By Good Assam || এপ্ৰিল ১৯, ২০২৫
বিজ্ঞানীসকলে আমাৰ সৌৰজগতৰ বাহিৰৰ সম্ভাৱ্য জীৱনৰ এতিয়ালৈকে আটাইতকৈ শক্তিশালী সংকেত লাভ কৰিছে, যিয়ে কোনো বাহিৰৰ গ্ৰহৰ বায়ুমণ্ডলত গেছৰ ৰাসায়নিক লেখ-জোখ ধৰা পেলাইছে যিবোৰ কেৱল পৃথিৱীৰ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা উৎপন্ন হয়।
গ্ৰহটোত মাইক্ৰ’বায়’লজিকেল জীৱই ভৰি আছে বুলি গৱেষকসকলে কয়। কিন্তু তেওঁলোকে জোৰ দি কয় যে তেওঁলোকে প্ৰকৃত জীৱিত জীৱৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰা নাই, বৰঞ্চ সম্ভাৱ্য জৈৱ স্বাক্ষৰ – জৈৱিক প্ৰক্ৰিয়াৰ সূচক বুলি অভিহিত কৰে।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ জ্যোতিৰ্বিজ্ঞানী তথা এষ্ট্ৰ’ফিজিকেল জাৰ্নেল লেটাৰছত প্ৰকাশিত এই অধ্যয়নৰ মুখ্য লেখক নিক্কু মধুসুদনে কয় যে এইবোৰেই হৈছে সম্ভৱতঃ বসবাস কৰিব পৰা বাহিৰা গ্ৰহৰ প্ৰথম লক্ষণ।
K2-18b বাহিৰা জগতৰ এই গ্ৰহটোৰ পৃথিৱীতকৈ ৮.৬ গুণ বেছি ভৰ আৰু ইয়াৰ ব্যাস আমাৰ গ্ৰহতকৈ প্ৰায় ২.৬ গুণ ডাঙৰ।
ই বাসযোগ্য কক্ষপথত ঘূৰি থাকে — য'ত জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ উপাদান তৰল পানী গ্ৰহটোৰ পৃষ্ঠত থাকিব পাৰে বুলি অনুমান কৰিছে । আমাৰ সূৰ্য্যতকৈ সৰু আৰু কম উজ্জ্বল ৰঙা বামন নক্ষত্ৰ এটাৰ চাৰিওফালে ঘূৰি আছে , যিটো পৃথিৱীৰ পৰা প্ৰায় ১২৪ আলোকবৰ্ষ দূৰত সিংহ নক্ষত্ৰত অৱস্থিত। এই তৰাটোক প্ৰদক্ষিণ কৰা আন এটা গ্ৰহও চিনাক্ত কৰা হৈছে।
নব্বৈৰ দশকৰ পৰা আমাৰ সৌৰজগতৰ বাহিৰৰ প্ৰায় ৫৮০০ গ্ৰহ, যাক বহিঃগ্ৰহ বুলি কোৱা হয়, যি বৰ্তমানলৈ আৱিষ্কাৰ হৈছে।