জীৱ-জন্তু আৰু প্ৰকৃতিৰ সৈতে আমাৰ নিবিড় সম্পৰ্ক আছে। মোৰ জীৱনত ঘটা সঁচা কাহিনী।
( অপূৰ্ব দাস )
প্ৰকৃতিৰ লগত মানুহৰ কিযে মুধুৰ আৰু নিবিড় সম্পৰ্ক আছে ! সকলোফালে সেউজীয়া গছ-গছনি, বৈ থকা সুন্দৰ নদী, মলয়া বতাহ , গছৰ ডালত চৰাইৰ মধুৰ চিৰিক চিৰিক মাত..... কিযে অপূৰ্ব..... এয়াই সৰগ.... আমাৰ পৃথিৱী।
সঁচাকৈয়ে এই মিঠা অনুভৱেই হৈছে সৰগীয় সুখ।
প্ৰকৃতিৰ লগত মানুহৰ নিবিড় সম্পৰ্ক যে আছে এবাৰ অনুভৱ কৰক....
গছ-গছনি, ফল-মূল , শস্য-শাক-পাচলি, বায়ু-পানী, মাটিৰ অবিহনে আমাৰ জীৱন শূন্য ! এই কথা বাৰু সকলোৱে জানে, কিন্তু জীৱ-জন্তুৰ সৈতেও যে আমাৰ নিবিড় সম্পৰ্ক আছে, সেয়া হয়তো জীৱ-জন্তু ভাল পোৱা মানুহ এজনেহে ভালকৈ উপলব্ধি কৰিব পাৰিব। জীৱ-জন্তুও আমাৰ প্ৰকৃত বন্ধু হ'ব পাৰে। কুকুৰ,গৰু-ছাগলী, হাঁহ-পাৰ-কুকুৰা বা অন্যান্য জীৱ-জন্তুও আমাৰ প্ৰকৃত বন্ধু হ'ব পাৰে।
আচলতে সঁচা মৰমৰ ভাষা সকলোৱে বুজি পায়। একমাত্ৰ মানুহ নামৰ প্ৰানীবিধৰ বাহিৰে..... এৰাহ ! মানুহৰ হৃদয় এতিয়া আধুনিকতাৰ পৰশত হেৰাই গ'ল.... সকলোৱে এতিয়া যেন প্ৰতিযোগিতাত নামি পৰিছে.... নিজৰ স্বাৰ্থৰ বাবে গছ-গছনি কাটি ধ্বংস কৰিছে, জীৱ-জন্তুৰ বাসস্থান নাইকীয়া কৰিছে, মাছ-মাংসৰ সোৱাদ বিচাৰি হত্যা কৰি আছে লাখ লাখ জীৱ-জন্তু.... আনকি মানুহেই মানুহক প্ৰেমৰ চলনাৰে হত্যা কৰিছে.... নিজৰ স্বাৰ্থৰ বাবে কিমানেই যে কি কৰি আছে......
মাই কৈছিল "মই যেতিয়া এইখন ঘৰলৈ প্ৰথম বিয়া হৈ আহিছিলো তেতিয়া বহু হাঁহ-পাৰ-কুকুৰা পালন কৰিছিলোঁ, কিন্তু টকাৰ অভাৱৰ বাবে সেইবোৰ বিক্ৰী কৰিব লগা হৈছিল। যিদানাখন বিক্ৰী কৰিছিলোঁ খুব কান্দিছিলোঁ। সেইদিনাখন ভাতেই খোৱা নাছিলো। এনে লাগিছিল যেন নিজৰ সন্তান বিক্ৰী কৰিলোঁ।"
ফটো: বৰ্তমানৰ পোহনীয়া জীৱ-জন্তু আৰু পক্ষী
জীৱ-জন্তুৰ সৈতেও যে মধুৰ পৱিত্ৰ সম্পৰ্ক গঢ়ে সেয়া হয়তো জীৱ-জন্তু ভাল পোৱা মানুহ এজনেহে ভালকৈ উপলব্ধি কৰে। ২০১৯ চনৰ পিছৰে পৰা মানুহৰ লগতে জীৱ-জন্তুৰো বিভিন্ন ৰোগে দেখা দিয়ে। আমাৰ পোহোনীয়া জীৱ-জন্তু যেনে- হাঁহ, কুকুৰা, গৰু গোটেই বেমাৰতে মৰিল। মোৰ বহুত দুখ লাগে যেতিয়া পোহোনীয়া জীৱ-জন্তু কেইটাৰ কথা মনত পৰে, কাৰণ মোৰ সৈতে কি যে পৱিত্ৰ মধুৰ সম্পৰ্ক আছিল - যেন মোৰ মা বা মোৰ সন্তান।
হাঁহ-কুকুৰা-পাৰ কেইটাই মোক দেখিলেই বা মোৰ মাত শুনিলেই মোৰ ওচৰলৈ দৌৰি আহে। সিঁহতৰ আব্দাৰত মোৰ হৃদয় মৰমতে গলি যায়। ধান বা চাউল হাতত লৈ থাকিলেই হ'ল, সিহঁতে ওচৰলৈ আহি মোৰ হাততেই খাবলৈ আৰম্ভ কৰে। লগতে গৰু দুজনী আৰু ছাগলী কেইটা আছেই। মই যদি "আই আহ আহ" বুলি চিঞৰি মাতো লগে লগেই আহি মোৰ ওচৰ পায় ( যদিহে এৰি দিয়া থাকে) । দূৰৈত থাকিলেও সিহঁতে মোৰ মাত বুজি পায় আৰু মোক প্ৰত্যুত্তৰ দিয়ে। মই সিহঁতৰ ওচৰলৈ গ'লেই চেলেকি দিয়ে..... এই পৱিত্ৰ আৰু প্ৰকৃত সঁচা মৰম কোনে পাহৰিব পাৰিব ?
এটি সঁচা কাহিনী :
৭ বছৰৰ আগৰ কথা , এদিন সন্ধিয়া মই মন্দিৰত প্ৰাৰ্থনা কৰি উঠি বিছনাত বহি মোবাইলটো অন কৰি ইউটিউবত অসমীয়া গানৰ ভিডিঅ' চাই আছিলোঁ। আন্ধাৰ নামি আহিছিল, সেইখিনি সময়ত কেতিয়াবা বিজুলী নাথাকেই। সেইদিনাও বিজুলী নাই। মা ঘৰত নাই, এঘৰৰ তাতে জন্ম উৎসৱৰ নাম গাবলৈ গৈছে। গধূলি সময়ত আমাৰ ঘৰৰ দুৱাৰখন খুলি থোৱা থাকে । গধূলি হ'লে আমাৰ দুৱাৰ খুলি থৈ দিও, কাৰণ মন্দিৰটো ঘৰৰ ভিতৰতে স্থাপন কৰা বাবে। তেতিয়া সময় ৭ বাজি ৩৪ মিনিট হৈছিল । মই লেম্পটো জ্বলাই মজিয়াতে থৈ দি বিছনাত বহি কিতাপ পঢ়াত লাগিলো। থিক সেই সময়তে এটা মতা হাঁহ ঘৰৰ ভিতৰলৈ সোমাই আহি মোৰ ফালে চাই চাই তাৰ সৰু সৰু মাতেৰে মোক মাত লগাই আছে । মই আচৰিত হ'লো , ওখো খটখটি বগাই কেনেকৈ মোৰ ওচৰ পালে? মই তাক ধৰি লৈ হাতত তুলি লʼলো..... আমাৰ হাঁহ কেইটাই মোক ধৰা দিয়ে, কাৰণ মই খুব মৰম কৰোঁ। সিঁহতে মোৰ মৰম বুজি পায়।
মতা হাঁহটোৱে মোক কিবা ক'বলৈ চেষ্টা কৰিছে, মই বুজি পোৱা নাছিলোঁ। তাক কোলাত তুলি লৈ হাঁহৰ গড়াললৈ লৈ গৈ দেখিলোঁ গড়ালটো খালি..... এটাও হাঁহ নাই। এতিয়াহে বুজিলো মতা হাঁহটোৱে ঘৰৰ ভিতৰলৈ সোমাই গৈ মোক কি ক'ব বিচাৰিছে। মই তাক গড়ালতে ভৰাই থৈ বাকি হাঁহ কেইটা বিচাৰি গ'লো..... মই ভাবিছিলো যে হাঁহ কেইটা আহি সোমাই আছে, কাৰণ আন দিনাখন নিজে আহি সোমাই থাকে।
টৰ্চ লাইটো জ্বলাই দেখিলো আমাৰ ওচৰৰে বেলেগৰ পুখুৰী এটাত বাকি কেইটা হাঁহ উঠি আহিব নোৱাৰাকৈ ২ টা কুকুৰে ঘেৰি ধৰি আছে। সিঁহতে ভয় খাই উঠি আহিব পৰা নাই। মানুহে কোৱা শুনিছোঁ যে দুটা কুকুৰে বহুতৰে হাঁহ কুকুৰা ধৰি ধৰি খায় আৰু পথাৰৰ ছাগলী কামোৰে। মই কুকুৰ দুটাক খেদি পঠিয়ালোঁ। মই গোটেই হাঁহ কেইটাক "মুনু কেইটা আহ আহ" বুলি চাৰিবাৰ মান মাতিলো।
সিহঁতে প্ৰথমে ভয় খাইছিল, পিছত টৰ্চৰ পোহৰ পাই আৰু মোৰ মাতটো বুজি পাই মোৰ ওচৰলৈ এটা এটাকৈ উঠি আহিল। মোৰ পিছে পিছে সিঁহত কেইটা আমাৰ ঘৰ আহি পালে।
এই ঘটনাই মোক বহু জ্ঞান দিলে যে জীৱ-জন্তুও মানুহৰ মৰমৰ মাত বুজি পায় আৰু বন্ধু হ'ব পাৰে।
জীৱ-জন্তু আৰু প্ৰকৃতিৰ সেউজীয়া পৰিৱেশৰ সৈতে থাকিলে আমাৰ কি লাভ হ'য়?
জীৱ-জন্তুও আমাৰ প্ৰকৃত বন্ধু হ'ব পাৰে। কেতিয়াবা আমি বহুত মানসিক হতাশাগ্ৰস্ত হৈ পৰো বা দুখত থাকো, তেতিয়া জীৱ-জন্তুয়ে আমাৰ মনৰ হতাশা বা চাপ দূৰ কৰি মানসিক শান্তি দিয়াত সহায় কৰে।
যদিহে মানসিক চাপ থাকে তেতিয়া আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি যায় আৰু সৌন্দৰ্য্য ম্লান হৈ পৰে। জীৱ-জন্তুয়ে আমাৰ মনৰ অৱসাদ দূৰ কৰে। সিঁহতৰ লগত থাকিলে মানসিক চাপ মুক্ত হৈ থাকিব পাৰি।
সেউজীয়া গছ-গছনি-ফল-ফুল, শাক-পাচলি, নৈ-জান-জুৰি, পাহাৰ-পৰ্বতৰৰ মনোমোহা দৃশ্যইও মন শান্ত কৰে। মানসিক চাপ দূৰ কৰে। সেয়েহে আমাৰ প্ৰকৃতিৰ সৈতে নিবিড় সম্পৰ্ক আছে।