Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

ৰাতিৰ আহাৰ খোৱাৰ উপযুক্ত সময় কি? ৰাতি ১০ বজাৰ পিছত আহাৰ খালে কি কি সমস্যা হ'য় জানিবলৈ পঢ়িব

ৰাতিৰ আহাৰ খোৱাৰ উপযুক্ত সময় কি? ৰাতি ১০ বজাৰ পিছত আহাৰ খালে কি কি সমস্যা হ'য় জানিবলৈ পঢ়িব।





(অপূৰ্ব দাস )


খাদ্যাভ্যাসৰ বিসংগতিৰ ফলত বহু ধৰণৰ ৰোগৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে। খাদ্যৰ দুটা দিশ আছে – আপুনি কি খায় আৰু কেতিয়া খায়।

স্বাস্থ্য বিশেষজ্ঞসকলে কয়, যদি আপুনি সুস্বাস্থ্য বিচাৰে তেন্তে সদায় এনে বস্তু সেৱন কৰিব লাগে যিয়ে শৰীৰৰ বাবে প্ৰয়োজনীয় বেছিভাগ পুষ্টিকৰ উপাদান পূৰণ কৰিব পাৰে। খাদ্যৰ পুষ্টিৰ সমান্তৰালকৈ খাদ্য খোৱাৰ সময়েও আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় ।

পুষ্টিবিদসকলে কয় যে, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আৰু হজম শক্তি ভালদৰে ৰাখিবলৈ খাদ্যৰ বাবে সময় নিৰ্ধাৰণ কৰক আৰু প্ৰতিদিনে একে সময়তে খাদ্য গ্ৰহণ কৰক। ৰাতিৰ আহাৰ সন্দৰ্ভত অধিক সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ।

ৰাতি খোৱাৰ উপযুক্ত সময় কি জানো আহক? আৰু দেৰিকৈ খালে কি কি সমস্যা হ'য় তলত উল্লেখ কৰা হ'ল -






 নিশা দেৰিকৈ খালে কি কি সমস্যা হ'য়?

শেহতীয়া এক অধ্যয়নত গৱেষকসকলে জানিব পাৰিছে যে যিসকল লোকে গভীৰ নিশা ( ১০ বজাৰ পিছত) খাদ্য গ্ৰহণ কৰে তেওঁলোকৰ স্বাস্থ্যজনিত বিভিন্ন সমস্যাৰ সম্ভাৱনা বেছি হ’য়, ইয়াৰ ফলত মেদবহুলতাৰ সম্ভাৱনাও বৃদ্ধি পায়। একেদৰে এণ্ড’ক্ৰাইন ছ’চাইটিৰ জাৰ্নেল অৱ ক্লিনিকেল এণ্ড’ক্ৰাইন’লজি এণ্ড মেটাবলিজমত প্ৰকাশিত আন এক গৱেষণাৰ মতে, পলমকৈ খাদ্য খোৱাটোৱে ওজন আৰু তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি কৰে। 



দেৰিকৈ ৰাতিৰ আহাৰ খোৱাৰ ফলত ওজন বৃদ্ধিৰ সমস্যা

প্ৰথমটো অধ্যয়নত গৱেষকসকলে জানিবলৈ পাৰিলে যে গভীৰ নিশা খাদ্য গ্ৰহণ কৰিলে মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি পায় । অধ্যয়নটোৰ অধ্যাপক তথা মুখ্য লেখক ফ্ৰেংক এ.জে.এল. শ্বেয়াৰ কৰে এই তথ্য। তেওঁ ১৫ হেজাৰ জন মানুৰ ওপৰত এই পৰীক্ষা কৰে।

বিশেষকৈ পলমকৈ খোৱাসকলৰ ক্ষেত্ৰত পূৰ্ণতাৰ সংকেত দিয়া হৰম’ন লেপ্টিন হ্ৰাস পাইছিল। নিশা ১০ বা ১১ বজাৰ পিছত খাদ্য খোৱা লোকসকলে কম হাৰত কেলৰি বাৰ্ন কৰা দেখা গৈছিল, যাৰ ফলত ওজন বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায়।

খাদ্যৰ সময়ৰ পৰিৱৰ্তনে শৰীৰৰ চাৰ্কেডিয়ান ছন্দত প্ৰভাৱ পেলায়, যাৰ ফলত এনে সমস্যাৰ সৃষ্টি হ’য়।


ডায়েবেটিচ ৰোগৰো আশংকা বাঢ়ে:

আন এক অধ্যয়নত গৱেষকসকলে প্ৰকাশ কৰিছে যে পলমকৈ খাদ্য গ্ৰহণ কৰিলে ওজন বঢ়াৰ লগতে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়।

জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ অধ্যাপক ডাঃ জনাথন চি জেনে কয় যে অধ্যয়নৰ তথ্য অনুসৰি পলমকৈ খাদ্য খোৱা লোকৰ তেজত চেনিৰ পৰিমাণ বেছি হয় আৰু চৰ্বি কমকৈ খৰচ হয়, যাৰ ফলত দেহত বেয়া কলেষ্টেৰল হিচাপে জমা হ'বলৈ আৰম্ভ কৰে । 

 যদি আপুনি স্বাভাৱিক চাৰ্কাডিয়ান ছন্দ অনুসৰি দৈনন্দিন ৰুটিন বজাই নাৰাখে তেন্তে শৰীৰে শৰীৰক সুস্থ কৰি ৰাখিবলৈ প্ৰয়োজনীয় ধৰণে গ্লুক’জ বিপাকীয় ক্ৰিয়া কৰিব নোৱাৰে।

ৰাতিৰ আহাৰ দেৰিকৈ খালে টাইপ ২ ডায়েবেটিছ আৰু ইয়াৰ জটিলতাৰো সম্ভাৱনা বৃদ্ধি পায়। ৰাতি শুৱাৰ ২-৩ ঘণ্টা আগতে ৰাতিৰ আহাৰ খালে শৰীৰে ইনচুলিন ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হয়।


ৰাতিৰ আহাৰ গ্ৰহণৰ উপযুক্ত সময় :

বেছিভাগ বিশেষজ্ঞ আৰু গৱেষণাৰ মতে, ৰাতিৰ আহাৰ শুৱাৰ কমেও ২ৰ পৰা ৩ ঘণ্টাৰ আগতে খাব লাগে। যদি আপুনি নিশা ১০ বজাত শুৱে , তেন্তে ৰাতি ৭ৰ পৰা ৮ বজাৰ ভিতৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰাটো ভাল। শুৱাৰ দুঘণ্টা আগতে খাদ্য গ্ৰহণ কৰিলে শৰীৰে খাদ্য হজম কৰিবলৈ সময় পায়। 




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection