( অপূৰ্ব দাস )
গ্ৰীষ্মকালত ঠাণ্ডা পানী খালেহে পিয়াহ পলায় আৰু দেহ শান্ত হ'য়, কিন্তু আপুনি জানেনে যে অত্যধিক ঠাণ্ডা বা ফ্ৰীজত ৰখা পানী খালে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । আয়ুৰ্বেদ আৰু আধুনিক চিকিৎসা বিজ্ঞান দুয়োটাই ঠাণ্ডা পানী কেতিয়া আৰু কেনেকৈ খাব লাগে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
ঠাণ্ডা পানীয়ে তৎক্ষণাত সকাহ দিয়ে, কিন্তু অতিৰিক্তভাৱে বা ভুল সময়ত সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে। উন্নত স্বাস্থ্যৰ বাবে মাটিৰ পাত্ৰ বা স্বাভাৱিক উষ্ণতাৰ পানী খোৱাটোৱেই উত্তম। ফ্ৰীজৰ পৰা ঠাণ্ডা পানী খোৱাতো কেতিয়া আৰু কোনে পৰিহাৰ কৰিব লাগে আৰু অত্যধিক ঠাণ্ডা পানী খোৱাৰ ফলত কি কি ৰোগ হ’ব পাৰে, লগতে ফ্ৰীজত ৰখা পানী খোৱাৰ ক্ষতি কি হ’ব পাৰে জানিবলৈ পঢ়িব।
ঠাণ্ডা পানী কেতিয়া খাব নালাগে?
ঠাণ্ডা পানী খাব বিচাৰিলেও কিছুমান বিশেষ অনুষ্ঠানত কেতিয়াও ঠাণ্ডা পানী খোৱা উচিত নহয়। খাদ্য খোৱাৰ লগে লগে ভুলতেও ঠাণ্ডা পানী খাব নালাগে। কাৰণ ঠাণ্ডা পানীয়ে হজম প্ৰক্ৰিয়া লেহেমীয়া কৰে। ইয়াৰ ফলত গেছ, বদহজম আৰু এচিডিটি আদি সমস্যা হ’ব পাৰে।
ব্যায়াম বা ৱৰ্কআউট কৰাৰ লগে লগে ফ্ৰীজত ৰখা পানী খোৱাটো ক্ষতিকাৰক হ’ব পাৰে। ৱৰ্কআউটৰ সময়ত শৰীৰ গৰম হয়, আৰু হঠাতে ঠাণ্ডা পানী খালে শ্বক হ’য় ।
ইয়াৰ ফলত পেশীৰ জঠৰতা বৃদ্ধি পাব পাৰে। এনে ক্ষেত্ৰত হাৰ্ট এটেকৰ সমস্যা হৈ যাব পাৰে।
চৰ্দি বা জ্বৰৰ সময়ত ঠাণ্ডা পানী খালে অৱস্থা আৰু বেয়া হোৱাৰ লগতে ডিঙিৰ সংক্ৰমণ বাঢ়িব পাৰে। ইয়াৰ বাহিৰেও শুৱাৰ আগতে ঠাণ্ডা পানী খালে হজম শক্তিত প্ৰভাৱ পৰিব পাৰে আৰু টোপনি বিঘ্নিত কৰিব পাৰে।
ফ্ৰীজত ৰখা পানী খোৱাৰ ফলত কি কি ৰোগ হ’ব পাৰে?
বয়োজ্যেষ্ঠসকলে প্ৰায়ে কয় যে ফ্ৰীজৰ পৰা ঠাণ্ডা পানী খাব নালাগে বৰঞ্চ মাটিৰ পাত্ৰত ভৰোৱা সতেজ আৰু ঠাণ্ডা পানী খাব লাগে। ফ্ৰীজৰ পৰা ঠাণ্ডা পানী ক্ষতিকাৰক হ’ব পাৰে। ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰত বহু বিৰূপ প্ৰভাৱ পৰে আৰু বহু ৰোগ হ’ব পাৰে। যেনেকৈ,
(১) ডিঙিৰ বিষ বা টনচিলাইটিছ
(২) চাইনাছৰ সমস্যা বৃদ্ধি
(৩) পাচনতন্ত্ৰ দুৰ্বল হয়
(৪) গাঁঠিৰ বিষ বা বাতবিষ
(৫) মূৰৰ বিষ বা মাইগ্ৰেইন বৃদ্ধি
(৬) তেজ চলাচলত বাধা বা হাৰ্ট এটেক ইত্যাদি।
কোন কোন মানুহে ফ্ৰীজত ৰখা পানী একেবাৰেই খাব নালাগে?
স্বাস্থ্য বিশেষজ্ঞই একাংশ লোকক ফ্ৰীজত ৰখা পানী খোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ ভিতৰত চাইনাছ, হাঁপানী বা শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকো অন্তৰ্ভুক্ত। লগতে যিসকলৰ প্ৰায়ে ডিঙিৰ বিষ হয়, যিসকলৰ গাঁঠিৰ বিষৰ অভিযোগ আছে তেওঁলোকেও ফ্ৰীজত ৰখা পানী খোৱাৰ পৰা বিৰত থাকিব লাগে। পাচনতন্ত্ৰৰ সমস্যা থকা বা ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীয়েও ইয়াৰ পৰা আঁতৰি থাকিব লাগে।
অত্যধিক ঠাণ্ডা পানী খোৱাৰ ক্ষতিকাৰক প্ৰভাৱ :
বেছিকৈ ঠাণ্ডা পানী খালে শৰীৰৰ প্ৰাকৃতিক উষ্ণতা ব্যৱস্থাত প্ৰভাৱ পৰে। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’ব পাৰে। ঠাণ্ডা পানীৰ বাবে ৰক্তবাহী নলী সংকুচিত হ’বলৈ ধৰে, যাৰ ফলত শৰীৰত তেজৰ সোঁত লেহেমীয়া হ’য় আৰু হাৰ্টৰ সমস্যা বাঢ়ে । পাচন এনজাইমৰ ক্ৰিয়া লেহেমীয়া হয়, যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হয় আৰু বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পৰে, যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে।