( অপূৰ্ব দাস )
প্ৰতিটো দিনৰ আৰম্ভণি অতি গুৰুত্বপূৰ্ণ। দিনটোৰ আৰম্ভণি শুভ, সফলতাৰে আৰু ইতিবাচক শক্তিৰে ভৰপূৰ হ’ব লাগে। ইয়াৰ বাবে বহুতে ৰাতিপুৱা কিছুমান বিশেষ কাম যেনে ধ্যান, হাতৰ তলুৱা চোৱা বা পানী দেখা আদি কামবোৰ দেখা বা কৰাৰ অভ্যাস কৰি তোলে। এই সকলোবোৰে দিনটো ভালদৰে আৰম্ভ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।
কিন্তু আপুনি জানেনে যে কিছুমান বস্তু আছে যিবোৰ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাৱাটো শুভ বুলি গণ্য কৰা নহয় । বাস্তু আৰু জ্যোতিষৰ মতে এইবোৰ বস্তুৱে দিনটোৰ শক্তিক প্ৰভাৱিত কৰি নেতিবাচক প্ৰভাৱ আনিব পাৰে। এনে পৰিস্থিতিত ৰাতিপুৱা কি কি দৰ্শন কৰা পৰিহাৰ কৰিব লাগে জানো আহক-
(১) ৰৈ থকা গ’ল ঘড়ী
ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে যদি ৰৈ যোৱা ঘড়ী দেখা পায় তেন্তে সেয়া দিনটোৰ বাধাৰ চিন হ’য় । স্থবিৰ ঘড়ীয়ে শক্তিৰ প্ৰবাহ বন্ধ কৰি দিয়ে বুলি বিশ্বাস কৰা হয়। গতিকে এনে ঘড়ী কোঠাটোত ৰাখিব নালাগে।
(২) ঝাড়ু আৰু ডাষ্টবিন
ৰাতিপুৱাই মুখ নুধুৱাকৈ ঝাড়ু বা ডাষ্টবিন দেখাটো আৰ্থিক সমস্যাৰ লক্ষণ বুলি গণ্য কৰা হয়। বাস্তুৰ মতে ইয়াৰ ফলত দৰিদ্ৰতা আৰু ধনৰ ক্ষতি হ’য়।
(৩) লেতেৰা বাচন-বৰ্তন
লেতেৰা বাচন-বৰ্তন ৰাতিটো এৰি থৈ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে সেইবোৰলৈ চোৱাটোৱে নেতিবাচকতাক আকৰ্ষণ কৰে। ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক শক্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। সেয়েহে ৰাতি বাচন-বৰ্তন পৰিষ্কাৰ কৈ ধুই থবলৈ চেষ্টা কৰক।
(৪) আইনা
ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে বহুতে নিজকে আইনাত চোৱাৰ অভ্যাস। বাস্তু শাস্ত্ৰত এই অভ্যাস স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা নহয়। এনে কৰিলে আপোনাৰ মানসিক আৰু শাৰীৰিক ভাৰসাম্যত প্ৰভাৱ পৰিব পাৰে।