By Good Assam 18 May 2025
এছিয়াত পুনৰবাৰ বিয়পি পৰিছে কৰ’না। ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি হংকং আৰু ছিংগাপুৰত ক’ৰ’না আক্ৰান্তৰ তথ্য পোৱা গৈছে। চিকিৎসালয়ত ভৰ্তি হোৱা আৰু ভাইৰাছ আক্ৰান্তৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে। হংকঙৰ চেণ্টাৰ ফৰ হেল্থ প্ৰটেকচনৰ সংক্ৰামক ৰোগ বিভাগৰ মুৰব্বী এলবাৰ্টে কয় যে ভাইৰাছ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। তথ্য অনুসৰি বৰ্তমান ৩০ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈছে।
হংকঙত ৩১ জন লোকৰ মৃত্যু :
এতিয়ালৈকে হংকঙত ৩১ জন লোকৰ মৃত্যু হৈছে।
হংকঙত ৭০ লাখতকৈ অধিক লোক বাস কৰে আৰু এই ভাইৰাছ দ্ৰুতগতিত বিয়পি পৰিছে। ইফালে ছিংগাপুৰৰ পৰাও ক’ৰ’না আক্ৰান্তৰ খবৰ পোৱা গৈছে। এই বছৰৰ প্ৰথমবাৰৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে Covid update প্ৰকাশ কৰিলে - এসপ্তাহত ২৮% ৰোগীৰ সংখ্যা বৃদ্ধি পাই আনুমানিক ১৪,২০০ জন সংক্ৰমণ হৈছে। চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা ৩০% বৃদ্ধি পাইছে।
স্বাস্থ্য বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে ৰোগ প্ৰতিৰোধ ক্ষমতা কমি অহাৰ ফলত ভাইৰাছটো অধিক সহজে বিয়পি পৰিছে। ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে এই ভাইৰাছটো অধিক গুৰুতৰ হোৱাৰ কোনো প্ৰমাণ পোৱা নাই যদিও এতিয়াও ই মানুহৰ জীৱনত ব্যাঘাত জন্মাবলৈ সক্ষম।
• হংকঙৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ দেহতো কোৰোনা পজিটিভ
টাইৱানত জনপ্ৰিয় হংকঙৰ গায়ক ইছন চানৰ পজিটিভ ধৰা পৰে আৰু এই সপ্তাহত তেওঁৰ কাওছিউং কনচাৰ্ট বাতিল কৰিবলৈ বাধ্য হয়, যাৰ ফলত হাজাৰ হাজাৰ অনুৰাগী হতাশ হৈ পৰে। এছিয়াৰ আন ঠাইতো একেধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে। চীনৰ চিডিচিয়ে বিগত পাঁচ সপ্তাহত চিকিৎসালয়ত ৰোগীৰ মাজত ক’ভিড টেষ্ট পজিটিভিটি দুগুণ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।
• ভাৰতৰ পৰিস্থিতি কেনেকুৱা?
এছিয়াৰ বহু দেশত কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও ভাৰতত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অফিচিয়েল ডেচব’ৰ্ড অনুসৰি ভাৰতত এতিয়ালৈকে মাত্ৰ ৯৩ জন কোভিড-১৯ত আক্ৰান্ত ৰোগী ধৰা পৰিছে। ইয়াৰ বাহিৰেও দেশত Corona মহামাৰীৰ নতুন জোৱাৰৰ কোনো লক্ষণ দেখা পোৱা নাই।