Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

এই ৰোগত পুৰুষৰ যৌন অংশৰ পৰাও তেজ ওলায়, ই অতি বিপদজনক !


এই ৰোগত পুৰুষৰ যৌন অংশৰ পৰাও তেজ ওলায়, ই অতি বিপদজনক !


( অপূৰ্ব দাস )

পুৰুষৰ যৌন অংগৰ পৰা তেজ ওলোৱাটো স্বাভাৱিক নহয়। ইয়াৰ কাৰণ হ’ব পাৰে কোনো গুৰুতৰ ৰোগ। ইয়াক আওকাণ কৰিলে বিপদজনক হ’ব পাৰে। যদি এনে সমস্যাৰ সৃষ্টি হয়, তেন্তে তৎক্ষণাত ইউৰ’লজিষ্ট বা চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।


বেছিভাগ পুৰুষেই এনে সমস্যাত লাজত মৌন হৈ থাকে, যিটো বিপদজনক হ’ব পাৰে। পুৰুষৰ ব্যক্তিগত অংগৰ পৰা ৰক্তক্ষৰণ স্বাভাৱিক নহয়, ই এক গুৰুতৰ ৰোগ হ’ব পাৰে। সময়মতে চিকিৎসা নকৰিলে ই মাৰাত্মকও হ’ব পাৰে। পুৰুষৰ ব্যক্তিগত অংগৰ পৰা কিয় তেজ ওলায় আৰু ই কি ৰোগ হ’ব পাৰে জানো আহক-




পুৰুষৰ ব্যক্তিগত অংশৰ পৰা কোনটো ৰোগৰ বাবে ৰক্তক্ষৰণ হ'য়?


যেতিয়া পুৰুষৰ প্ৰস্ৰাৱৰ সৈতে বা প্ৰস্ৰাৱ অবিহনে যৌন অংগৰ পৰা ৰক্তক্ষৰণ আৰম্ভ হয় তেতিয়া ইয়াক হেমাটুৰিয়া বোলা হয়। এইটো কোনো সাধাৰণ কথা নহয় আৰু ইয়াৰ আঁৰত বহুতো গুৰুতৰ কাৰণ থাকিব পাৰে।



ৰক্তক্ষৰণৰ কাৰণ -

১/ প্ৰস্ৰাৱৰ সংক্ৰমণ

সংক্ৰমণ (UTI)ৰ বাবে প্ৰস্ৰাৱ নলীৰ ভিতৰৰ তৰপ মূত্ৰনলী ফুলি উঠে আৰু তেজ ওলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত প্ৰস্ৰাৱ কৰাৰ সময়ত তীব্ৰ জ্বলা-পোৰা আৰু বিষ অনুভৱ কৰিব পাৰে।

২/ গুৰুতৰ যৌন সংক্ৰামক ৰোগ 

গুৰুতৰ যৌন সংক্ৰামক ৰোগ (STI) যেনে গনোৰিয়া বা ক্ল’মাইডিয়া আদিৰ ফলতো প্ৰস্ৰাৱত ৰক্তক্ষৰণ হ’ব পাৰে। ইয়াৰ লগতে জ্বলা-পোৰা, খজুৱতি আৰু স্ৰাৱৰ দৰে লক্ষণো দেখা যায়। সেয়েহে যৌন সম্পৰ্ক স্থাপন কৰোঁতে সাৱধান!

৩/ পিত্তৰ পাথৰ

বৃক্ক বা মূত্ৰাশয়ত পাথৰ থাকিলে প্ৰস্ৰাৱ নলীত আঁচোৰ মাৰি ৰক্তক্ষৰণ হ’ব পাৰে। ইয়াক সহজভাৱে ল’ব নালাগে, যিমান সোনকালে চিকিৎসা কৰা হয়, সিমানেই বিপদ কম হয়।

৪/ প্ৰষ্টেটৰ সমস্যা

যদি প্ৰষ্টেট বাঢ়ি যায় বা তাত কেন্সাৰৰ দৰে অৱস্থা থাকে, তেন্তে প্ৰস্ৰাৱ নলীত চাপ পৰে আৰু ৰক্তক্ষৰণ আৰম্ভ হয়। এই সমস্যা ৪৫ বা ৫০ বছৰৰ ওপৰৰ পুৰুষৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়।




৫) মূত্ৰাশয় বা বৃক্কৰ কৰ্কট ৰোগ

প্ৰস্ৰাৱত ধাৰাবাহিকভাৱে ৰক্তক্ষৰণ হোৱাটো মূত্ৰাশয় বা বৃক্কৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। গতিকে ইয়াক আওকাণ কৰিলে অতি বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে।


এনে লক্ষণ হ'লে সজাগ হ’ব :

(১) সঘনাই প্ৰস্ৰাৱ কৰা

(২) তীব্ৰ জ্বলা-পোৰা

(৩) প্ৰস্ৰাৱত তেজৰ টোপাল বা ৰঙা ৰং

(৪) দুৰ্বলতা বা জ্বৰ



কেনেকৈ চিকিৎসা কৰা হয় ?

১) এনে সমস্যা হ'লে লগে লগে ইউৰ'লজিষ্ট বা চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। চিকিৎসাৰ পলম হ’লে মাৰাত্মক হ’ব পাৰে।

২) প্ৰস্ৰাৱ পৰীক্ষা আৰু আল্ট্ৰাছাউণ্ডৰ দ্বাৰা ইয়াৰ কাৰণ উন্মোচিত হয়।

৩) বেক্টেৰিয়াৰ সংক্ৰমণ হ’লে এন্টিবায়টিক দিয়া হয়।

৪/ যদি পাথৰ বা টিউমাৰ থাকে তেন্তে অপাৰেচন বা লেজাৰ থেৰাপীৰ প্ৰয়োজন হব পাৰে।






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection