( অপূৰ্ব দাস )
মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বোজাই বিশ্বজুৰি স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাইছে। প্ৰতি বছৰে মহৰ দ্বাৰা সংক্ৰমিত ৰোগ যেনে ডেংগু, মেলেৰিয়া, চিকুংগুনিয়াৰ বাবে লাখ লাখ লোকৰ মৃত্যু হয়।
২০২৩ চনৰ তথ্য অনুসৰি কেৱল মেলেৰিয়াৰ বাবেই বিশ্বজুৰি ৫.৯৭ লাখ লোকৰ মৃত্যু হৈছিল। এই মৃত্যুৰ এটা উল্লেখযোগ্য অংশ (প্ৰায় ৯৫%) WHO আফ্ৰিকান অঞ্চলত হোৱা বুলি ৰিপৰ্ট কৰা হৈছে।
ভাৰতীয়ৰ বাবেও মেলেৰিয়া ডাঙৰ ভাবুকি হৈ আহিছে, যাৰ বাবে প্ৰতি বছৰে চিকিৎসালয়ত বিপুল জনসমাগম দেখা যায়। বিশ্ব মেলেৰিয়া দিৱস প্ৰতি বছৰে ২৫ এপ্ৰিলত পালন কৰি মেলেৰিয়া সম্পৰ্কে বিশ্বজনীন সজাগতা বৃদ্ধি আৰু ৰোগ নিয়ন্ত্ৰণৰ প্ৰচেষ্টাক প্ৰসাৰিত কৰা হয়।
বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাপ অনুসৰি ভাৰতত প্ৰতি বছৰে ডেৰ কোটি লোক মেলেৰিয়াত আক্ৰান্ত হয়, ইয়াৰে প্ৰায় ২০ হাজাৰ লোকৰ মৃত্যু হয়। কিন্তু যোৱা কেইবছৰমানৰ পৰা বহুস্তৰীয় প্ৰচেষ্টাৰ সহায়ত ভাৰতে কেৱল মেলেৰিয়া ৰোগীৰ সংখ্যা হ্ৰাস কৰাই নহয়, মৃত্যুৰ হাৰও হ্ৰাস কৰিছে।
মেলেৰিয়াৰ বিষয়ে WHO-এ কি কৈছে?
মেলেৰিয়া প্ৰতিৰোধৰ বাবে ভাৰতৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে WHO-এ।
দক্ষিণ-পূব এছিয়াৰ বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক সঞ্চালক ছাইমা ৱাজেদে কয় যে মেলেৰিয়া প্ৰতিৰোধৰ বাবে আমাক ব্যাপক প্ৰচেষ্টাৰ প্ৰয়োজন। মেলেৰিয়াৰ বিৰুদ্ধে যুঁজত আমাৰ অঞ্চলটোৱে উৎকৃষ্ট অগ্ৰগতি লাভ কৰিছে। দক্ষিণ-পূব এছিয়া হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ একমাত্ৰ অঞ্চল যিয়ে মেলেৰিয়া ৰোগী আৰু মৃত্যু হ্ৰাস কৰাৰ প্ৰচেষ্টাত যথেষ্ট সফলতা লাভ কৰিছে।
মালদ্বীপ আৰু শ্ৰীলংকা মেলেৰিয়ামুক্ত হৈ পৰিছে, এয়া আমাৰ বাবে গৌৰৱৰ বিষয়। তদুপৰি, ৯খন স্থানীয় দেশৰ ভিতৰত চাৰিখন – ভূটান, ভাৰত, নেপাল আৰু তিমৰ-লেষ্টে – ২০১৫ চনৰ পৰা মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ ৬৩%তকৈ অধিক হ্ৰাস পাইছে। তিমৰ-লেষ্ট আৰু ভূটানেও মেলেৰিয়া নিৰ্মূল কৰাৰ ওচৰ চাপিছে।
কেনেকৈ মেলেৰিয়াৰ পৰা হাত সাৰিব পাৰি?
(১) মহ আঁতৰ কৰিবলৈ সদায় গধূলি আৰু ৰাতি শালধূনা জ্বলাব।
(২) মহ ধ্বংস কৰা ঔষধ ছটিয়াব।
(৩) ঘৰৰ ওচৰত থকা জংগল চাফা কৰিব।
(৪) পেলনীয়া প্লাষ্টিকৰ সামগ্ৰী ইত্যাদি দ গাতত পুতি বা পুৰি পেলাওক।
(৫) সংক্ৰমিত ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব।
(৬) জ্বৰ হ'লেই চিকিৎসা কেন্দ্ৰলৈ গৈ তেজ পৰীক্ষা কৰক।
মেলেৰিয়া আৰু ইয়াৰ ফলত হোৱা সমস্যা :
মেলেৰিয়াত আক্ৰান্ত লোকসকলে সাধাৰণতে উচ্চ জ্বৰ আৰু ঠাণ্ডা লাগি থাকে। ইয়াৰ লগতে কিছুমান মানুহৰ বমি আৰু মূৰৰ বিষ , মূৰ ঘুৰোৱা, পেটৰ বিষ, পেশী বা গাঁঠিৰ বিষ আদি সমস্যাও হ’ব পাৰে। সাধাৰণতে সংক্ৰমিত মহে কামোৰাৰ কেইসপ্তাহমানৰ ভিতৰতে মেলেৰিয়াৰ লক্ষণ আৰম্ভ হয়। যদি কোনোবাই চাৰি-পাঁচদিন ধৰি উচ্চ জ্বৰত ভুগি আছে, তেন্তে তেওঁ নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ মতে নিজৰ তছজ পৰীক্ষা কৰাব লাগে। এই ৰোগবোৰ যদি সময়মতে নিৰ্ণয় কৰি চিকিৎসা কৰা নহয়, তেন্তে ৰোগৰ লক্ষণবোৰ গুৰুতৰ হোৱাৰ আশংকা থাকে আৰু মৃত্যু পৰ্যন্ত হ'ব পাৰে।