ঘৰত মহৰ আতংক বাঢ়িছে নেকি? এই সহজ উপায়েৰে মহ খেদি পঠিয়াওক
( অপূৰ্ব দাস )
গ্ৰীষ্মকালত মহৰ আতংক বহুত বাঢ়ি যায়। ইয়াৰ পৰা মুক্তি পাবলৈ সহজ প্ৰতিকাৰৰ সহায় ল’ব পাৰে। মহ খেদিবলৈ কি কৰিব লাগে জানো আহক-
গ্ৰীষ্ম আৰু বাৰিষা মহৰ সমস্যা বহু পৰিমাণে বৃদ্ধি পায়। ইহঁতে কেৱল অশান্তিৰ সৃষ্টি কৰাই নহয় ডেংগু, মেলেৰিয়া, চিকুংগুনিয়া আদি ৰোগ বিয়পাই দিয়ে। কিন্তু আতংকিত নহ’ব, কিছুমান সহজ আৰু ঘৰুৱা উপায় গ্ৰহণ কৰি মহক ঘৰৰ পৰা আঁতৰাই ৰাখিব পাৰি।
(১) লেমনগ্ৰাছ অইলৰ ব্যৱহাৰ
এই তেল কোঠাত ঢাকোন খুলগ ৰাখিব। এইবোৰ প্ৰাকৃতিক মহ আঁতৰ কৰা তেল।
(২) শালধূনা
প্ৰতিদিনে গধূলি আৰু ৰাতি শালধূনা জ্বলাব। শালধূনাত শুকান নিম পাত আৰু শুকান পিয়াঁজ দিব পাৰে।
(৩) পদিনা আৰু তুলসী গছ ৰোপণ কৰক
ৰাতি এই গছ ঘৰৰৰ ভিতৰত ৰাখক। ইয়াৰ সুগন্ধিয়ে মহক আঁতৰাই ৰাখে আৰু লগতে বতাহ বিশুদ্ধ কৰে।
(৪) পাত্ৰত পানী জমা হ’বলৈ নিদিব
মহে স্থবিৰ পানীত কণী পাৰে, গতিকে প্লাষ্টিকৰ বটল, বাল্টি , টেংকি আদি নিয়মিতভাৱে পৰিষ্কাৰ কৰক।
(৫) ঘৰৰ ওচৰৰ জংগল চাফা কৰক
ঘৰৰ ওচৰত জংগল হ'বলৈ নিদিব। ঘৰৰ ভিতৰত মহ খেদা ঔষধ ছটিয়াই দিয়ক।
(৬) কৰ্ফূৰৰ ব্যৱহাৰ
কৰ্ফূৰ ব্যৱহাৰ কৰিলে মহ নিমিষতে খেদি পঠিয়াব পাৰি। ইয়াৰ বাবে কৰ্পূৰ জ্বলাই এটা বাটিত ৰাখি কিছু সময়ৰ বাবে কোঠাটো খুলি দিব। মহ খেদাত ই অতি ফলপ্ৰসূ।
(৭) নিমৰ পাত বা তেল
নিমৰ পাত জ্বলাই সেই ধোঁৱা ঘৰত বিয়পাই দিব। ইয়াৰ বাহিৰেও নিম তেল আৰু নাৰিকল তেল মিহলাই শৰীৰত লগালে ছালত মহ নপৰে।
(৮) নহৰুৰ ব্যৱহাৰ
কিছু নহৰু নিমখ পানীত উতলাই লৈ চেকি ল'ব । এই পানী স্প্ৰে কৰিব। মহে ইয়াৰ গোন্ধ একেবাৰে ভাল নাপায়। ইয়াৰ ফলত মহ আঁতৰ হ'য়। নাইবা নহৰু থেতেলিয়াই কম ৰ'দত শুকুৱাব। ইয়াক শালধূনাত প্ৰয়োগ কৰি মহ আঁতৰ কৰিবলৈ অতি সহজ।