Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Ad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

AI Voice Clone: সাৱধান! আপোনাৰ আপোনজনৰ কণ্ঠত ফোন আহিব পাৰে । কেনেকৈ চিনাক্ত কৰিব লাগে জানিবলৈ পঢ়িব।



Voice Clone: সাৱধান! আপোনাৰ আপোনজনৰ কণ্ঠত ফোন আহিব পাৰে । কেনেকৈ চিনাক্ত কৰিব লাগে জানিবলৈ পঢ়িব।


By Good Assam 


দিল্লীৰ নিস্তব্ধ দুপৰীয়া এটা অচিনাকি নম্বৰৰ পৰা লক্ষ্মী চান্দ চাওলাৰ ফোন আহিল। ফোনটো ৰিচিভ কৰাত সিটো মূৰৰ ব্যক্তিজনে নিজকে আৰক্ষী বুলি পৰিচয় দি কয় যে তেওঁৰ ভতিজা কপিলক যৌন নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। কেইমুহূৰ্তৰ ভিতৰতে চাওলাই ফোনৰ সিটো মূৰৰ পৰা কপিলৰ নাৰ্ভাছ আৰু ভয়ংকৰ মাতটো শুনিলে। কপিলে নিজকে নিৰ্দোষী বুলি কৈ সহায়ৰ বাবে আবেদন জনায়। তাৰ পিছত আৰক্ষী জোৱানজনে ফোনটো হাতত লৈ গোচৰটো দমন কৰাৰ বিনিময়ত ৭০ হাজাৰ টকা দাবী কৰে।


লগে লগে চাওলা দম্পতীয়ে ব্যৱস্থা কৰি ৫০ হাজাৰ টকা ট্ৰেন্সফাৰ কৰে। ইয়াৰ পিছত যেতিয়া পুনৰ ২ লাখ টকাৰ দাবী উত্থাপন হ’ল, তেতিয়া তেওঁৰ সন্দেহ হ'য় আৰু ভতিজাক কপিলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে। জানিব পৰা মতে, কপিল নিজৰ ঘৰত নিৰাপদ আছে আৰু কোনো ধৰণৰ গোচৰৰ বিষয়ে অৱগত নহয়। এইটো আছিল ভইচ ক্ল’নিং কেলেংকাৰী য’ত কপিলৰ কণ্ঠ হুবহু AI প্ৰযুক্তি ব্যৱহাৰ কৰি কপি কৰা হৈছিল আৰু মানুহক প্ৰতাৰণা কৰিছিল।





মুম্বাইতো একেধৰণৰ ঘটনা সংঘটিত হয় :

মুম্বাইৰ বাসিন্দা কে টি বিনোদে ডুবাইত চাকৰি কৰি থাকে তেওঁ ভাৰতৰ পৰা ফোন লাভ কৰে। কিছুসময়ৰ পাছত তেওঁ পুত্ৰ অমিতৰ ভয়ংকৰ মাতটো শুনিলে, “প্লিজ মোক মুক্ত কৰক।” ভয়ত বিনোদে ট্ৰেন্সফাৰ কৰিলে ৮০ হাজাৰ টকা। পিছত গম পোৱা গ’ল যে তেওঁৰ পুত্ৰ নিজৰ ঘৰত সুৰক্ষিত। কলটোত শুনা মাতটো আচলতে এআইৰ দ্বাৰা সৃষ্টি কৰা আছিল।

এআই ভইচ ক্ল’নিং: সাৱধান ,ভাবুকি বাঢ়িছে !

যোৱা কেইবছৰমানৰ পৰা এআই ভইচ ক্ল’নিং প্ৰযুক্তিৰ দ্ৰুত বৃদ্ধি হৈছে। এআইপিআৰএমৰ মতে ২০২৪ চনৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা কেলেংকাৰী কৌশল।
৭০% প্ৰাপ্তবয়স্কই শুনা শব্দটো বাস্তৱ নে ভুৱা সেইটো চিনাক্ত কৰিব নোৱাৰে। এআইপিআৰএমৰ প্ৰতিষ্ঠাপক ক্রিষ্টোফ চি চেম্পাৰৰ মতে, “মাত্র তিনি ছেকেণ্ডৰ ৰেকৰ্ডিঙৰ পৰাই আপোনাৰ কণ্ঠ অনুকৰণ কৰিব পাৰি।”




AI ভয়েচ কেলেংকাৰী কেনেকৈ চিনাক্ত কৰিব?

পৰিচয় ভিত্তিক প্ৰশ্ন কৰক: যদি ফোন কৰাজনে আপোনাৰ চিনাকি ব্যক্তি বুলি দাবী কৰে, তেন্তে তেওঁক এনে প্ৰশ্ন সুধিব যিবোৰৰ উত্তৰ কেৱল প্ৰকৃত জনেহে দিব পাৰে বা ফোন অহাৰ পিছত প্ৰকৃত আত্মীয় জনৰ খবৰ লৈ সত্যতে অসত্য পৰীক্ষা কৰক।

কলৰ সময়সীমাৰ প্ৰতি মনোযোগ দিয়ক:

কেলেংকাৰীয়ে সন্দেহৰ পৰা হাত সাৰিবলৈ সাধাৰণতে অতি কম সময়ৰ বাবে ক্ল’ন কৰা কণ্ঠ ব্যৱহাৰ কৰে।

অচিনাকি নম্বৰৰ পৰা ফোন আহিলে সাৱধান হওক: 

যদি আপুনি কোনো সংস্থা বা চিনাকি কোনো ব্যক্তিৰ নামত ফোন পায় তেন্তে ফোনটো বিচ্ছিন্ন কৰি দিব আৰু আত্মীয় ব্যক্তিজনক আপোনাৰ যোগাযোগ তালিকাৰ পৰা ফোন কৰি কথাটো সোধক।

আপোনাৰ কণ্ঠ সুৰক্ষিত কৰক: অচিনাকি মানুহলৈ Voice বা ভিডিঅ’ প্ৰেৰণ নকৰিব। বাৰে বাৰে "হেল্ল'"ৰ দৰে শব্দ কʼলেও আপোনাৰ মাতটো ক্ল'ন কৰিব পাৰে। সেয়েহে সাৱধান হ'ব।







Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection