( অপূৰ্ব দাস )
শৰীৰৰ বিষ বা ফুলা কম কৰিবলৈ নিমখীয়া পানীৰে গা ধুব লাগে বুলি চিকিৎসকে কয় । নিমখীয়া পানীৰে গা ধুলে চুলি বগা হৈ পৰিব পাৰে বুলি বিশ্বাস আছে। সত্য কি জানো আহক-
নিমখীয়া পানীৰে গা ধুলে শৰীৰৰ বিষ কম হোৱাই নহয়, আন বহু সমস্যাও কমাব পাৰে। কিন্তু বহুতে বিশ্বাস কৰে যে নিমখীয়া পানীৰে গা ধুলে চুলি বগা হৈ পৰে। এই বিশ্বাস বহুদিন ধৰি চলি আহিছে যদিও ইয়াৰ কিবা সত্যতা আছেনে? বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা জানিব পাৰি যে নিমখীয়া পানীয়ে চুলি বগা নকৰে।
নিমখীয়া পানীত কি কি থাকে?
নিমখীয়া পানীত ছডিয়াম ক্লৰাইড (NaCl) আৰু বহুতো খনিজ পদাৰ্থ যেনে মেগনেছিয়াম, কেলচিয়াম, ছালফেট আদি থাকে। সাধাৰণতে সাগৰীয় পানী বা নিমখীয়া গা ধোৱা পানীয়ে ছাল আৰু চুলিত শুকান প্ৰভাৱ পেলাব পাৰে, বিশেষকৈ যদি ইয়াত অধিক পৰিমাণৰ নিমখ থাকে। তেতিয়া চুলি সৰিব পাৰে। যেনে মূৰ ঘামিলে আৰু লগে লগে ধুই নেপেলালে চুলি সৰিব পাৰে, কাৰণ ঘামত নিমখ থাকে।
নিমখ পানীয়ে চুলি পকায় নেকি?
উত্তৰ: চুলি নপকায় । চুলি বগা হোৱাটো এটা জিনীয় আৰু জৈৱিক প্ৰক্ৰিয়া। ইয়াৰ মূল কাৰণ হ’ব পাৰে শৰীৰত মেলানিনৰ অভাৱ, বয়স বৃদ্ধি, মানসিক চাপ, ভিটামিন বি ১২ৰ অভাৱ, অটোইম্যুন ৰোগ, ধূমপান বা হৰম’নৰ পৰিৱৰ্তন। এই কাৰণসমূহৰ লগত নিমখীয়া পানীৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। কিন্তু নিমখ পানী লাগি থাকিলে চুলি সৰিব পাৰে।
চুলিৰ ওপৰত নিমখীয়া পানীৰ প্ৰভাৱ কি?
যদিও নিমখীয়া পানীয়ে চুলি বগা নকৰে, তথাপিও নিমখীয়া পানী চুলিৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ইয়াৰ বাবে চুলিৰ শুকানতা বৃদ্ধি পায়। ইয়াৰ ফলত চুলিবোৰ প্ৰাণহীন হৈ পৰিব পাৰে। নিমখীয়া পানীয়ে মূৰৰ ছাল শুকান কৰিব পাৰে। অত্যধিক নিমখে চুলিৰ পৰা আৰ্দ্ৰতা শোষণ কৰে। ইয়াৰ দীৰ্ঘদিনীয়া ব্যৱহাৰে চুলি সৰি যোৱাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ নিমখীয়া পানীয়ে চুলিৰ ক্ষতি কৰিব পালে।