By Good Assam
ভগৱান শ্ৰীৰামে শৈশৱতে ঋষিসকলক ৰক্ষা কৰিবলৈ অৰণ্যত অসুৰক হত্যা কৰিছিল। পুৰাণৰ মতে এই যুদ্ধস্থলী হৈছে ছত্তীশগড়ৰ বাষ্টাৰৰ অন্তৰ্গত আবুঝ্মাদ পাহাৰৰ এলেকা ৰাক্ষসাদ। ৰামায়ণৰ মতে বিশ্বামিত্ৰ ঋষিয়ে দশৰথৰ ওচৰলৈ গৈ অনুৰোধ কৰে যে অসুৰক বধ কৰিবলৈ ৰামক লাগে। প্ৰথম অৱস্থাত দশৰথে অনুমতি দিব বিচৰা নাছিল যদিও ৰামৰ সাহস আৰু বীৰত্ব দেখি অনুমতি প্ৰদান কৰিলে ।বিশ্বামিত্ৰই আন ঋষিৰ সৈতে অৰণ্যত তপস্যা, যজ্ঞ আদি কৰিছিল।
যিহেতু উক্ত বনাঞ্চলখন ঘন বনাঞ্চল আৰু ইয়াত অসুৰৰ আধিপত্য আছিল, সেয়েহে ঋষিসকলৰ যজ্ঞত অসুৰে বাধাৰ সৃষ্টি কৰিছিল। এই কথাত ঋষিসকল অসন্তুষ্ট হৈ পৰিল। বিশ্বমিত্ৰৰ লগত অহা শিশু ৰাম আৰু লক্ষ্মণে ঋষিসকলৰ লগতে যজ্ঞস্থান ৰক্ষা কৰাত ব্যস্ত হৈ পৰিল। আশ্ৰমৰ পৰা যজ্ঞৰ ধোঁৱা ওপৰলৈ উঠি অহা দেখি অসুৰ বিৰাধা, মাৰিচা আৰু দানৱী ৰাক্ষস আদিয়ে যজ্ঞত অশান্তিৰ সৃষ্টি কৰিবলৈ আহিছিল। সকলো অসুৰ যুদ্ধত ৰাম আৰু লক্ষ্মণৰ হাতত নিহত হয়।
এই অঞ্চলত কবন্ধ নামৰ ভয়ংকৰ ৰাক্ষস এটাও বাস কৰা বুলি কোৱা হয়। লোককথা অনুসৰি চত্তীশগড়ৰ দণ্ডকাৰণ্য (দণ্ডক অৰণ্য)ৰ আবুঝ্মাদ পাহাৰত অৱস্থিত ৰক্ষসাদ হৈছে ভগৱান ৰামে অসুৰক হত্যা কৰা ঠাই। এই অঞ্চলত বৃহৎ সংখ্যক দানৱক হত্যা কৰি হাড়বোৰ খাৱৈত পেলাই দিয়া হয়। সেই বধ কৰা অসুৰবোৰৰ হাড়বোৰ ইমানেই বৃহৎ পৰিমাণে জমা হৈছিল যে সিহঁতে এটা সৰু পাহাৰৰ ৰূপ লৈছিল। তাত বগা শিল সিঁচৰতি হৈ আছে। সেই শিলবোৰ জুইত জ্বলাই দিলে জ্বলি থকা হাড়ৰ কেঁচা গোন্ধ ওলায়।