কমকৈ প্ৰস্ৰাৱ হোৱাৰ কাৰণ আৰু চিকিৎসা ।
( অপূৰ্ব দাস )
সমগ্ৰ দেশতে আহিবলৈ আৰম্ভ কৰিছে গ্ৰীষ্মকাল। এনে পৰিস্থিতিত ৰ’দ আৰু প্ৰদূষণো বাঢ়িছে যাৰ বাবে এই বতৰত মানুহে নিজৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে। এই ঋতুত শৰীৰত পানীৰ অভাৱ সৰ্বাধিক হয়, সেয়েহে মানুহে পানী বেছিকৈ খাব লাগে।
গ্ৰীষ্মকালত মানুহে আন এটা সমস্যাৰ সন্মুখীন হ’ব পাৰে যেনে - একাংশ লোকে গৰমৰ দিনত প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পিছতো মুক্তভাৱে প্ৰস্ৰাৱ কৰিব নোৱাৰে। গ্ৰীষ্মকালত এইটো এটা ডাঙৰ সমস্যা যিটো আওকাণ কৰা উচিত নহয়।
কিয় প্ৰস্ৰাৱ কমকৈ হয়?
এজন প্ৰাপ্তবয়স্ক আৰু সুস্থ ব্যক্তিয়ে দিনটোত ৬-৮ বাৰ প্ৰস্ৰাৱ কৰে। একে সময়তে যদি কোনোবাই ১০-১২ ঘণ্টা বা তাতকৈ অধিক সময় প্ৰস্ৰাৱ নকৰে তেন্তে সেয়া চিন্তাৰ বিষয় হ’ব পাৰে। গতিকে যদি আপোনাৰ লগত এনেকুৱা হয় তেন্তে কোনো পলম নকৰাকৈ চিকিৎসকৰ সৈতে যোগাযোগ কৰক।
কাৰণ সমূহ তলত উল্লেখ কৰা হ'ল -
(১) সংক্ৰমণ
প্ৰস্ৰাৱৰ সংক্ৰমণ যেনে ইউটিআই বা মূত্ৰাশয়ত প্ৰদাহ হ’লেও গ্ৰীষ্মকালত প্ৰস্ৰাৱৰ পৰিমাণ কম হয়।
(২) শৰীৰাংশ ফুলা আৰু বৃক্কৰ সমস্যা
বৃক্কৰ সমস্যা হ'লে শৰীৰত ফুলিব পাৰে আৰু প্ৰস্ৰাৱৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে। এনে অৱস্থাত পেট আৰু বুকুত নাইবা ভৰিত পানী জমা হ’বলৈ আৰম্ভ কৰে আৰু কম পৰিমাণৰ প্ৰস্ৰাৱ উৎপন্ন হয়। এনে লক্ষণ হ'লে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।
(৩) দীৰ্ঘদিনীয়া ৰোগ
কিছুমান গৱেষণাৰ মতে প্ৰস্ৰাৱৰ অভাৱ ডায়েবেটিছ, মাল্টিপল স্ক্লেৰচিছ, ষ্ট্ৰোক আৰু স্পাইনেল কৰ্ড টিউমাৰ আদি ৰোগৰ গুৰুত্বপূৰ্ণ লক্ষণ হ’ব পাৰে।
(৪) পানীৰ অভাৱ
গ্ৰীষ্মকালত শৰীৰৰ পৰা ঘাম হিচাপে পানী সোনকালে ওলাই যায়। বহু সময়ত অত্যধিক ঘাম ওলোৱাৰ বাবে শৰীৰত প্ৰস্ৰাৱৰ পৰিমাণ কম হয়। একে সময়তে শৰীৰত পানীৰ অভাৱ হ’লে বৃক্কই অধিক পৰিমাণৰ পানী ধৰি ৰাখিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবেও প্ৰস্ৰাৱ কমকৈ গঠন হ’বলৈ আৰম্ভ কৰে।
এই পৰিস্থিতিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ?
বহুতে পানী কমকৈ খোৱা আৰু ফল-মূলৰ পৰা তৰল পদাৰ্থ কম পৰিমাণে সেৱন কৰাৰ বাবে পানীৰ অভাৱ হোৱা ৰোগত আক্ৰান্ত হয়। যিমান পাৰি সিমান পানী খালে সহজে প্ৰস্ৰাৱ কৰাত সুবিধা হয়। যদি আপুনি পানী খোৱাৰ পিছতো প্ৰস্ৰাৱ কৰা নাই তেন্তে চিকিৎসকৰ সৈতে অতি সোনকালে যোগাযোগ কৰক।