মৃত ব্যক্তিৰ ছবি ঘৰৰ ক'ত ৰাখিব লাগে? বাস্তুৰ নিয়ম জানিবলৈ পঢ়িব।
( অপূৰ্ব দাস )
হিন্দু ধৰ্মত পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হ’লে তেওঁৰ স্মৃতিত তেওঁৰ ফটোত ফুলৰ মালা লগোৱাৰ পৰম্পৰা আছে। বহুতে এই ছবিবোৰ ঘৰৰ যিকোনো ঠাইতে ৰাখে, কিন্তু বাস্তু শাস্ত্ৰৰ মতে তেনে কৰাটো সঠিক বুলি গণ্য কৰা নহয়।
বাস্তু শাস্ত্ৰত পূৰ্বপুৰুষৰ ছবি স্থাপনৰ বাবে কিছুমান বিশেষ নিয়ম দিয়া হৈছে, যিবোৰ মানি চলাটো প্ৰয়োজনীয়। এই নিয়মবোৰক আওকাণ কৰিলে ঘৰৰ পৰিবেশত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত ঘৰতে মানসিক চাপ, আৰ্থিক সমস্যা আৰু পাৰিবাৰিক বিসংগতি আদি সমস্যাৰ সৃষ্টি হ’য় । বাস্তু শাস্ত্ৰৰ মতে পূৰ্বপুৰুষৰ ছবি সঠিক স্থানত ৰখাটো অতি প্ৰয়োজনীয় কাৰণ ই কেৱল ঘৰৰ শক্তিৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয় পৰিয়ালৰ সদস্যৰ মানসিক অৱস্থা আৰু জীৱনতো প্ৰভাৱ পেলায়।
(১) জীৱিত সদস্যৰ সৈতে পূৰ্বপুৰুষৰ ফটো নাৰাখিব
বাস্তু শাস্ত্ৰৰ মতে জীৱিত ব্যক্তিৰ ফটো যদি পূৰ্বপুৰুষৰ ফটোৰ সৈতে ৰখা হয় তেন্তে ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে । বিশ্বাস কৰা হয় যে ইয়াৰ ফলত ব্যক্তিজনৰ বয়সত প্ৰভাৱ পৰে আৰু তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে।
(২) দৃশ্যমান ঠাইত ছবি নাৰাখিব
পূৰ্বপুৰুষৰ ফটো এনে ঠাইত ৰাখিব নালাগে, য’ত মানুহে সঘনাই দেখা পায়, যেনে মূল দুৱাৰত বা বহা কোঠাৰ বেৰত। এই ছবিবোৰ বাৰে বাৰে দেখাৰ ফলত মানসিক হতাশাৰ সৃষ্টি হ’য়। যাৰ বাবে এজন ব্যক্তিয়ে নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰে আৰু তেওঁৰ মনটোত দুঃচিন্তা ভৰি পৰে।
(৩) ঘৰৰ মাজত ছবি নাৰাখিব
বাস্তু শাস্ত্ৰত কোৱা হৈছে যে ঘৰৰ মাজত পূৰ্বপুৰুষৰ ছবি ৰাখিব নালাগে। তেনে কৰিলে ঘৰুৱা পৰিৱেশত নেতিবাচক শক্তি বিয়পি পৰে আৰু পৰিয়ালৰ কোনো সদস্যৰ মৰ্যাদা হ্ৰাস পাব পাৰে। ইয়াৰ বাহিৰেও ই বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
(৪) মন্দিৰ ত ৰখা উচিত নে?
কিছুমানে মৃত ব্যক্তিৰ ছবি মন্দিৰতো ৰাখে। এনে কৰা উচিত নহয়। মৃত ব্যক্তিক সদায় বেলেকৈ ৰাখিব লাগে। আপুনি যদি মৃত ব্যক্তি জনক ভগৱান বুলি ভাবি পূজা অৰ্চনা কৰে তাতেও ভগৱানৰ দৰে আশীৰ্বাদ লাভ কৰে আৰু ঘৰৰ পৰা অশুভ শক্তি আঁতৰাই পঠিয়ায়। ইয়াৰ বাবে পৃথককৈ মন্দিৰৰ নিচিনা ঘৰ দক্ষিণ বা পশ্চিম দিশত সজা উচিত। মৃত ব্যক্তিক সদায় বগা ৰঙৰ ফুলেৰে পূজা কৰা উচিত।
(৪) ফটোবোৰ সঠিক ঠাইত ৰাখক
ঘৰৰ দক্ষিণ-পশ্চিম বা পশ্চিম বেৰত সদায় পূৰ্বপুৰুষৰ ফটো ৰাখিব লাগে। এই ঠাইখন শুভ বুলি গণ্য কৰা হয় আৰু ইয়াত ফটো ৰখাৰ ফলত পূৰ্বপুৰুষৰ আশীৰ্বাদ পৰিয়ালটোৰ ওপৰত থাকে । ইয়াৰ লগতে ফটোবোৰ চাফা কৰাটোও গুৰুত্বপূৰ্ণ। এই ছবিবোৰ সদায় পৰিষ্কাৰ আৰু ধূলিমুক্ত কৰি ৰাখিব লাগে, যাতে ঋণাত্মক শক্তিৰ পৰা হাত সাৰিব পাৰি আৰু ঘৰত ধনাত্মকতা আঁতৰি যায়।