( অপূৰ্ব দাস )
গ্ৰীষ্মকালত আপুনি ডায়েৰিয়া, পেটৰ বিষ, পেটৰ কামৰণি আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে। গতিকে যদি আপুনিও গৰমৰ দিনত এই সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আপোনাক কিছু সমাধানৰ বিষয়ে ক’ম। জানিবলৈ পঢ়িব -
গ্ৰীষ্মৰ বতৰ আহিল । এই সময়ত পেটৰ লগত জড়িত সমস্যা হোৱাটো যথেষ্ট সাধাৰণ কথা। শৰীৰত তাপ বৃদ্ধি আৰু বিভিন্ন বেক্টেৰিয়া বা বীজাণুৰ বাবে এনে হয়। এই সময়ছোৱাত ডায়েৰিয়া, পেটৰ বিষ, পেট কামোৰণি, গেছ -গেষ্ট্ৰিক, বমি, কাহ-জ্বৰ আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে। গতিকে যদি আপুনিও গ্ৰীষ্মকালত এই সমস্যাবোৰৰ সন্মুখীন হৈছে, তেন্তে আপোনাক কিছু সমাধানৰ বিষয়ে ক’ম।
(১) আজৱাইন আৰু ক'লা নিমখ
আজৱাইন আমাৰ পাকঘৰত অতি সহজে পোৱা বস্তু। বদহজম, গেছ আৰু পেট ফুলাৰ বাবে ই এক উৎকৃষ্ট ঔষধ। আজৱাইনত থকা এনজাইমে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু অস্বস্তি কমায়। পেটৰ বিষৰ পৰা তৎক্ষণাত সকাহ পাবলৈ এচামুচ আজৱাইনৰ গুড়িত এচিকুট ক’লা নিমখ মিহলাই গৰম পানীৰ লগত খাব লাগে।
(২) দৈ আৰু ইছাবগোল
দৈত প্ৰচুৰ পৰিমাণে প্ৰ’বায়’টিক থাকে যিয়ে আপোনাৰ পেটত ভাল বেক্টেৰিয়াৰ ভাৰসাম্য বৃদ্ধি কৰে, যাৰ বাবে ইয়াক ডায়েৰিয়াৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ইছাবগোল (চাইলিয়াম )ৰ সৈতে ২-৩ চামুচ দৈ মিহলাই খালে অন্ত্ৰত অতিৰিক্ত পানী শোষণ কৰাত সহায় কৰে।
(৩) আদা আৰু পদিনা
আদা এক শক্তিশালী প্ৰদাহ নিবাৰণকাৰী আৰু বমি, ফুলা আৰু বদহজম কমোৱাত সহায় কৰে। সতেজ আদাৰ সৰু টুকুৰা চোবাই খাব পাৰে, বা কটা আদা পানীত উতলাই আদাৰ চাহ বনাব পাৰে। পদিনাৰ শান্ত কৰা গুণো আছে আৰু পেটৰ বিষৰ পৰা উপশম দিব পাৰে।
(৪) চফ
চফৰ গুটি পাচন গুণৰ বাবে জনাজাত যদিও ই প্ৰদাহ কম কৰিব পাৰে। চফৰ গুটি এচামুচ চোবাই খাব পাৰে বা গুটি পানীত উতলাই ইয়াৰ পানী খাব পাৰে । ৰাতি এগিলাছ পানীত এচামুচ চফৰ গুটিৰ গুড়ি তিয়াই থব। পিছদিনা ৰাতিপুৱা পানী গিলাছ সেৱন কৰিলে পেটৰ বিষ আৰু বদহজমৰ পৰা উপশম পাব পাৰি।
(৫) কলা নিমখ আৰু শিলিখাৰ পানী
যেতিয়া আপোনাৰ পেট দুৰ্বল অনুভৱ হয়, তেতিয়া গধুৰ খাদ্য খোৱাৰ ফলত পৰিস্থিতি আৰু বেয়া হ’য় । কলা নিমখ আৰু শিলিখাৰ পানী আপোনাৰ বাবে বহুত ভাল বুলি প্ৰমাণিত হ’ব পাৰে। ইয়াক তৈয়াৰ কৰিবলৈ ৪-৫ টা শিলিখা থেতেলিয়াই এক লিটাৰ পানীত উতলাই এই পানী ফিল্টাৰ কৰি ঠাণ্ডা হোৱাৰ পিছত কলা নিমখ মিহলি কৰি খাব লাগে।
(৬) তুলসী পাত আৰু মৌ নাইবা অমিতা গছৰ শুকান ঠাৰি
এই সময়ত জ্বৰ আৰু কাহ বহুতৰে দেখা গৈছে। কাহৰ বাবে মৌ আৰু ২-৩ খন তুলসী পাতৰ ৰস খাব লাগে বুলি সকলোৱে জানে কিন্তু এই কথাটো বহুতেই নাজানে যে অমিতা গছৰ শুকান ঠাৰিত জুই জ্বলাই দিনত তিনি বাৰকৈ কিছুদিন হুপিলেও কাহ ভাল হ'য়।
(৭) চিৰতা তিতা
জ্বৰ আৰু পেটৰ কামোৰণি হ'লে চিৰতা তিতা মহৌষধ। ২-৩ চামুচ চিৰতা তিতাৰ ৰস মৌৰ লগত সেৱন কৰিলে জ্বৰ, কৃমি, পেটৰ কামোৰণি দূৰ হয়।