By Good Assam
সমগ্ৰ দেশতে নগদবিহীন চিকিৎসা আঁচনি ৰূপায়ণৰ বাবে ভাৰত চৰকাৰে এক অধিসূচনা জাৰি কৰিছে। ইয়াৰ অধীনত প্ৰতিজন পথ দুৰ্ঘটনাত পতিত হ'লে সৰ্বাধিক ১.৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা গেজেট অধিসূচনা অনুসৰি ২০২৫ চনৰ ৫ মে’ৰ পৰা এই আঁচনি কাৰ্যকৰী হৈছে।
কাৰোবাৰ পথ দুৰ্ঘটনা হ’লে বিনামূলীয়াকৈ চিকিৎসাৰ ব্যৱস্থা থাকিব :
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি যদি কোনো ব্যক্তি মটৰ গাড়ীৰ ফলত পথ দুৰ্ঘটনাত পতিত হয় তেন্তে এই আঁচনিৰ অধীনত দেশৰ যিকোনো প্ৰান্তত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব। দুৰ্ঘটনাগ্ৰস্তই চৰকাৰী বা নিৰ্দিষ্ট চিকিৎসালয়ত চিকিৎসাৰ বাবে কোনো ধৰণৰ ধন দিব নালাগিব।
দুৰ্ঘটনাৰ পিছত ৭ দিনৰ বাবে বিনামূলীয়া চিকিৎসাৰ সুবিধা
এই আঁচনিৰ অধীনত দুৰ্ঘটনা সংঘটিত হোৱাৰ তাৰিখৰ পৰা সাত দিনলৈ সৰ্বাধিক ১,৫০,০০০ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব। এই সুবিধা কেৱল সেই চিকিৎসালয়সমূহতহে সম্পূৰ্ণৰূপে প্ৰযোজ্য হ’ব যিবোৰ চৰকাৰে “নিৰ্দিষ্ট” কৰিছে।
যদি কোনো কাৰণত ভুক্তভোগীয়ে নিৰ্দিষ্ট চিকিৎসালয়লৈ যাব নোৱাৰে আৰু আন কোনো চিকিৎসালয়ত চিকিৎসা লয় তেন্তে সেই পৰিস্থিতিত সেই চিকিৎসালয়ত সুস্থিৰতালৈকে চিকিৎসা প্ৰদান কৰি এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব। এই সন্দৰ্ভত পৃথক গাইডলাইন জাৰি কৰা হৈছে।
ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে ৰূপায়ণ কৰিব এই আঁচনি
এই আঁচনি ৰূপায়ণৰ দায়িত্ব ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষক অৰ্পণ কৰা হৈছে। এই সংস্থাই আৰক্ষী, চিকিৎসালয় আৰু ৰাজ্যিক পৰ্যায়ৰ স্বাস্থ্য সংস্থাসমূহৰ সহযোগত কাম কৰি আঁচনিখন ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব।
ৰাজ্যিক পৰ্যায়ত পথ সুৰক্ষা পৰিষদ হ’ব - ন’ডেল এজেন্সী
প্ৰতিখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই আঁচনিৰ বাবে ৰাজ্যিক পথ সুৰক্ষা পৰিষদেই ন’ডেল এজেন্সী হ’ব। এই পৰিষদে নিৰীক্ষণ কৰিব যে আঁচনিখন সঠিকভাৱে ৰূপায়ণ কৰা হৈছে নে নাই, চিকিৎসালয়সমূহ আঁচনিৰ সৈতে সংযুক্ত কৰা হৈছে নে নাই, ভুক্তভোগীসকলৰ চিকিৎসা কৰা হৈছে নে নাই আৰু ধন পৰিশোধৰ প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে নে নাই।
কেন্দ্ৰীয় চৰকাৰে গঠন কৰিব এখন পৰিচালনা সমিতি
কেন্দ্ৰীয় চৰকাৰে আঁচনিখনৰ ফলপ্ৰসূ নিৰীক্ষণৰ বাবে এখন পৰিচালনা সমিতিও গঠন কৰিব। যাৰ ফলত পৰিকল্পনা সঠিকভাৱে পালন কৰা হৈছে নে নাই সেয়া নিশ্চিত হ’ব।