যদি ৰাতি পেটৰ বিষ বা গেছৰ বাবে অসুবিধা পায়, তেন্তে ৰাতিৰ আহাৰত এইবোৰ ভুল নকৰিব।
( অপূৰ্ব দাস )
আপোৰ যদি প্ৰায়ে ৰাতি পেটৰ বিষ, গেছ বা বদহজমৰ সমস্যা থাকে... বা এচিডিটিয়ে আপোনাক আমনি কৰে, তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি ৰাতিৰ আহাৰত এই ভুল কৰি আছে।
ৰাতি শুই থকাৰ সময়ত হঠাৎ পেটত বিষ হোৱা বা অত্যধিক গেছ গঠনৰ বাবে অস্বস্তি অনুভৱ কৰা বা, এচিডিটিৰ বাবে সাৰ পোৱা বা পেট ফুলাৰ দৰে সমস্যাৰ বাবে অস্থিৰ অনুভৱ কৰে নেকি ? যদি আপুনি এইবোৰৰ কোনো এটা সমস্যাত ভুগি আছে বা সঘনাই সন্মুখীন হৈছে, তেন্তে এইটো এটা স্পষ্ট ইংগিত যে আপোনাৰ ৰাতিৰ আহাৰত কিবা এটা ভুল আছে! এই সমস্যা কি আৰু ইয়াৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে জানিবলৈ পঢ়িব -
ৰাতি পেটৰ বিষ কিয় হয়?
যদি হঠাতে প্ৰতিদিনে বা প্ৰায়ে ৰাতি শুই থকাৰ সময়ত পেটৰ বিষ গেছ হয় আৰু আপোনাৰ কোনো গুৰুতৰ বেমাৰ হয় তেন্তে আপোনাক হাইপাৰ এচিডিটিৰ সমস্যা আছে। গতিকে এনে ক্ষেত্ৰত আপুনি খাদ্য গাওঁতে সদায় সাৱধান হ'ব। এচিডিটিৰ সমস্যা সম্পূৰ্ণৰূপে ভাল কৰিব নোৱাৰি। ইয়াক মাথো নিয়ন্ত্ৰণ কৰিহে ৰাখিব পাৰি।
ৰাতি পেটত গেছ বা বিষৰ কাৰণ হ’ব পাৰে ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত খোৱা ভুল খাদ্য। হয়, ৰাতি গেছ বৃদ্ধি কৰা খাদ্য খোৱা লোকসকলে প্ৰায়ে গভীৰ নিশা পেটৰ বিষ বা গেছৰ অস্বস্তিত ভুগিবলগীয়া হয়।
এতিয়া আপোনাৰ মনত প্ৰশ্ন হ’ব যে গেছ বা এছিড বৃদ্ধি কৰা খাদ্যবোৰ কি কি ?
এনে খাদ্যবোৰ খোৱাৰ পিছত পেটত অত্যধিক গেছ গঠন হয়, সেইবোৰক আয়ুৰ্বেদত বাত বৰ্ধক খাদ্য বুলি গণ্য কৰা হয়। ৰাতি এই খাদ্যবোৰ খোৱাৰ পিছত যেতিয়া আপুনি শুই যায় তেতিয়া এইবোৰ ভালদৰে হজম নহয় আৰু পেটত গেছ গঠন হ'বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত হঠাৎ পেটৰ বিষ, মূৰ ঘুৰোৱা , অস্থিৰতা, বুকুত হেঁচা মাৰি ধৰা বা বমিৰ সমস্যা হ’ব পাৰে।
• কোনবোৰ খাদ্য বাত বা গেছ বৰ্ধক?
বাত মানে বায়ু। যিবোৰ খাদ্য খোৱাৰ পিছত অন্ত্ৰত হজম হ’বলৈ বহু সময় লাগে সেইবোৰ খাদ্যক বাত বৃদ্ধি কৰা খাদ্যৰ শ্ৰেণীত গণ্য কৰা হয়। এই খাদ্যবোৰৰ তালিকা যথেষ্ট দীঘলীয়া। ভাৰতীয়সকলে সাধাৰণতে খোৱা আৰু এই শ্ৰেণীত অন্তৰ্ভুক্ত হোৱা খাদ্যসমূহৰ ভিতৰত মূলতঃ এই খাদ্য সামগ্ৰীসমূহ অন্তৰ্ভুক্ত -
ৰাজমা, দাল-মখানী, চোলে বা বুট , চামোচা, গাখীৰ, কল, বাদাম, শুকান মাছ, শাক ( ৰাতি শাক খোৱা উচিত নহয়), ব্ৰকলি, কবি, কচু, পনীৰ, কাঠফুলা, কণী, কেঁচা চালাদ , পিয়াঁজ, মূলা, গাজৰ, ৰঙালাউ, জলকীয়া, ছাগলীৰ মাংস ইত্যাদি। এনেবোৰ খাদ্য ৰাতিৰ ভাগত কেতিয়াও খোৱা উচিত নহয়।
কোনবোৰ খাদ্যই পেটৰ বিষ কৰে?
এই খাদ্যসমূহৰ বাহিৰেও আন কিছুমান খাদ্যও আছে, যিবোৰ ৰাতি খালে পেটৰ বিষ হ’ব পাৰে বা গাঁঠিৰ বিষ বৃদ্ধি হ’ব পাৰে। এই আটাইকেইটা খাদ্য বাত বৃদ্ধি কৰা খাদ্যৰ শ্ৰেণীত আহে, কিন্তু ইয়াৰ বিভিন্ন গুণৰ বাবে দিনত খালে যিমান স্বাস্থ্যকৰ, ৰাতি সেৱন কৰিলে শৰীৰত বিষৰ সমস্যা বৃদ্ধি পাব পাৰে। এই খাদ্যসমূহৰ ভিতৰত প্ৰধানকৈ- দৈ, টেঙা ,কঠাল, আম,ৰহৰ দাইল , চয়াবিন, লেচেৰা , ব্ৰইলাৰ মাংস , হাঁহৰ মাংস , তিয়ঁহ, উৰহী, চাহ, যিকোনো মিঠা খাদ্য, পিঠা, বড়া চাউলৰ পিঠা বা অন্যান্য খাদ্য, কল, পানীলাউ, মাটিমাহ ইত্যাদি।
• ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে পুষ্টিকৰ খাদ্য গেছ গঠন নকৰা খাদ্য :
ৰাতিৰ আহাৰ সদায় লঘু হ’ব লাগে। অৰ্থাৎ এই আহাৰত গধুৰ আৰু ডিপ ফ্ৰাই খাদ্য পৰিহাৰ কৰিব লাগে। লগতে মৈদাৰে তৈয়াৰী খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। এতিয়া এই প্ৰশ্নটো আপোনাৰ মনলৈ আহিব যে লঘু আৰু পুষ্টিকৰ খাদ্য কি?
লঘু আৰু পুষ্টিকৰ খাদ্য হৈছে যিবোৰ সহজে হজম হয় আৰু পুষ্টিকৰ হয় । সেইবোৰক লঘু খাদ্যৰ শ্ৰেণীত ৰখা হয়। এইবোৰৰ ভিতৰত আছে -
মচুৰ দাইলৰ আঞ্জা, বইল আলু আৰু ভাত কেৰেলা, খিচিড়ী,
অটচ, তেল-মচলা নথকা বইল কুকুৰা মাংসৰ জোল, মগু দাইল, ভালদৰে বইল কৰা পাচলি , চাউলৰ মাৰ পেলোৱা ভাত, সৰু মাছ যি তিতা নহয়, উহোৱা ব্ৰইলাৰ কণীৰ আধা অংশ ইত্যাদি ।
• এইবোৰ নিয়ম সদায় মানি চলা উচিত -
(১) শাক-পাচলি, দৈ খালে দিনৰ ভাগত খাব।
(২) ভাত খোৱাৰ পাছত এঘণ্টা বা দুঘণ্টা বহিব বা আধা ঘণ্টা খোজ কাঢ়িব।
(৩) ৰাতি ১০:৩০ বজাৰ পিছত মোবাইল ফোন ব্যৱহাৰ কৰা উচিত নহয়।
(৪) ৰাতিৰ আহাৰ ৪:৩০ বা ৯ বজাতে খোৱা উচিত।
(৫) ভাত খোৱাৰ পিছত পানী খোৱা উচিত নহয়। পানী খালে ২ ঘণ্টা আগতে খাব লাগে। ভাত খোৱাৰ ২ ঘণ্টা পিছতহে পানী খাব পাৰে।
(৬) ভাত খোৱাৰ পিছত চাহ, তামোল বা মাদক দ্ৰব্য সেৱন কৰা উচিত নহয়।
(৭) গধূলি বা সন্ধিয়াৰ সময়তো চাহ বা অন্যান্য খাদ্য খোৱা উচিত নহয়। যদিহে খায় তেন্তে ৰাতি খোৱা খাদ্য ভালদৰে হজম নহ'য় , যাৰ ফলত পেটত গেছ আৰু এছিড বৃদ্ধি পায়।
(৮) টোপনিৰ ক্ষতি নকৰিব আৰু মানসিক চাপ দূৰ কৰিবলৈ ভাল গান শুনা উচিত।
( ৯) প্ৰতিদিনে ব্যায়াম কৰিলে এই সমস্যা কমি থাকে।