( অপূৰ্ব দাস )
ভাৰতত মানুহে জ্বৰৰ টেবলেট অৰ্থাৎ পেৰাচিটামল চকলেট খোৱাৰ দৰে খায়। কিছুদিন পূৰ্বে এজন আমেৰিকান চিকিৎসকেও তেওঁৰ টুইটত এই কথা উল্লেখ কৰিছিল। এতিয়া এনে পৰিস্থিতিত পেৰাচিটামল কি, কোনে খাব লাগে, কোনে খাব নালাগে আৰু ইয়াৰ বিষয়ে সকলো কথা সকলোৱে জনাটো অতি প্ৰয়োজনীয়।
দোকানত প্ৰতিটো ৰোগৰ বাবে বিভিন্ন ঔষধ উপলব্ধ যদিও এটা ঔষধ আছে যিটো বেছিভাগ মানুহে জ্বৰৰ সমাধান বুলি গণ্য কৰে। এইয়া হৈছে 'জ্বৰৰ বড়ি’ বা ‘পেৰাচিটামল’, যিটো মানুহে জ্বৰ বা বিষ হোৱাৰ লগে লগে মেডিকেল ষ্ট’ৰলৈ লৰালৰিকৈ লৈ যায়। এই ঔষধ খাবলৈও মানুহে চিকিৎসকৰ পৰামৰ্শ নলয় বা চিকিসকেও খাবলৈ দিয়ে । কিন্তু আপুনি জানি আচৰিত হ’ব যে ‘পেৰাচিটামল’ জ্বৰৰ নিৰাময় বাবে নিৰাপদ নহয়।
এই ঔষধ জ্বৰৰ পৰা আৰম্ভ কৰি কঁকালৰ বিষলৈকে ব্যৱহাৰ কৰে । যদি আপুনি বিষৰ পৰা মুক্তি পাবলৈও লয় তেন্তে আপুনি এটা ডাঙৰ ভুল কৰিছে।
আজি এই লেখাটোত আপোনালোকক জনাম যে পেৰাচিটামল কি? কেনেকৈ কাম কৰে? কেনেকৈ ল'ব লাগে, কোনে ল'ব নালাগে? পেৰাচিটামল কেতিয়া বিপজ্জনক হ'ব পাৰে? গতিকে সকলো কথা বিতংভাৱে জানো আহক-
কিছুদিনৰ আগতে এজন আমেৰিকান চিকিৎসকে সকীয়াই দিছিল-
Indians take Dolo 650 like it's cadbury gems
— Palaniappan Manickam (@drpal_manickam) April 14, 2025
কিছুদিন পূৰ্বে এজন আমেৰিকান গেষ্ট্ৰ’এণ্টেৰ’লজিষ্টে ভাৰতীয়সকলে ড’লো-৬৫০ ব্যৱহাৰ কৰাত মনোনিৱেশ কৰিছিল আৰু এক্সত টুইট কৰি এই ঔষধটোক কেডবেৰী জেমছৰ সৈতে তুলনা কৰিছিল। তেওঁ কৈছিল, ‘ভাৰতীয়ই ড’লো ৬৫০ জেমছ (চকলেট)ৰ দৰে খায়।’
আচলতে Dolo-650 হৈছে ক’ভিড-১৯ৰ সময়ত বিখ্যাত হৈ পৰা জ্বৰ আৰু বিষৰ বাবে ব্যৱহাৰ কৰা ঔষধ Paracetamol ৰ ব্ৰেণ্ড নাম। গতিকে এতিয়া জানো আহক পেৰাচিটামল কি, ই কেনেকৈ কাম কৰে, সঠিক পৰিমাণ কি আৰু অতিমাত্ৰা সেৱনৰ বাবে কি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।
পেৰাচিটামল কি?
পেৰাচিটামল (Panadol, Calpol, Elvedon) হৈছে বিষ আৰু জ্বৰ সাময়িকভাৱে উপশম কৰিবলৈ ব্যৱহাৰ কৰা বিষনাশক আৰু জ্বৰনাশক ঔষধ। ইয়াক সাধাৰণতে চৰ্দি আৰু ফ্লুৰ ঔষধ হিচাপে গ্ৰহণ কৰা হয়। সহজ ভাষাত ক’বলৈ গ’লে পেৰাচিটামল এবিধ বিষনাশক যিটো জ্বৰ আৰু বিষৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। বজাৰত টেবলেট, কেপচুল, চিৰাপ আৰু পাউদাৰৰ ৰূপত পোৱা যায়।
পেৰাচিটামল এচিটামিনোফেন (Tylenol)ৰ সৈতে মিল থকা ঔষধ। ইউৰোপ, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু ভাৰতৰ দৰে দেশত এই ঔষধ বজাৰত পেৰাচিটামল নামেৰে বিক্ৰী হোৱাৰ বিপৰীতে আমেৰিকা, কানাডা আৰু জাপানৰ দৰে দেশত ইয়াৰ নাম ‘এচিটামিনোফেন’। কেৱল ‘পেৰাচিটামল’ আৰু ‘এচিটামিনোফেন’ৰ নাম বেলেগ বেলেগ, কিন্তু এই ঔষধবোৰ একে।
১৮৭৮ চনত প্ৰথমবাৰৰ বাবে পেৰাচিটামল নিৰ্মাণ কৰা হৈছিল যদিও ১৯৫০ চনৰ পৰাহে ইয়াৰ বহুল ব্যৱহাৰ আৰম্ভ হৈছিল। আজি পেৰাচিটামল বিশ্বৰ ভিতৰতে সৰ্বাধিক ব্যৱহৃত বিষনাশক আৰু জ্বৰৰ ঔষধৰ ভিতৰত অন্যতম। এতিয়া এই ঔষধৰ ব্ৰেণ্ডেড আৰু জেনেৰিক সংস্কৰণ সমগ্ৰ বিশ্বতে উপলব্ধ।
ভাৰতত Dolo 650 ৰ ব্যৱহাৰ?
Covid-19ৰ সময়ত ভাৰতত Dolo-650 এটা সাধাৰণ নাম হৈ পৰিছিল। ভাৰতত পেৰাচিটামল Covid-19 ৰ সময়ত Dolo-650 ৰ জনপ্ৰিয়তা বৃদ্ধি পালে। বেংগালুৰুস্থিত কোম্পানী মাইক্ৰ’ লেবছে নিৰ্মাণ কৰিছিল ড’ল’-৬৫০। ২০২২ চনত ফৰ্বছৰ এক প্ৰতিবেদন অনুসৰি ২০২০ চনত ক’ভিড-১৯ আৰম্ভ হোৱাৰ পিছৰে পৰা মাইক্ৰ’ লেবছে ৩৫০ কোটিৰো অধিক ড’ল’-৬৫০ টেবলেট বিক্ৰী কৰি এবছৰত ৪০০ কোটি টকাৰ ৰাজহ আহৰণ কৰে।
কৰ’নাৰ পূৰ্বে এই ঔষধ নিৰ্মাতা কোম্পানীটোৱে প্ৰতি বছৰে প্ৰায় ৭.৫ কোটি ড’ল’-৬৫০ ষ্ট্ৰিপ বিক্ৰী কৰিছিল বুলি বজাৰ গৱেষণা সংস্থা আইকিউভিআইএৰ তথ্য অনুসৰি জনা যায়। এবছৰৰ পাছত এই সংখ্যা ৯৪ নিযুত ষ্ট্ৰিপলৈ বৃদ্ধি পালে। ২০২১ চনৰ শেষলৈকে এই সংখ্যা ১৪৫ মিলিয়ন ষ্ট্ৰিপলৈ বৃদ্ধি পাইছিল, যিটো ২০১৯ চনৰ সংখ্যাতকৈ প্ৰায় দুগুণ।
আনহাতে ২০১৯-২০ চনত ৭.৫৪ কোটিতকৈ অধিক ড’ল’-৬৫০ টেবলেট বিক্ৰী হৈছিল। এই সংখ্যা ২০২০-২১ বৰ্ষত সামান্য হ্ৰাস পাইছিল, যিটো বছৰত Covid-19 ৰ শিখৰত আছিল, যেতিয়া ৭.৪০ কোটিতকৈ অধিক টেবলেট বিক্ৰী হৈছিল। তাৰ পিছৰ বছৰ ২০২১-২২ত ড’লো টেবলেটৰ পৰিমাণ দুগুণ বৃদ্ধি পাই ১৫.৩৩ কোটিতকৈও অধিক হয়।
পেৰাচিটামল কিয় ব্যৱহাৰ কৰা হয়?
পেৰাচিটামল মূলতঃ বিষৰ পৰা উপশম আৰু জ্বৰ কমোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। অৱশ্যে মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ দৰে অৱস্থাৰ বাবেও মানুহে ইয়াক প্ৰায়ে গ্ৰহণ কৰে। কঁকালৰ বিষ, পেশীৰ বিষ আৰু অষ্টিঅ’আৰ্থাইটিছৰ বাবেও ইয়াক ফলপ্ৰসূ বুলি ধৰা হয়।
বহুতে দাঁতৰ বিষ, পিৰিয়ডৰ বিষ (ডিছমেন’ৰিয়া), চৰ্দি, ফ্লু, ডিঙিৰ বিষ, বা চাইনাছৰ বিষৰ পৰা উপশম পাবলৈ ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও পেৰাচিটামলে অস্ত্ৰোপচাৰৰ পিছত বিষ নিয়ন্ত্ৰণ কৰাত আৰু উচ্চ জ্বৰ কমোৱাতো সহায় কৰে।
পেৰাচিটামল (acetaminophen) বহুতো ভিন্ন চৰ্দি আৰু ফ্লুৰ ঔষধত পোৱা যায়। যদি আপুনি এচিটামিনোফেন যুক্ত আন কোনো ঔষধ সেৱন কৰি আছে, তেন্তে পেৰাচিটামল গ্ৰহণ কৰা উচিত নহয়।
পেৰাচিটামলে কেনেকৈ কাম কৰে?
পেৰাচিটামলে কেনেকৈ কাম কৰে সেয়া সম্পূৰ্ণ স্পষ্ট নহয় যদিও বিশেষজ্ঞসকলৰ মতে ই মগজুৰ ৰাসায়নিক বাৰ্তাবাহকক বাধা দিয়ে যিয়ে বিষৰ সংকেত দিয়ে। আমাৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা মেচেঞ্জাৰবোৰতো ইয়াৰ প্ৰভাৱ পৰে, যাৰ বাবে ই জ্বৰ কমোৱাত সহায় কৰে।
বিজ্ঞানীসকলৰ মতে পেৰাচিটামলে শৰীৰত প্ৰষ্টাগ্লেণ্ডিন নামৰ পদাৰ্থ তৈয়াৰ কৰাত বাধা দিয়ে, যিবোৰ কোনো ব্যক্তি অসুস্থ বা আঘাতপ্ৰাপ্ত হ’লে উৎপন্ন হয়। আমাৰ শৰীৰত বিষ আৰু ফুলা হ’লেও এই পদাৰ্থ গঠন হ’ব পাৰে। পেৰাচিটামলে শৰীৰৰ আন আন ব্যৱস্থাতো প্ৰভাৱিত কৰিব পাৰে, এই সকলোবোৰে মানুহক বিষ আৰু অস্বস্তি অনুভৱ কৰায়।
পেৰাচিটামল কোনে গ্ৰহণ কৰিব নালাগে?
যদি কোনো ব্যক্তিৰ পেৰাচিটামল বা তাত উপস্থিত থকা আন কোনো উপাদানৰ প্ৰতি এলাৰ্জী হয়, তেন্তে পেৰাচিটামলযুক্ত ঔষধ গ্ৰহণ নকৰিব। ইয়াৰ লগতে ১০ বছৰৰ তলৰ শিশুৱে পেৰাচিটামল গ্ৰহণ কৰিব নালাগে। শিশুৰ বাবে ইয়াক চিৰাপৰ ৰূপত তৈয়াৰ কৰা হয় যাৰ মাত্ৰা সীমিত।
পেৰাচিটামলৰ কিমান মাত্ৰা নিৰাপদ?
পেৰাচিটামল সদায় চিকিৎসক বা ফাৰ্মাচিষ্টৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰিব লাগে। তেওঁলোকে নিৰ্ধাৰিত মাত্ৰাতকৈ বেছি কেতিয়াও গ্ৰহণ নকৰিবলৈ নগদিব কাৰণ পেৰাচিটামল বিভিন্ন মিলিগ্ৰামত পোৱা যায় আৰু সেই অনুসৰি মাত্ৰাৰ নিৰ্দেশনা ভিন্ন হ’ব পাৰে। সাধাৰণতে পেৰাচিটামল প্ৰতি ৪ ৰ পৰা ৬ ঘণ্টাৰ মূৰে মূৰে খাব পাৰি, কিন্তু প্ৰতিটো মাত্ৰাৰ মাজত কমেও ৪ ঘণ্টা সময় দিব লাগে আৰু ২৪ ঘণ্টাৰ ভিতৰত চাৰিটাতকৈ অধিক মাত্ৰা গ্ৰহণ কৰিব নালাগে । ৩ দিনতকৈ অধিক সময় পেৰাচিটামল গ্ৰহণ কৰি থাকিব নালাগে। যদি আপোনাৰ লক্ষণবোৰ বেছি বেয়া হয় বা ভাল নহয় তেন্তে অধিক পৰামৰ্শৰ বাবে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।
যদি আপুনি পেৰাচিটামলৰ অতিমাত্ৰা সেৱন কৰে তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক বা বিষ নিয়ন্ত্ৰণ কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক।
অতিমাত্ৰা সেৱনৰ পিছত সুস্থ যেন লাগিলেও তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ।
পেৰাচিটামলে যকৃতৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। প্ৰথম ২৪ ঘণ্টাত অতিমাত্ৰা সেৱনৰ কোনো লক্ষণ দেখা নাযায় যদিও পিছত আপুনি শেঁতা পৰিব পাৰে, প্ৰচুৰ ঘাম ওলাব পাৰে আৰু বমিও কৰিব পাৰে। ইয়াৰ লগতে আপোনাৰ ভোক অনুভৱ কৰা বন্ধ হৈ যাব আৰু পেটৰ বিষো হ’ব পাৰে। পেৰাচিটামলৰ আন কিছুমান কূ প্ৰভাৱৰ লক্ষণৰ -
বমি বমি লগা আৰু বমি হোৱা , পেটৰ বিষ, ভাগৰুৱা, বুকুৰ ধপধপনি, মূৰ ঘূৰোৱা, উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰা ইত্যাদি।
পেৰাচিটামলৰ পৰা সাৱধান:
যকৃতৰ ক্ষতি: পেৰাচিটামল যকৃতৰ দ্বাৰা বিপাকীয় ক্ৰিয়া হয় আৰু অতিমাত্ৰা সেৱনে যকৃতৰ কোষৰ ক্ষতিসাধন কৰি যকৃতৰ বিকলতা সৃষ্টি কৰিব পাৰে।
বৃক্কৰ ক্ষতি: বহু ক্ষেত্ৰত পেৰাচিটামলৰ অতিমাত্ৰা সেৱনৰ বাবেও বৃক্কৰ ক্ষতি হ’ব পাৰে।