( অপূৰ্ব দাস )
লিভাৰ বা যকৃতৰ কৰ্কট ৰোগ অতি বিপজ্জনক। সময়ত লক্ষণসমূহৰ প্ৰতি গুৰুত্ব নিদিলে অৱস্থাটো গুৰুতৰ হ’ব পাৰে। লিভাৰ কেন্সাৰৰ প্ৰধান কাৰণ হৈছে বেয়া জীৱনশৈলী আৰু ভুল খাদ্য খোৱা । লিভাৰ কেন্সাৰৰ লক্ষণ কি আৰু ইয়াক কেনেকৈ জানিব পাৰি তলত উল্লেখ কৰা হ'ল -
যোৱা কেইবছৰমানৰ পৰা লিভাৰ কেন্সাৰৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। যকৃতৰ কৰ্কট ৰোগ হ’ল যকৃতৰ কোষবোৰ দ্ৰুতগতিত বৃদ্ধি হৈ যকৃতত টিউমাৰ গঠন হোৱা অৱস্থা। যকৃতে তেজৰ পৰা বিষাক্ত পদাৰ্থ দূৰ কৰাত আটাইতকৈ বেছি সহায় কৰে, আমাৰ শৰীৰত প্ৰয়োজনীয় প্ৰটিন আৰু হজম শক্তি তৈয়াৰ কৰে।
যকৃতৰ কৰ্কট ৰোগ হ’লে স্বাভাৱিক যকৃতৰ কোষবোৰৰ পৰিৱৰ্তন ঘটি অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। যাৰ বাবে যকৃতৰ কাম কৰাৰ ক্ষমতা কমি যায়। কেন্সাৰ বাঢ়ি অহাৰ লগে লগে লিভাৰে তেজ ফিল্টাৰ কৰাৰ, শৰীৰ বিষমুক্ত কৰাৰ, খাদ্য হজম কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। যাৰ বাবে এই লক্ষণসমূহ শৰীৰত দেখা যায়।
কেতিয়াবা যকৃতৰ কৰ্কট ৰোগ আগতীয়াকৈ ধৰা পেলোৱাটো কঠিন হ’ব পাৰে। কাৰণ প্ৰায়ে কিছুমান লক্ষণ সহজে দেখা নাযায়, যেতিয়া অতি গুৰুতৰ অৱস্থা হ'বলৈ আৰম্ভ কৰে তেতিয়া কিছুমান লক্ষণ দেখা যায় । কিন্তু শৰীৰত ঘটি থকা সৰু সৰু পৰিৱৰ্তনৰ পৰাই প্ৰাৰম্ভিক লক্ষণসমূহ বুজিব পাৰি আৰু চিকিৎসকৰ পৰা পৰামৰ্শ ল’ব পাৰি।
লিভাৰ কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ কেনেধৰণৰ জানো আহক-
লিভাৰ কেন্সাৰৰ লক্ষণ :
(১) অস্পষ্টভাৱে ওজন কমি যোৱা: কোনো বেমাৰ নোহোৱাকৈ, খাদ্য আৰু ব্যায়াম নকৰাকৈ যদি আপোনাৰ ওজন হঠাতে কমি আহিছে, তেন্তে লিভাৰত ঘটা সমস্যাৰ বাবেই এনে হ’ব পাৰে। ইয়াক যকৃতৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ বুলি ধৰিব পাৰি।
(২) ভোক কমি যোৱা : খাদ্য খোৱাৰ প্ৰতি বিশেষ আগ্ৰহ নথকা বা পেট ভৰি থকা অনুভৱ হোৱা, কম খোৱাৰ পিছতো সোনকালে পূৰ্ণ অনুভৱ কৰাটো যকৃতৰ লগত জড়িত সমস্যাৰ লক্ষণ। লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।
(৩) পেটৰ ওপৰৰ সোঁফালৰ বিষ: যদি সোঁফালে থকা পেটত প্ৰায়ে বিষ হয় আৰু তাৰ লগতে কিছু অস্বস্তি অনুভৱ হয়, তেন্তে এইটো যকৃতৰ লগত জড়িত ৰোগৰ লক্ষণ হ’ব পাৰে।
(৪) বমি বমি ভাব বা বহি হৈ থকা : কোনো কাৰণ নোহোৱাকৈ বাৰে বাৰে বমি হোৱা বা বমি বমি লগা যকৃতৰ সমস্যা হ’ব পাৰে। ইয়াৰ লগত লিভাৰ কেন্সাৰৰো সম্পৰ্ক থাকিব পাৰে।
(৫) প্ৰস্ৰাৱৰ গাঢ় ৰং: যদি আপুনি অনবৰতে শৌচ আৰু প্ৰস্ৰাৱৰ ৰঙৰ পৰিৱৰ্তন অনুভৱ কৰে তেন্তে সাৱধান হওঁক। যদিহে প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া হৈ পৰে আৰু সৌচৰ ৰং ক'লা যেন লাগে তেন্তে ই যকৃতৰ লগত জড়িত কোনো ৰোগৰ সতৰ্কবাণী।
(৬) জ্বৰ আৰু শেঁতা: শৰীৰত জ্বৰ জ্বৰ ভাব থকাটোও যকৃতৰ কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে। ছাল হালধীয়া হোৱা, চকু হালধীয়া হোৱা বা জণ্ডিচ লিভাৰৰ লগত জড়িত। গতিকে কোনো অৱহেলা নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ ল'ব।
(৭) পেট ফুলা : কিছুমান মানুহৰ পেট ফুলাৰ সমস্যা হয়। এনে লাগে যেন পেটত কিছু গধুৰতা আছে। পেটত ফুলাৰ বাবে এনে হ’ব পাৰে। পেট বৃদ্ধি বা মেদবহুলতা যকৃত বৃদ্ধি হোৱাৰ লক্ষণ।
(৮) অনবৰতে ভাগৰ আৰু দুৰ্বলতা:
যদিহে ভাল খাদ্য খোৱাৰ পিছতো আৰু টোপনি সঠিক পৰিমাণে লোৱাৰ পিছতো যদি ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰে তেন্তে দেহত কলেষ্টেৰল বৃদ্ধি হোৱাৰ সংকেট, এই কলেষ্টেৰলৰ ফলত হাই প্ৰেচাৰ, ডায়েবেটিচ, নাৰ্ভৰ সমস্যা, হৃদযন্ত্ৰৰ ৰোগ আৰু লিভাৰৰ ৰোগ বা লিভাৰ কৰ্কট ৰোগৰো আগতিয়া সংকেট হ'ব পাৰে। সেয়েহে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।