স্নায়ুৰ সমস্যা: মোবাইলৰ ব্যৱহাৰ, প্ৰভাৱ, প্ৰতিৰোধ আৰু খাদ্য ।
( অপূৰ্ব দাস )
আমাৰ শৰীৰৰ স্নায়ুতন্ত্ৰ হৈছে এক অতি জটিল আৰু গুৰুত্বপূৰ্ণ তন্ত্ৰ যিটো মগজু, মেৰুদণ্ড আৰু স্নায়ুৰ জালিকাৰে গঠিত। ই সমগ্ৰ শৰীৰৰ বিভিন্ন অংশক মগজুৰ লগত সংযোগ কৰি নিয়ন্ত্ৰণ কৰে। যেতিয়া স্নায়ুত কোনো সমস্যা হয়, তেতিয়া ইয়াৰ প্ৰভাৱ সমগ্ৰ শৰীৰত পৰে। এই লেখাটোত স্নায়ুৰ সমস্যাৰ কাৰণ, অত্যধিক মোবাইল ফোন ব্যৱহাৰৰ প্ৰভাৱ, প্ৰতিৰোধমূলক ব্যৱস্থা আৰু স্নায়ুতন্ত্ৰক শক্তিশালী কৰি ৰাখিবলৈ খাদ্য গ্ৰহণৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম।
স্নায়ুৰ সমস্যা কি?
স্নায়ুৰ সমস্যাক চিকিৎসাৰ ক্ষেত্ৰত নিউৰ’পেথী বা নাৰ্ভ ডিছঅৰ্ডাৰ বুলি কোৱা হয়। ইয়াত স্নায়ুৰ ফুলা, ক্ষতি বা বিঘিনি ঘটে, যাৰ ফলত জিনজিননি, অজ্ঞানতা, জ্বলা-পোৰা, বিষ, দুৰ্বলতা আদি লক্ষণ দেখা দিয়ে।
শৰীৰৰ যিকোনো অংশত স্নায়ুৰ সমস্যা হ’ব পাৰে যদিও হাত, ভৰি, ডিঙি আৰু মেৰুদণ্ডৰ প্ৰধান অংশই এই ৰোগত আক্ৰান্ত হয়। সময়মতে চিকিৎসা নকৰিলে এই সমস্যা গুৰুতৰ হৈ উঠিব পাৰে।
স্নায়ুৰ সমস্যাৰ মূল কাৰণসমূহঃ
১/ পুষ্টিৰ অভাৱ:
স্নায়ুতন্ত্ৰই সঠিকভাৱে কাম কৰিবলৈ কিছুমান পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়। বিশেষকৈ ভিটামিন বি ১২, ভিটামিন ডি, মেগনেছিয়াম, ওমেগা-৩ ফেটি এচিড আদিৰ অভাৱত স্নায়ু দুৰ্বল হ’বলৈ আৰম্ভ কৰে।
২/ ডায়েবেটিছ:
ডায়েবেটিছ ৰোগৰ ফলত স্নায়ুৰ ক্ষতি হয়। দীৰ্ঘদিন ধৰি অনিয়ন্ত্ৰিত চেনিৰ মাত্ৰাই স্নায়ুৰ ক্ষতি কৰিব পাৰে, যিটো অৱস্থাক ডায়েবেটিক নিউৰ’পেথী বুলি কোৱা হয়।
৩/ অত্যধিক মানসিক চাপ আৰু উদ্বেগ:
মানসিক চাপ, উদ্বেগ আৰু হতাশাই শৰীৰৰ স্নায়ুতন্ত্ৰত গভীৰ প্ৰভাৱ পেলায়। ই স্নায়ুৰ সংবেদনশীলতা বৃদ্ধি কৰি বিৰক্তি, বিষ আৰু দুৰ্বলতাৰ সৃষ্টি কৰিব পাৰে।
৪/ বেয়া ভংগীমা:
বহু সময় বেঁকা অৱস্থাত বহি থাকিলে, ডিঙি তললৈ বেঁকা কৰি মোবাইল বা লেপটপটো চালে, ভুল পদ্ধতিৰে বহিলে স্নায়ুত অপ্ৰয়োজনীয় চাপ পৰে, যাৰ ফলত স্নায়ু ফুলা বা টান হ’ব পাৰে।
৫/ স্নায়ুৰ ওপৰত আঘাত বা চাপ
কেতিয়াবা দুৰ্ঘটনাত আঘাত পোৱাৰ বাবে বা মেৰুদণ্ডৰ ডিস্ক পিছলি যোৱাৰ বাবে স্নায়ু সংকোচিত হ’ব পাৰে, যাৰ ফলত খোজ কঢ়া, বহি থকা আৰু উঠিবলৈ অসুবিধা হ’ব পাৰে।
৬/ মদ্যপান আৰু ধূমপান:
মদ আৰু ধঁপাতে স্নায়ুতন্ত্ৰৰ ক্ষতি কৰে। এইবোৰ অতিমাত্ৰা সেৱন কৰিলেও ভিটামিনৰ অভাৱ হয়, যাৰ ফলত স্নায়ুৰ কাম-কাজত প্ৰভাৱ পৰে।
৭/ অটোইম্যুন আৰু সংক্ৰমণ সম্পৰ্কীয় ৰোগ:
কিছুমান ৰোগ যেনে গুইলেইন-বাৰ চিনড্ৰম, মাল্টিপল স্ক্লেৰচিছ, লাইম ৰোগে স্নায়ু ক্ষতি কৰে।
• মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰে স্নায়ুৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে?
আজিৰ ডিজিটেল যুগত বিশেষকৈ যুৱক-যুৱতী আৰু শ্ৰমিকৰ মাজত মোবাইলৰ অত্যধিক ব্যৱহাৰ সাধাৰণ হৈ পৰিছে। কিন্তু আমাৰ স্নায়ুতন্ত্ৰত ইয়াৰ প্ৰভাৱ গুৰুতৰ হ’ব পাৰে।
১/ টেক্সট নেক চিনড্ৰম:
মোবাইল ফোন চাই থাকোঁতে ডিঙিটো বহু সময় বেঁকা কৰিলে টেক্সট নেক চিনড্ৰম হয়। ইয়াত ডিঙিৰ পেশী আৰু স্নায়ুত অত্যধিক চাপ পৰে, যাৰ ফলত বিষ, জঠৰতা, মূৰ ঘূৰোৱা আৰু জিনজিননী আদি সমস্যাৰ সৃষ্টি হয়।
২/ হাত আৰু আঙুলিৰ স্নায়ুৰ ওপৰত চাপ
অবিৰতভাৱে মোবাইল টাইপিং বা গেমিং কৰিলে আঙুলিৰ স্নায়ুত চাপ বৃদ্ধি পায়, যাৰ ফলত কাৰ্পেল টানেল চিণ্ড্ৰমৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াত আঙুলিৰ অজ্ঞানতা, জ্বলা-পোৰা আৰু দুৰ্বলতা আদি লক্ষণ দেখা যায়।
৩/ টোপনিৰ গুণাগুণৰ ওপৰত প্ৰভাৱ
ম’বাইলৰ নীলা পোহৰে মগজুত মেলাটনিন হৰম’নৰ উৎপাদনত ব্যাঘাত জন্মায়, যাৰ ফলত টোপনিৰ অসুবিধা হয়। টোপনিৰ অভাৱো স্নায়ু দুৰ্বল হোৱাৰ এটা প্ৰধান কাৰক।
৪/ মানসিক ক্লান্তি আৰু মগজুৰ ক্ষতি
অনবৰতে মোবাইল , কম্পিউটাৰৰ পৰ্দাত মনোনিৱেশ কৰিলে মানসিক ক্লান্তিৰ সৃষ্টি হয়, যাৰ ফলত মগজুৰ স্নায়ুবোৰ মানসিক চাপত পৰে আৰু স্মৃতিশক্তি দুৰ্বল হৈ পৰে।
• স্নায়ুৰ সমস্যাৰ পৰা হাত সাৰিবলৈ উপায়:
১/ কম ভাৱে মোবাইল আৰু লেপটপ ব্যৱহাৰ কৰক:
প্ৰতি ৩০ মিনিটৰ মূৰে মূৰে বিৰতি লওক।
মোবাইল ফোনটো চকুৰ লগত লাইনত ৰাখক; ডিঙি বেঁকা কৰি ইয়াক নাচাব।
সপ্তাহত অন্ততঃ এদিন বা দুদিন ডিজিটেল ডিটক্স কৰক। ডিজিটেল ডিটক্স মানে হৈছে - মোবাইল ফোন ব্যৱহাৰ নকৰা।
২/ সঠিক ভংগীমা বজাই ৰাখক:
চকীত বহি কঁকাল আৰু ডিঙি পোনে পোনে ৰাখক।
মেৰুদণ্ডৰ সমৰ্থন প্ৰদান কৰা চকী ব্যৱহাৰ কৰক।
৩/ নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰক:
দৈনিক লঘু ব্যায়াম (খোজ কঢ়া , ষ্ট্ৰেচিং) কৰক।
যোগ আৰু প্ৰাণায়াম (অনুলোম-ভিলোম, ভ্ৰামাৰী, শৱাসন) কৰক, যিয়ে স্নায়ুতন্ত্ৰক শক্তিশালী কৰে।
৪/ পৰ্যাপ্ত পৰিমাণে টোপনি লোৱা:
৭-৮ ঘন্টা গভীৰ টোপনি থকাটো জৰুৰী।
শুই উঠাৰ পিছত এঘণ্টা মোবাইল বা টিভি নাচাব।
৫/ মানসিক চাপ ব্যৱস্থাপনা:
ধ্যান, গভীৰ উশাহ-নিশাহৰ ব্যায়াম আৰু আত্মনিৰীক্ষণ কৰক।
সংগীত, চিত্ৰকলা, কিতাপ পঢ়া আদি মনক শান্ত কৰি ৰখা চখ গ্ৰহণ কৰক।
• স্নায়ু শক্তিশালী কৰিবলৈ খাদ্য:
১/ ভিটামিন বি ১২ সমৃদ্ধ খাদ্যঃ
দৈ, পনিৰ, কণীৰ বগা অংশ , সৰু মাছ, কুকুৰাৰ মাংস খাব।
ফৰ্টিফাইড শস্য আৰু পৰিপূৰক ভিটামিন বি ১২ খাব ( চিকিৎসকৰ পৰামৰ্শ অনুসৰি)
২/ ওমেগা-৩ ফেটি এচিড:
বাদাম গুটি, আখৰোট, চিয়া গুটি
মাছ (ছালমন, টুনা) খাব।
৩/ মেগনেছিয়াম আৰু পটাছিয়াম:
আপেল , আঙ্গুৰ ,কল, ৰঙালাউৰ গুটি, তিল, কাজু খাব।
৪/ এন্টিঅক্সিডেন্ট সমৃদ্ধ ফল আৰু পাচলি :
জাম , আপেল, ডালিম, আমলখি, নেমু,
তৰমুজ , ব্ৰকলি, বিলাহী ইত্যাদি খাব।
৫ / আয়ুৰ্বেদিক বনৌষধি আৰু ঔষধ :
অশ্বগন্ধাঃ স্নায়ুৰ শক্তি আৰু মানসিক চাপৰ পৰা উপশমৰ বাবে।
ব্ৰাহ্মী: স্মৃতিশক্তি আৰু স্নায়ুতন্ত্ৰৰ বাবে ভাল।
শংখপুষ্পীঃ মানসিক অৱসাদ কমায়।
( ঔষধৰ ব্যৱহাৰ কেৱল চিকিৎসকৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰা উচিত )
• শিৰাৰ ৰোগত প্ৰতিৰোধ আৰু সাৱধানতা :
(১) অত্যধিক নিমখ আৰু তেলীয়া খাদ্য পৰিহাৰ কৰক।
(২) ফাষ্ট ফুড আৰু প্ৰচেছড খাদ্যৰ পৰিমাণ কম কৰক।
(৩) অত্যধিক কেফেইন (কফি/চাহ) পৰিহাৰ কৰক।
(৪) মদ আৰু ধূমপান সম্পূৰ্ণৰূপে ত্যাগ কৰক।
আজিৰ ডিজিটেল যুগত আমাৰ জীৱনশৈলীৰ এনে পৰিৱৰ্তন হৈছে যে স্নায়ুৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। মোবাইল আৰু কম্পিউটাৰৰ অত্যধিক ব্যৱহাৰ, ভুল বহাৰ ভংগীমা, মানসিক চাপ, পুষ্টিৰ অভাৱ – এই সকলোবোৰেই স্নায়ুত প্ৰভাৱ পেলোৱা প্ৰধান কাৰণ। ইয়াৰ পৰা হাত সাৰিবলৈ আমি যোগাসন, সঠিক খাদ্যাভ্যাস, সুষম ডিজিটেল ব্যৱহাৰ আৰু মানসিক শান্তিৰ ব্যৱস্থা আমাৰ দৈনন্দিন কাম-কাজত অন্তৰ্ভুক্ত কৰা উচিত।
স্নায়ুতন্ত্ৰক শক্তিশালী আৰু সুষম কৰি ৰখাত আয়ুৰ্বেদিক পদ্ধতি অত্যন্ত উপযোগী বুলি প্ৰমাণিত । আয়ুৰ্বেদৰ মতে যেতিয়া শৰীৰ, মন আৰু আত্মাৰ মাজত ভাৰসাম্যতা থাকে তেতিয়া ৰোগবোৰ স্বয়ংক্ৰিয়ভাৱে আঁতৰি থাকে।
যদি স্নায়ুৰ সমস্যা দীৰ্ঘদিন ধৰি থাকে বা আপুনি তীব্ৰ বিষ আৰু দুৰ্বলতা অনুভৱ কৰে, তেন্তে লগে লগে যোগ্য চিকিৎসকৰ পৰামৰ্শ লওক।