Good Assam is a Multi Language New E-Magazine and a Digital Media. Every day you can read Health News , Vastu tips , Various types of articles , Stories , Novels and more. If you would like to publish your article, please send us a message in the message box of our Facebook Page or send your article to us by email. Our e-mail : goodassam@hotmail.com || Want to promote your advertise in Good Assam? Please contact us. Good Assam now Available on Facebook Instagram and YouTube. Good Assam এখনি নতুন ই-আলোচনী আৰু এটি Digital সংবাদ মাধ্যম। প্ৰতিদিনে পঢ়িবলৈ পাব স্বাস্থ্য বাৰ্তা , বাস্তু-কিটিপ , বিভিন্ন ধৰণৰ লিখনিৰ লগতে গল্প ,উপন্যাস আৰু বহুতো। যদি আপোনাৰো লিখনি প্ৰকাশ কৰিব বিচাৰে তেন্তে আমাৰ ফেচবুক পেজখনৰ মেচেজ বক্সত বাৰ্তা প্ৰেৰণ কৰিব নাইবা আমাৰ ইমেইল যোগে আপোনাৰ লিখনি পঠিয়াব পাৰে। আমাৰ ই-মেইল ID - goodassam@hotmail.com ◾ Good Assam বৰ্তমান উপলব্ধ - Facebook & Instagram: GoodAssam24 আৰু YouTube : @GoodAssam24 ◾ Website : www.GoodAssam24.in ◾গুড অসমত আপোনাৰ বিজ্ঞাপন প্ৰচাৰ কৰিব বিচাৰে নেকি? আমাৰ সৈতে যোগাযোগ কৰিব।

Type Here to Get Search Results !

Traffic Star

Mandiad

Atomic Image Slider & Breking News

Breaking

Monetag Ad

Slider Menu

Slider Menu

সাৱধান ! কম বয়সতো উচ্চ ইউৰিক এচিড বাঢ়িব পাৰে, যাৰ ফলত বৃক্কত পাথৰ আৰু আগলৈ ডায়েবেটিচ হয়

সাৱধান ! কম বয়সতো উচ্চ ইউৰিক এচিড বাঢ়িব পাৰে, যাৰ ফলত বৃক্কত পাথৰ আৰু আগলৈ ডায়েবেটিচ হয়। 


( অপূৰ্ব দাস )

যেতিয়া শৰীৰত ইউৰিক এচিড অতিৰিক্তভাৱে গঠন হ’বলৈ আৰম্ভ কৰে আৰু যদি বৃক্কই ইয়াক ফলপ্ৰসূভাৱে আঁতৰাব নোৱাৰে তেতিয়া ই তেজত জমা হ’বলৈ আৰম্ভ কৰে আৰু এই অৱস্থাক হাই ইউৰিক এচিড বা হাইপাৰ ইউৰিচেমিয়া বোলা হয়।


ইউৰিক এচিড হৈছে পিউৰিন নামৰ পদাৰ্থৰ বিভাজনৰ ফলত শৰীৰত গঠিত এক প্ৰাকৃতিক যৌগ। আমাৰ শৰীৰৰ কোষ আৰু কিছুমান খাদ্যত পিউৰিন থাকে। 


 

স্বাভাৱিক পৰিস্থিতিত ইউৰিক এচিড তেজত দ্ৰৱীভূত হৈ বৃক্কৰ জৰিয়তে প্ৰস্ৰাৱেৰে নিৰ্গত হয়। কিন্তু যেতিয়া শৰীৰত অতিৰিক্তভাৱে ইউৰিক এচিড গঠন হ’বলৈ আৰম্ভ কৰে বা বৃক্কই ইয়াক ফলপ্ৰসূভাৱে আঁতৰাব নোৱাৰে তেতিয়া ই তেজত জমা হ’বলৈ আৰম্ভ কৰে আৰু এই অৱস্থাক হাই ইউৰিক এচিড বা হাইপাৰ ইউৰিচেমিয়া বুলি কোৱা হয়।

এনে পৰিস্থিতিত পি এছ আৰ আই হাস্পতালৰ ইউৰ’লজীৰ সহযোগী সঞ্চালক ডাঃ প্ৰশান্ত জৈনে কৈছে ইউৰিক এচিড কেনেকৈ প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি?







ইউৰিক এচিডৰ মাত্ৰা অধিক হ’লে বৃক্কত বেয়া প্ৰভাৱ পৰে।
দীৰ্ঘ সময়ৰ বাবে ইউৰিক এচিডৰ মাত্ৰা অধিক হ’লে বৃক্কত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। যেতিয়া ইউৰিক এচিড শৰীৰত বৃহৎ পৰিমাণে জমা হয় তেতিয়া ই বৃক্কত সৰু সৰু স্ফটিক গঠন কৰিব ধৰে। এই স্ফটিকবোৰে ক্ৰমান্বয়ে বৃক্কৰ কাৰ্য্যকলাপত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে আৰু বৃক্কত পাথৰ, প্ৰদাহ বা গুৰুতৰ ক্ষেত্ৰত আনকি বৃক্ক বিকল হ’ব পাৰে। ইয়াৰ বাহিৰেও যিসকলৰ ইতিমধ্যে বৃক্কৰ কোনো সমস্যা আছে তেওঁলোকৰ বাবে উচ্চ ইউৰিক এচিড আৰু অধিক বিপজ্জনক বুলি প্ৰমাণিত ।


যদি আপোনাৰ প্ৰস্ৰাৱ কৰাৰ সময়ত গাঁঠিৰ বিষ, ভৰি বা গোৰোহা ফুলা, ভৰিৰ তলি জ্বলা-পোৰা আদি সঘনাই সমস্যা হয়, তেন্তে ইয়াক আওকাণ নকৰিব। এই লক্ষণসমূহ উচ্চ ইউৰিক এচিডৰ লক্ষণ হ’ব পাৰে। এনে পৰিস্থিতিত ইউৰিক এচিডৰ মাত্ৰা জানিবলৈ তেজৰ পৰীক্ষা কৰি চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।


ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাৰ উপায় :

(১) প্ৰচুৰ পৰিমাণে পানী খাব লাগে: 

ঔষধৰ লগতে কিছুমান প্ৰাকৃতিক উপায়ো এই সমস্যা নিয়ন্ত্ৰণত অতি ফলপ্ৰসূ। প্ৰথম পদক্ষেপটো হ’ল পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা। পানী খালে শৰীৰৰ পৰা ইউৰিক এচিড ওলাই যোৱাত সহায় কৰে। দিনটোৰ ভিতৰত কমেও ৮-১০ গিলাচ পানী খাব লাগে। 

(২) উচ্চ পিউৰিনযুক্ত খাদ্য পৰিহাৰ কৰক: 

ইয়াৰ উপৰিও উচ্চ পিউৰিনযুক্ত খাদ্য যেনে ৰঙা মাংস, গাহৰি মাংস, তেলাল মাছ, বিয়েৰ, বুটৰ দাইল, মাছৰুম, ৰিফাইন তেল, গাখীৰ আদি পৰিহাৰ কৰক। তাৰ পৰিৱৰ্তে আঁহযুক্ত ফল-মূল, যেনে লাই শাক,পানী লাউ, অমিতা, কল পচলা, খাৰ, বিলাহী, আপেল আৰু চেৰী আদি খাদ্যত অন্তৰ্ভুক্ত কৰক। 

( মনত ৰাখিব: পালেং শাক, ৰঙালাউ পকা কল পৰিহাৰ কৰিব। )

(৩) চেনি আৰু মদ পৰিহাৰ কৰক: 

চেনি আৰু এলক’হল সেৱনে ইউৰিক এচিডৰ মাত্ৰাও বৃদ্ধি কৰে , গতিকে ইয়াৰ সেৱন সীমিত কৰক। ওজন বজাই ৰখাটোও অতি প্ৰয়োজনীয়, কাৰণ মেদবহুলতাই ইউৰিক এচিড বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লঘু ব্যায়াম আৰু যোগাসনেও শৰীৰৰ বিপাকীয় ক্ৰিয়া উন্নত কৰাত সহায় কৰে, যাৰ ফলত ইউৰিক এচিড নিয়ন্ত্ৰণত থাকে। ইউৰিক এচিড বাঢ়িলে অগ্নাশয়ৰো ক্ষতি কৰে যাৰ ফলত ডায়েবেটিচ ৰোগ হ'বলৈ আৰম্ভ কৰে।

সামগ্ৰিকভাৱে উচ্চ ইউৰিক এচিড এটা গুৰুতৰ কিন্তু ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি । অলপ কষ্ট বা ব্যায়াম, খাদ্য বাচি খোৱা , নিয়মীয়া পৰীক্ষা আৰু সুষম জীৱনশৈলীৰ দ্বাৰা ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাই নহয় দীৰ্ঘদিন ধৰি বৃক্ক, লিভাৰ আৰু অগ্নাশয় সুস্থ কৰি ৰাখিব পাৰি।






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Language Selection