তেজৰ হিমগ্লবিন বাঢ়ে।
(৩) ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী হৈ উঠে:
মধুৰিআমৰ পাতত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰ উচ্চ মাত্ৰাই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে।
(৪) ছালৰ লগত জড়িত সমস্যা নিৰাময় কৰে :
মধুৰিৰ পাত মিহিকৈ গুড়ি কৰি ৫ টা লং গুড়িৰ সৈতে ছালত লগালে ব্ৰণ, ক’লা দাগ আৰু বলিৰেখা আদি ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰিব পাৰি কাৰণ ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে।
(৫) দাঁতৰ বাবে উপকাৰী:
মধুৰিৰ পাত চোবাই খালে দাঁতৰ বিষ আৰু সমস্যা কমোৱাত সহায়ক হয়। ইয়াত থকা এন্টিবেক্টেৰিয়েল গুণে দাঁতৰ আলুৰ ৰোগ, দাঁতৰ বিষ আৰু মুখৰ দুৰ্গন্ধ প্ৰতিৰোধ কৰাত সহায় কৰে।
(৬) হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী:
মধুৰিৰ পাতে বেয়া কলেষ্টেৰল হ্ৰাস কৰি আৰু সম্ভাৱ্যভাৱে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যত অৰিহণা যোগাব পাৰে।
(৭) তেজৰ চেনি নিয়ন্ত্ৰণ:
মধুৰিৰ পাতে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ফলত ডায়েবেটিছ ৰোগী ব্যক্তিক উপকৃত হোৱাৰ সম্ভাৱনা থাকে।
(৮) পিৰিয়ডৰ বিষৰ বাবে উপকাৰী:
মধুৰিৰ পাত , লং ঋতুস্ৰাৱৰ সময়ত হোৱা বিষৰ বাবেও উপকাৰী । বিষৰ তীব্ৰতা হ্ৰাস কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।
মধুৰিৰ পাত এনেকৈ ব্যৱহাৰ কৰিব :
সতেজ বা মধুৰীৰ আগ পাত পানীত ৫-১০ মিনিট উতলাই লওক, তাৰ পিছত চেকি লৈ পান কৰক। ৰুচি অনুসৰি মৌ বা নেমু দিব পাৰে। নাইবা ইয়াৰ পাত এমুঠি মিহিকৈ পিহি তাৰ ৰস উলিয়াই সেৱন কৰিব পাৰে।