( অপূৰ্ব দাস )
যেতিয়া বৃক্কই নিজৰ ফিল্টাৰেচনৰ কাম সঠিকভাৱে কৰিব নোৱাৰে তেতিয়া প্ৰস্ৰাৱত ফেন ওলোৱাৰ সমস্যা হ’ব পাৰে। কাৰণ প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা এটা পুষ্টিকৰ পদাৰ্থ ওলাই আহিছে...
প্ৰস্ৰাৱৰ জৰিয়তে বৃক্কই শৰীৰৰ পৰা অতিৰিক্ত পানী বাহিৰ কৰি দিয়ে আৰু লগতে শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ পৰিষ্কাৰ কৰে। কিন্তু যেতিয়া আপুনি বাৰে বাৰে দেখিব যে প্ৰস্ৰাৱত ফেন গঠন হৈছে তেন্তে সাৱধান হওঁক।
প্ৰস্ৰাৱ কিয় ফেনযুক্ত হৈ পৰে?
(১) গধুৰ প্ৰবাহ বা প্ৰস্ৰাৱ ধৰি ৰখাৰ অভ্যাস
কেতিয়াবা বহু সময় ধৰি প্ৰস্ৰাৱ ধৰি ৰখাৰ পিছত একেলগে প্ৰচণ্ড ধাৰা এটাৰে ওলাই আহে, যাৰ ফলত ফেন গঠন হয়। কিন্তু এই ফেন বেছি সময় নাথাকে , এই অৱস্থা সাময়িক আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়। কিন্তু যিটো ফেন বৃহৎ পৰিমাণে গঠন হয় আৰু সঘনাই হয় আৰু কোপোৰ ধোৱা পাউডাৰৰ দ্ৰৱৰ দৰে দেখা যায়, সেইটো সহজভাৱে ল’ব নালাগে।
(২) প্ৰস্ৰাৱত প্ৰটিন ইউৰিয়া এক গুৰুতৰ লক্ষণ
যদি প্ৰস্ৰাৱত সঘনাই ফেন ওলায় তেন্তে ইয়াত প্ৰটিনৰ পৰিমাণ অস্বাভাৱিকভাৱে বেছি হোৱাৰ লক্ষণ হয়। এই অৱস্থাক প্ৰটিন ইউৰিয়া বুলি কোৱা হয় আৰু ই বৃক্কৰ ক্ষতিৰ ইংগিত দিয়ে।
(৩) বৃক্ক সম্পৰ্কীয় গৱেষণা
নেচনেল কিডনী ফাউণ্ডেচনৰ তথ্য অনুসৰি সুস্থ বৃক্কই প্ৰটিন ফিল্টাৰ কৰি শৰীৰত ৰাখে। কিন্তু যেতিয়া কিডনীৰ ক্ষতি হয় তেতিয়া ই প্ৰস্ৰাৱৰ জৰিয়তে প্ৰটিন নিৰ্গত কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত প্ৰস্ৰাৱ ফেনযুক্ত হয় – ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ ৰোগীৰ ক্ষেত্ৰতো দেখা পোৱা যায়।
প্ৰটিন ওলাই গৈ থাকিলে মানুহজন দুৰ্বল হ'য়, বয়স বাঢ়ি আহে আৰু চুলি সৰিব ধৰে। ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হোৱা দেখা যায়।
( ৪) শৰীৰত পানীৰ অভাৱ: শৰীৰত পানীৰ অভাৱৰ বাবে প্ৰস্ৰাৱ অধিক ঘন হৈ পৰে, যাৰ ফলত ইয়াত ফেন গঠন হ’ব পাৰে। ডাঠ প্ৰস্ৰাৱত অধিক পৰিমাণে ইউৰিয়া আৰু অন্যান্য দ্ৰৱীভূত পদাৰ্থ থাকে, যাৰ ফলত ফেনৰ দৰে প্ৰভাৱ পৰে। এনে সমস্যা সদায় নহয়।
(৫) প্ৰস্ৰাৱৰ সংক্ৰমণ (UTI)
প্ৰস্ৰাৱৰ সংক্ৰমণৰ সময়ত প্ৰস্ৰাৱত বেক্টেৰিয়া আৰু শ্বেত ৰক্তকণিকা থাকিব পাৰে, যিয়ে ফেন সৃষ্টি কৰে। ইয়াৰ লগতে প্ৰস্ৰাৱত জ্বলা-পোৰা, দুৰ্গন্ধ আৰু সঘনাই প্ৰস্ৰাৱ কৰা আদি লক্ষণো দেখা যায়।
(৬) উচ্চ প্ৰটিনযুক্ত খাদ্য বা পৰিপূৰক
ফিটনেছ সচেতন লোকসকলে প্ৰায়ে উচ্চ প্ৰটিনযুক্ত খাদ্যৰ ফালে মুখ কৰে বা পৰিপূৰক গ্ৰহণ কৰে। যদি শৰীৰে প্ৰ’টিনক সঠিকভাৱে প্ৰক্ৰিয়াকৰণ কৰিব নোৱাৰে তেন্তে ই প্ৰস্ৰাৱৰ জৰিয়তে ওলাই আহিবলৈ আৰম্ভ কৰে আৰু ফেন গঠন কৰে। এনে ক্ষেত্ৰত বৃক্ষ আৰু লিভাৰ সমস্যাত ভোগা দেখা যায়। উচ্চ প্ৰ'টিন, সদায় মাছ-মাংস বা চৰ্বি জাতীয় খাদ্য খোৱাৰ ফলতো বৃক্ক আৰু যকৃতৰ গুৰুতৰ ক্ষতি হয়।
কোনবোৰ মানুহৰ বিপদ বেছি?
(১) ডায়েবেটিছ বা উচ্চ ৰক্তচাপত আক্ৰান্ত লোক
(২) প্ৰটিনৰ পৰিপূৰক গ্ৰহণ কৰা জিমলৈ যোৱা যুৱক-যুৱতীসকল।
(৪) কম পানী খোৱা লোক।
(৫) যিসকলৰ পাৰিবাৰিক ইতিহাসত বৃক্কৰ ৰোগ আছে
(৬) গৰ্ভৱতী মহিলা (গৰ্ভাৱস্থাত কেতিয়াবা প্ৰটিন ইউৰিয়া দেখা যায়)
(৭) মাদক দ্ৰব্যৰ ব্যৱহাৰ কৰা সকলৰ।
প্ৰতিৰোধমূলক ব্যৱস্থা :
(১) নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰক
(২) দৈনিক যোগাসন আৰু ব্যায়াম কৰক
(৩) অতিৰিক্ত নিমখ, সদায় মাংস -কণি খোৱা, চৰ্বি, তেল,পেকেটত ভৰোৱা খাদ্য পৰিহাৰ কৰক
(৪) ভজা আৰু প্ৰটিনযুক্ত খাদ্যৰ পৰিমাণ সীমিত কৰক
প্ৰস্ৰাৱত মাজে মাজে ফেন দেখা পোৱাটো স্বাভাৱিক হ’ব পাৰে। কিন্তু যেতিয়া ই সদায় দেখা দিয়ে তেতিয়া সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। ই আপোনাৰ বৃক্কৰ স্বাস্থ্যৰ লক্ষণ হ’ব পাৰে বা শৰীৰত প্ৰ’টিনৰ ভাৰসাম্যহীনতা হ’ব পাৰে। সঠিক সময়ত পৰীক্ষা কৰি জীৱনশৈলীৰ উন্নতি সাধন কৰি এই সমস্যা সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব পাৰি। যদি ফেনৰ লগত হাত-ভৰি ফুলা, বিষ, ভাগৰ বা উচ্চ ৰক্তচাপ থাকে তেন্তে লগে লগে নেফ্ৰ’লজিষ্টৰ পৰামৰ্শ ল’ব লাগে।