বৰ্তমান সময়ত ৫ টকাত এসাঁজ ভাত পোৱা কথাটো ওলপ আচহুৱা যেন লাগে। কিন্তু এইয়া একেবাৰে সত্য। গুৱাহাটীৰ ফাঁচীবজাৰ আৰু মাছখোৱাৰ কেদাৰ ৰোডত এতিয়া ৫ টকাতে আপুনি লাভ কৰিব প্ৰতিদিনে এসাঁজ বিভিন্ন ব্যঞ্জনেৰে ভাত।
মাথো দেওবাৰৰ দিনটোৰ বাদে সোমবাৰৰ পৰা শনিবাৰলৈ দিনৰ ১১.৩০ বজাৰ পৰা ফাঁচীবজাৰ আৰু মাছখোৱাৰ কেদাৰ ৰোডত খাবলৈ পাব মাথো ৫ টকাত এসাঁজ ভাত।
'উইশ্বেজ এণ্ড ব্লেছিংছ' (wishes and blessings) নামৰ এটা বেচৰকাৰী সংস্থাই ২৮ জানুৱাৰীৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এন জি অ'টোৱে ১১ বছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত এই সেৱা আগবঢ়াই আহিছে বুলি সংবাদ মাধ্যমৰ পৰা জানিব পৰা গৈছে ।
ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰি থকা বেচৰকাৰী সংস্থাটোৰ অসমৰ প্ৰ'গ্ৰাম সমন্বয়ক বীৰেন হাজৰিকাই গুৱাহাটীত হাতত লৈছে এই প্ৰচেষ্টা ।