Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

এতিয়া ইণ্টাৰনেট অবিহনে আপোনাৰ ফোনত টিভি চেনেল চাব পাৰিব। দেশত প্ৰথমবাৰৰ বাবে মুকলি হ'ল D2M প্ৰযুক্তি।


এতিয়া ইণ্টাৰনেট অবিহনে আপোনাৰ ফোনত টিভি চেনেল চাব পাৰিব। দেশত প্ৰথমবাৰৰ বাবে মুকলি হ'ল D2M প্ৰযুক্তি। 




( অপূৰ্ব দাস )


ডাইৰেক্ট-টু-মোবাইল (D2M) সেৱা কেৱল মাল্টিমিডিয়া কন্টেন্ট দেখুৱাবলৈ নহয়, ইয়াৰ সহায়ত জৰুৰীকালীন বাৰ্তাও প্ৰেৰণ কৰিব পাৰি। D2M প্ৰযুক্তিৰ পৰীক্ষা চলি থকা যথেষ্ট দিন হ’ল, আৰু ইয়াক বিশেষভাৱে কোনো ইণ্টাৰনেট নোহোৱাকৈ বিনামূলীয়াকৈ লাইভ টিভি চাবলৈ ফোনসমূহৰ বাবে ডিজাইন কৰা হৈছে।





D2M Technology - ভাৰতত এটা নতুন প্ৰযুক্তি আৰম্ভ হ'ল, যাৰ জৰিয়তে মানুহে ইণ্টাৰনেট অবিহনে লাইভ টিভি, ভিডিঅ’ আৰু গুৰুত্বপূৰ্ণ সতৰ্কবাণী চাব পাৰিব। এই প্ৰযুক্তিৰ নাম হৈছে Direct-to-Mobile (D2M) আৰু ইয়াৰ বাবে বিশেষ মোবাইল ফোনো মুকলি কৰা হৈছে। এইচ এম ডি আৰু লাভা কোম্পানীয়ে এনে ফোন আনিছে য’ত আপুনি ইন্টাৰনেট বা ৱাই-ফাই অবিহনে টিভি আৰু ভিডিঅ' চাব পাৰিব। ১ মে’ৰ পৰা ৪ মে’ৰ ভিতৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া WAVES 2025 অনুষ্ঠানত এই ফোনসমূহ প্ৰদৰ্শন কৰা হ’ব।





HMD আৰু LAVA পৰা ডাঙৰ ঘোষণা :

দুটা প্ৰধান মোবাইল ফোন নিৰ্মাণ কোম্পানী এইচ এম ডি আৰু লাভা ইণ্টাৰনেশ্যনেলে এই D2M সক্ষম ফোনসমূহৰ সৈতে আহিছে। ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে' লৈ মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES) ২০২৫ত দুয়োটা কোম্পানীয়ে এই বিশেষ ফোনসমূহ উপস্থাপন কৰিব।




লাভাৰ ফোনত থাকিব আল্ট্ৰা হাই ফ্ৰিকুৱেন্সি (UHF) এন্টেনা, যিয়ে টিভিৰ সংকেত পোনপটীয়াকৈ ধৰিব পাৰিব। এই ফোনসমূহত SL3000 চিপ আৰু MediaTek MT6261 প্ৰচেছৰ আছে । হেণ্ডছেটটোত ২২০০mAh বেটাৰী আৰু ২.৮ ইঞ্চিৰ স্ক্ৰীণ দিয়া গৈছে।

এই নতুন পদক্ষেপৰ বাবে এইচএমডি আৰু লাভাই ফ্ৰীষ্ট্ৰিম টেকন'লজিছ, টেজাছ নেটৱৰ্কছ আৰু আমেৰিকাৰ কোম্পানী চিনক্লেয়াৰ ইনকৰ্পৰেশ্যনৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই সকলোবোৰৰ লক্ষ্য হৈছে সাধাৰণ মানুহৰ স্মাৰ্টফোনত D2M প্ৰযুক্তি উপলব্ধ কৰা, যাতে দেশৰ চুক-কোণত ডিজিটেল কন্টেন্ট সহজে উপলব্ধ হ’ব পাৰে।






D2M প্ৰযুক্তি কি আৰু ই কেনেকৈ কাম কৰে?

টিভি চেনেল, ইউটিউব, নেটফ্লিক্স বা অন্যান্য অ’টিটি প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ ইণ্টাৰনেটৰ প্ৰয়োজন। কিন্তু D2M অৰ্থাৎ ডাইৰেক্ট-টু-ম’বাইল সেৱাত এনে নহয়। এই সেৱাই সম্প্ৰচাৰ সংকেতসমূহক এটা ডিভাইচলৈ পোনপটীয়াকৈ প্ৰেৰণ কৰাৰ অনুমতি দিয়ে।

D2M অৰ্থাৎ ডাইৰেক্ট-টু-ম’বাইল হৈছে নতুন প্ৰজন্মৰ সম্প্ৰচাৰ ব্যৱস্থা। মোবাইল ডাটা বা ৱাই-ফাই অবিহনে মোবাইল ফোনত লাইভ টিভি, অ’টিটি কন্টেন্ট, অডিঅ’ আৰু জৰুৰীকালীন বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম। এই প্ৰযুক্তি এফ এম ৰেডিঅ’ৰ সৈতে কিছু মিল আছে যদিও ই ভিডিঅ’ আৰু লাইভ ষ্ট্ৰীমিংৰ সুবিধাও প্ৰদান কৰে। ইয়াৰ বাবে ৪৭০-৫৮২ মেগাহাৰ্টজ ৱেভ ব্যৱহাৰ কৰা হয়।

D2M প্ৰযুক্তিৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ই মোবাইল নেটৱৰ্কত ভিডিঅ’ চোৱাৰ চাপ কমায়। ইয়াৰ উপৰিও ইণ্টাৰনেট ভালদৰে উপলব্ধ নোহোৱা অঞ্চলতো ইয়াৰ দ্বাৰা কন্টেন্ট ডেলিভাৰী কৰাটো সহজ হৈ পৰে। এই প্ৰযুক্তিয়ে জৰুৰীকালীন সতৰ্কবাণী পোনপটীয়াকৈ মোবাইললৈ প্ৰেৰণতো সহায় কৰে।



D2M ডিভাইচসমূহ কিমান সস্তা হ’ব?

প্ৰথম অৱস্থাত D2M চিপছেট স্থাপনৰ ফলত মোবাইলৰ মূল্য প্ৰায় ২৫০০ টকা বৃদ্ধি পাব পাৰে। মাথো এবাৰেই খৰচ কৰিব লাগিব । কিন্তু বিশেষজ্ঞসকলৰ মতে যেতিয়া তেওঁলোকৰ উৎপাদন বৃহৎ পৰিসৰত আৰম্ভ হ’ব, তেতিয়া এই খৰচ ১২০ টকাৰ পৰা ২০০ টকালৈ নামি আহিব পাৰে। যদি এনেকুৱা হয়, তেন্তে এই প্ৰযুক্তি সস্তীয়া স্মাৰ্টফোনতো উপলব্ধ হ’ব।

যদি সকলো ঠিকে থাকে তেন্তে ডি টু এম প্ৰযুক্তিয়ে ভাৰতৰ লাখ লাখ লোকৰ বাবে ডিজিটেল তথ্য আৰু মনোৰঞ্জনৰ নতুন পথ মুকলি কৰিব পাৰে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection