( অপূৰ্ব দাস )
বিভিন্ন কাৰণত মুখত ক'লা দাগ হ'ব পাৰে। ইয়াক দূৰ কৰাৰ ঘৰুৱা উপায়ৰ লগতে Allopathic ঔষধৰ নাম তলত উল্লেখ কৰা হ'ল।
সাৱধানতা: Allopathic ঔষধ চিকিৎসকৰ পৰামৰ্শ অবিহনে ব্যৱহাৰ নকৰিব। নহ'লে ভয়ংকৰ পৰিণাম হ'ব পাৰে।
আয়ুৰ্বেদিক ঔষধ আৰু উপায় -
(১) হালধী আৰু মৌ (Turmeric)
হালধীত প্ৰাকৃতিক দাগ দূৰ কৰা গুণ থাকে।
১ চামুচ হালধী আৰু ২ চামুচ মৌ মিহলি কৰি মুখত লগাব পাৰে। ২০ মিনিট পাছত ধুই পেলাওক। শালমন থকা সকলে মৌৰ সলনি মুলতানি মাটি নাবা বেচন ব্যৱহাৰ কৰিব।
নিয়মিত ব্যৱহাৰে মুখৰ দাগ কমাব পাৰে ।
(২) চন্দন আৰু গোলাপজল (Sandalwood and Rosewater)
চন্দন গুৰি আৰু গোলাপজল মিশ্ৰণ কৰি মুখত লেপ দিব পাৰে। ই ত্বক সজীৱ কৰে আৰু প্ৰাকৃতিক উজ্জ্বলতা বৃদ্ধি কৰে।
(৩) নিম পাত আৰু মচুৰ দাইল
নিম পাতা সিজাই পেষ্ট বনাই তাৰ লগত মচুৰ দাইল পিহি মুখত লগালে ত্বক সুস্থ থাকে আৰু কলা দাগ কম হয়।
সপ্তাহত ৩ দিন এমাহ ব্যৱহাৰ কৰিলে ছালৰ স্বাস্থ্য ভাল হয়।
(৪) আলু আৰু নেমুৰ ৰস (Potato and Lemon Juice)
আলুৰ ৰসে ছাল দাগ দূৰ কৰি উজ্জ্বল কৰি তোলে। আলু মিহিকৈ পিহি তাত এচামুচ নেমুৰ ৰস মিশ্ৰণ কৰি লেপ কৰিলে মুখৰ দাগ কমিব পাৰে।
(৫) দৈ আৰু মৌ (Fresh Card and Honey)
১ চামুচ দৈ আৰু ১ চামুচ মৌ মিশ্ৰণ কৰি মুখত লগালে ত্বকৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু দাগ হ্ৰাস পায়।
এই কথা মনত ৰাখিব :
(১) মুখ ধোৱা পাছত কোমল ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰক।
(২) ৰ'দৰ পৰা সাৱধানতা: ৰ'দৰ পৰা ৰক্ষা পাবলৈ চানস্ক্ৰীণ (Sunblock) লগাওক।
(৩) সঠিক আহাৰ: ফল-মূল আৰু শাক-পাচলি , পানী বেছি খোৱা উচিত।
( ৪) পৰ্যাপ্ত টোপনি: দৈনিক ৭-৮ ঘণ্টা টোপনি ল'লে ত্বক ভাল ৰখাত সহায় কৰে।
• তলত মুখৰ ক’লা দাগ আঁতৰাবলৈ কিছুমান এলোপেথিক ঔষধৰ নাম উল্লেখ কৰা হৈছে। কিন্তু মনত ৰাখিব যে চিকিৎসকৰ পৰামৰ্শ অবিহনে গ্ৰহণ কৰাটো সঠিক নহয়।
(১) হাইড্ৰ’কুইনন : ছালৰ দাগ দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(২) কোজিক এচিড : কলা দাগ হ্ৰাস কৰাত সহায় কৰে।
(৩) ৰেটিন’ইড - যেনে ট্ৰেটিন’ইন, যিয়ে ছালৰ কোষক নবীকৰণ কৰাত সহায় কৰে।
(৪) এজেলাইক এচিড - ব্ৰণ আৰু দাগ কমোৱাৰ বাবে।
(৫) গ্লাইকলিক এচিড : ছালৰ ছিদ্ৰ কম কৰা আৰু দাগ হ্ৰাসৰ বাবে।
সাৱধানতা: চিকিৎসকৰ পৰামৰ্শ আৰু নিৰ্দেশনাতহে এই ঔষধসমূহ ব্যৱহাৰ কৰক, কাৰণ ভুল ব্যৱহাৰৰ ফলত ছালৰ এলাৰ্জি, ৰঙা পৰা বা অন্যান্য সমস্যাৰ সৃষ্টি হ’ব পাৰে।